ETV Bharat / bharat

উত্তৰ প্ৰদেশত ধান ব্যৱসায়ীৰ নিৰ্যাতনৰ বলি হ'ল এগৰাকী মহিলা - ধান ব্যৱসায়ীৰ নিৰ্যাতন

উত্তৰ প্ৰদেশৰ ভাড'হীত ধান ব্য়ৱসায়ীয়ে ধৰ্ষণ কৰিলে এগৰাকী বিবাহিতা মহিলাক । এই ঘটনাৰ পিছতে অভিযোগ দাখিলৰ বাবে নিৰ্যাতিতাই স্বামীৰ সৈতে আৰক্ষী থানালৈ গৈছিল । কিন্তু আৰক্ষী বিষয়াই অভিযোগ পত্ৰ ফালি পেলোৱাৰ লগতে দুয়োকে থানাৰ পৰা খেদি পঠিয়ায় বুলি অভিযোগ উত্থাপন কৰিছে নিৰ্যাতিতাই ।

উত্তৰ প্ৰদেশত ধান ব্যৱসায়ীৰ নিৰ্যাতনৰ বলি হ'ল এগৰাকী মহিলা

author img

By

Published : Mar 5, 2021, 7:25 PM IST

নেশ্যনেল ডেস্ক, ৫ মাৰ্চ: উত্তৰ প্ৰদেশত পুনৰ সংঘটিত হ'ল ধৰ্ষণৰ ঘটনা । ৰাজ্যখনৰ ভাড'হীৰ ঔৰাই অঞ্চলত এগৰাকী বিবাহিতা মহিলাক এজন ধান ব্যৱসায়ীয়ে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে । শুক্ৰবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ৩০ বছৰীয়া মহিলাগৰাকীয়ে বড়ে লাল বিন্দ নামৰ ধান ব্যৱসায়ীজনৰ পৰা ধান বিক্ৰীৰ বাবদ পাবলগীয়া ধন আনিবলৈ গৈছিল আৰু তেতিয়াই ব্যৱসায়ীজনে নিৰ্যাতন চলায় ।

বৰ্তমান অভিযুক্তজন পলাতক অৱস্থাত আছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে । আনহাতে, এই সন্দৰ্ভত মহিলাগৰাকীয়ে বিপৰীত ভাষ্য প্ৰদান কৰিছে । মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে, ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ পিছতে লিখিত অভিযোগ দাখিলৰ বাবে তেওঁ স্বামীৰ সৈতে আৰক্ষী থানালৈ গৈছিল । কিন্তু আৰক্ষীয়ে নিৰ্যাতিতাৰ অভিযোগৰ প্ৰতি গুৰুত্ব নিদিয়ে আৰু অভিযোগ পত্ৰ ফালি পেলায় ।

লগতে দুয়োকে থানাৰ পৰা খেদি পঠিয়ায় । পিছত তেওঁ ভাড'হীৰ আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি ন্যায় প্ৰদানৰ বাবে অনুৰোধ জনাইছিল । ইয়াৰ পিছতে বৃহস্পতিবাৰে এক গোচৰ ৰুজু কৰা হয় । ভাড'হীৰ আৰক্ষী অধীক্ষক ৰাম বদন সিঙে কয় যে, নিৰ্যাতিতাৰ স্বামীয়ে বড়ে লাল বিন্দক ধান বিক্ৰী কৰিছিল । নিৰ্যাতিতাই ১৫ দিনৰ আগতে ধান বিক্ৰী কৰাৰ বাবদ পাবলগীয়া ধন আনিবলৈ বড়ে লাল বিন্দৰ ঘৰলৈ গৈছিল ।

মহিলাগৰাকীৰ অভিযোগ মতে, বড়ে লাল বিন্দে তেওঁক ঘৰৰ ভিতৰত সুমুৱাই দৰ্জা বন্ধ কৰি দিয়ে আৰু ধৰ্ষণ কাণ্ড সংঘটিত কৰে । লগতে এই কথা আনক ক'লে প্ৰাণে মৰাৰো বাবুকি দিয়ে । ইফালে, ভাৰপ্ৰাপ্ত পৰিদৰ্শক শ্ৰীকান্ত ৰায়ে শুক্ৰবাৰে কয় যে, অভিযুক্ত বড়ে লাল বিন্দৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে আৰু মহিলাগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । লগতে পলাতক ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ চেষ্টা অব্যাহত আছে বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক:নিৰ্বাপিত হ'ল বাংগালুৰুৰ বেল্লানদুৰ হ্ৰদৰ সমীপৰ জুই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.