আগৰতলা, 20 জুন: আগৰতলাত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা ৷ গ্ৰাহকৰ প্ৰহাৰত প্ৰাণ গ'ল এগৰাকী মাংস বিক্ৰেতাৰ ৷ আগৰতলাৰ ৰাম নগৰ আৰক্ষী থানাৰ অন্তৰ্গত কালিকাপুৰৰ এগৰাকী মাংস বিক্ৰেতাই 12 জুন তাৰিখে মাংস বিক্ৰী কৰি থকাৰ সময়তে এগৰাকী গ্ৰাহকে সামান্য কথাতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, 45 বছৰীয়া সমীৰ দাস নামৰ মাংস বিক্ৰেতাগৰাকীৰ দোকানত গ্ৰাহকৰ ভিৰ হৈ থকা সময়তে চিমুল দাস নামৰ এজন লোকে মাংস ক্ৰয় কৰাৰ বাবে দোকানত উপস্থিত হয় ৷ বিক্ৰেতা সমীৰ দাসে চিমুল দাসক অলপ সময় অপেক্ষা কৰিবলৈ কোৱাৰ লগে লগে ক্ষোভিত হৈ পৰে চিমুল দাস ৷
![Meat seller killed by customer at tripura](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12197433_trp.jpg)
দুয়োৰে মাজত হোৱা বাত-বিতণ্ডাই চৰম সীমা অতিক্ৰম কৰাৰ পাচতে চিমুল দাসে মাংস বিক্ৰেতা সমীৰ দাসক উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ যাৰ ফলত গুৰুতৰভাৱে আহত হয় সমীৰ দাস ৷ ঘটনাস্থলীত থকা স্থানীয় লোকে সমীৰ দাসক মূমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰি আইজিএম হাস্পতালত ভৰ্তি কৰাই যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে দাসক জিবিপি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু চিকিৎসাধীন অৱস্থাতে শনিবাৰে মৃত্যুক আঁকোৱালি লয় মাংস বিক্ৰেতা সমীৰ দাসে ৷
![Meat seller killed by customer at tripura](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12197433_trp-2.jpg)
ইফালে এই ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত চিমুল দাসে ৷ এই ঘটনাৰ পাচতে সমীৰ দাসৰ পৰিয়ালৰ লোকে আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে যদিও মূল অভিযুক্তক আটক কৰিব পৰা নাই ৷ তদন্তকাৰী বিষয়াই জনোৱা মতে, ঘটনা সন্দৰ্ভত অনুসন্ধান প্ৰক্ৰিয়া অধিক তীব্ৰতৰ কৰা হৈছে ৷ পৰিয়ালৰ লোকক অতি সোনকালে অভিযুক্তক আটক কৰি উচিত শাস্তি প্ৰদানৰ আশ্বাস দিছে বিষয়াগৰাকীয়ে ৷
লগতে পঢ়ক: অভয়াখুটিৰ দুই নাবালিকা ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী
আনহাতে, সমীৰ দাসৰ জ্যেষ্ঠ ভাতৃয়ে জনোৱা মতে, কোনো কাৰণ নোহোৱাকৈয়ে ভায়েক সমীৰকক হত্যা কৰা হৈছে ৷ মাথো শাৰী পাতি অলপ সময় অপেক্ষা কৰিবলৈ কোৱাৰ অপৰাধতে ভায়েকক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে জ্যেষ্ঠ ভাতৃয়ে ৷ পৰিয়ালৰ প্ৰশ্ন, "দোকানখনলৈ আগতে অহা গ্ৰাহকসকলক সেৱা আগবঢ়োৱাটোৱে অপৰাধ আছিল নেকি সমীৰ দাসৰ ? কেনেকৈ এনেদৰে কোনো কাৰণ নোহোৱাকৈ মানুহে মানুহক হত্যা কৰিব পাৰে ? আমি ন্যায় বিচাৰো"।
লগতে পঢ়ক: হোজাই আৰক্ষীৰ জালত তিনি প্ৰৱঞ্চক