ETV Bharat / bharat

মাৰ্কোছে উদ্ধাৰ কৰিলে সন্ধানহীন কামাণ্ডো কেপ্টেইন অংকিত গুপ্তাক - কামাণ্ডো

7 জানুৱাৰীত এক নিয়মীয়া অনুশীলনৰ সময়ত হেলিকপ্টাৰৰ পৰা জপিওৱাৰ পিচতেই সন্ধানহীন হৈছিল স্থলসেনাৰ 10 পেৰা বিশেষ বাহিনীৰ কামাণ্ডো, কেপ্টেইন অংকিত গুপ্তা ৷ 12 জানুৱাৰীত নৌ-সেনাৰ মাৰ্কোছ বিশেষ বাহিনীয়ে উদ্ধাৰ কৰে কেপ্টেইন অংকিতৰ মৃতদেহ ৷

মাৰ্কোছে উদ্ধাৰ কৰিলে সন্ধানহীন কামাণ্ডো কেপ্টেইন অংকিত গুপ্তাক

author img

By

Published : Jan 12, 2021, 6:57 PM IST

নিউজ ডেস্ক, 12 জানুৱাৰী : ভাৰতীয় স্থলসেনাৰ "Best Unit"ৰ খিতাপ দখল কৰা 10ম বিশেষ বাহিনী (Para SF)ৰ কামাণ্ডো, কেপ্টেইন অংকিত গুপ্তাৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী বাহিনীয়ে ৷ ডিজাৰ্ট স্কৰপিয়নৰ কামাণ্ডো অংকিত 7 জানুৱাৰীত এক নিয়মীয়া হেলি-বৰ্ণ অনুশীলনৰ সময়ত ৰাজস্থানৰ যোধপুৰৰ কালয়ানা হ্ৰদৰ তাখাত সাগৰ খণ্ডত সন্ধানহীন হৈছিল ৷

কেপ্টেইন অংকিত গুপ্তা
কেপ্টেইন অংকিত গুপ্তা

তিনিগৰাকী সহযোগী কামাণ্ডোৰ হৈছে 40 ফুট উচ্চতাত হেলিকপ্টাৰৰ পৰা জপিওৱাৰ পিচতেই সন্ধানহীন হৈছিল কেপ্টেইন অংকিত ৷ প্ৰথম অৱস্থাত ইউনিটৰ লোকসমূহে অংকিতৰ বিচাৰ-খোচাৰ কৰিছিল যদিও উদ্ধাৰ কৰিব নোৱাৰি পৰৱৰ্তী সময়ত ইউনিট কামাণ্ডাৰক খবৰ দিছিল ৷ হ্ৰদৰ পৰা বাকী তিনিগৰাকী কামাণ্ডো সুকলমে ওলাই আহিছিল যদিও কামাণ্ডো অংকিত সন্ধানহীন হৈ পৰিছিল ৷

কেপ্টেইন অংকিত গুপ্তা
কেপ্টেইন অংকিত গুপ্তা

অৱশেষত চাৰিদিনৰ অন্তত মঙলবাৰে ভাৰতীয় নৌ-সেনাৰ বিশেষ বাহিনী মাৰ্কোছ কামাণ্ডোৰ এটা ডুবাৰৰ দলে উদ্ধাৰ কৰে অংকিতৰ নিথৰ দেহ ৷ হ্ৰদটোৰ 40 ফুট গভীৰতাত উদ্ধাৰ হয় অংকিতৰ নিথৰ দেহ ৷ ইয়াৰ পূৰ্বে 8 জানুৱাৰীৰ পৰা এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে হ্ৰদটোত উদ্ধাৰ অভিযান চলাইছিল যদিও বিফল হোৱাৰ পিচতেই স্থলসেনাই নৌ-সেনাৰ সহায় লৈছিল ৷ সোমবাৰে নৌ-সেনাৰ মাৰ্কোছ বিশেষ বাহিনীৰ প্ৰায় 12 গৰাকী ডুবাৰুৰ দলে হ্ৰদটোত কামাণ্ডো অংকিতৰ সন্ধানত অভিযান চলাইছিল ৷ অৱশেষত মঙলবাৰে দিনৰ ভাগত মৃতদেহটো হ্ৰদৰ তলিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : সংযুক্ত হৈ ভাৰত আক্ৰমণৰ পৰিকল্পনা চীন আৰু পাকিস্তানৰঃ স্থলসেনা প্ৰধান

গুৰুগ্ৰামৰ বাসিন্দা 28 বছৰীয়া কামাণ্ডো অংকিতৰ 2020ৰ 23 নৱেম্বৰত বিবাহ সম্পন্ন হৈছিল ৷ কিন্তু কৰ্তব্যৰ প্ৰতি থকা নিষ্ঠা আৰু দেশমাতৃৰ প্ৰতি থকা ভক্তিৰ বাবে বিবাহৰ এক সপ্তাহ সম্পূৰ্ণ নৌহওতেই নিয়মীয়া অনুশীলনৰ বাবে নিজৰ ইউনিটলৈ ঘুৰি আহিছিল কামাণ্ডো অংকিত ৷ ভাৰতীয় স্থলসেনাৰ "Best Unit"ৰ খিতাপ দখল কৰা 10ম বিশেষ বাহিনী (Para SF), জনপ্ৰিয়ভাৱে "Desert Scorpions" বুলি প্ৰসিদ্ধ সেইটো শাখাত কৰ্মৰত হোৱাটো অংকিতৰ বাবে এক সপোন আছিল আৰু স্থলসেনা ভৰ্তি হোৱাৰ পিচতেই নিজৰ ৰেজিমেন্ট হিচাপে নিৰ্বাচিত কৰিছিল বিশেষ বাহিনী ৷

Marcos Commandoৰ উদ্ধাৰ অভিযান

ইতিমধ্যে স্থলসেনাই কামাণ্ডো অংকিতৰ মৃতদেটো মৰনোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱাৰ লগতে বুধবাৰে দিনৰ ভাগত পৰিয়ালৰ লোকক চমজাই দিব বুলি প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : অ' টি এ গয়াৰ কমাণ্ডেন্ট পদৰ কাৰ্যভাৰ গ্ৰহণ গাভ ৰেড্ডীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.