ETV Bharat / bharat

Fire broke out near Vaishno Devi forest : বৈষ্ণো দেৱী মন্দিৰৰ সমীপত ভয়ংকৰ বনজুই - বৈষ্ণো দেৱী মন্দিৰৰ সমীপত ভয়ংকৰ বনজুই

ত্ৰিকুটা পৰ্বতমালাত থকা বৈষ্ণো দেৱী মন্দিৰৰ সমীপত বনজুই (Fire broke out near Vaishno Devi temple) । অগ্নিকাণ্ডৰ ফলত ভক্তসকলৰ মন্দিৰ যাত্ৰাত কোনো প্ৰভাৱ পৰা নাই । সম্প্ৰতি নিয়ন্ত্ৰণলৈ আহিছে এই বনজুই ।

Vaishno Devi Trikuta forest fire
শক্তিপীঠ বৈষ্ণো দেৱী মন্দিৰৰ সমীপত ভয়ংকৰ বনজুই
author img

By

Published : Dec 22, 2021, 1:46 PM IST

নেশ্যনেল ডেস্ক, ২২ ডিচেম্বৰ : জম্মু-কাশ্মীৰস্থিত বিখ্যাত শক্তিপীঠ বৈষ্ণো দেৱী মন্দিৰৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড (Fire broke out near vaishno devi temple)। মঙলবাৰে নিশা ত্ৰিকুটা পৰ্বতমালাত সংঘটিত বনজুই এক বিস্তীৰ্ণ অঞ্চললৈ বিয়পি পৰে । অৱশ্যে ইয়াৰ ফলত ভক্তসকলৰ মন্দিৰ যাত্ৰাত কোনো প্ৰভাৱ পৰা নাই ।

মন্দিৰৰ শ্ৰাইন ব'ৰ্ড আৰু বন বিভাগে জনোৱা মতে, সম্প্ৰতি এই জুই নিয়ন্ত্ৰণলৈ আহিছে । সৌভাগ্যক্ৰমে এই জুইৰ ফলত কোনো লোকৰ ক্ষয়-ক্ষতি হোৱা নাই । কিন্তু বনজুইৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

  • J&K | A massive fire that broke out in Vaishno Devi Shrine forest area on Tuesday has been brought under control. The yatra to the temple remained unaffected: Shri Mata Vaishno Devi Shrine Board pic.twitter.com/gumO97D7Kp

    — ANI (@ANI) December 22, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লক্ষণীয়ভাৱে বৈষ্ণো দেৱী মন্দিৰৰ ত্ৰিকুটা পৰ্বতমালাত এনে ধৰণৰ বনজুইৰ ঘটনা এয়াই প্ৰথম নহয় । ২০২১ চনৰ জুন মাহতো মন্দিৰৰ যাত্ৰা পথত এনে ধৰণৰ বনজুই দেখিবলৈ পোৱা গৈছিল ৷ যাৰ বাবে মন্দিৰলৈ যোৱা পথ বন্ধ কৰি দিয়া হৈছিল ।

উল্লেখ্য যে, বছৰৰ সকলো সময়তে বৈষ্ণো দেৱী মন্দিৰলৈ ভক্তৰ আগমন ঘটে । কিন্তু শীতকালত ভক্তৰ সংখ্যা কিছু বৃদ্ধি পায় । শ্ৰাইন ব'ৰ্ডে জনোৱা মতে, এই বছৰ ডিচেম্বৰলৈ মন্দিৰ দৰ্শনৰ বাবে ৫০ লাখতকৈও অধিক ভক্তৰ আগমন ঘটিছে ।

লগতে পঢ়ক : Fuel rates remain unchanged : মঙলবাৰে অপৰিৱৰ্তিত হৈ আছে পেট্ৰ'ল-ডিজেলৰ মূল্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.