ETV Bharat / bharat

Naxalites kill BJP leader in Jharkhand: পৰিয়ালৰ সন্মুখতে মাওবাদীয়ে হত্যা কৰিলে বিজেপি নেতাক

ঝাৰখণ্ডৰ ৰাজপথত পৰিয়ালৰ সন্মুখত বিজেপি নেতাক হত্যা(Naxalites kill BJP leader in Jharkhand) ৷ মাওবাদীয়ে পৰিয়ালৰ লোকৰ সন্মুখতে কুঠাৰ আৰু ছুৰীৰে হানি খুচি ঘপিয়াই হত্যা কৰে বিজেপি নেতা নীলকণ্ঠ কক্কেমক ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

Naxalites kill BJP leader in Jharkhand
পৰিয়ালৰ সন্মুখতে মাওবাদীয়ে হত্যা কৰিলে বিজেপি নেতাক
author img

By

Published : Feb 5, 2023, 8:19 PM IST

নেশ্যনেল ডেস্ক, ৫ ফেব্ৰুৱাৰী: ঝাৰখণ্ডৰ বিজাপুৰত পুনৰ তেজৰ ফাকু খেলা আৰম্ভ কৰিছে মাওবাদীয়ে ৷ ৰাজ্যখনত দেওবাৰে এক বৃহৎ অভিযানক বাস্তবায়িত কৰে মাওবাদীয়ে ৷ ঝাৰখণ্ডৰ বিজেপি নেতা নীলকণ্ঠ কক্কেমক তেওঁৰ পৰিয়ালৰ লোকৰ সন্মুখতে হত্যা কৰে মাওবাদীয়ে(Maoists kill BJP leader in Jharkhand) ৷ নীলকণ্ঠ কক্কম বিজেপিৰ উচুৰ মণ্ডলৰ সভাপতি আছিল । তেওঁ বিগত ১৫ বছৰ ধৰি এই পদত অধিস্থিত আছিল । বিজেপি নেতাগৰাকীক হত্যা কৰাৰ পাচত এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰে মাওবাদীয়ে ৷ এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ আতংকৰ ।

বিজেপি নেতাগৰাকীক মুকলিকৈ হত্যা কৰি ৰাজ্যখনত পুনৰ আতংকৰ বিষবাষ্প বিয়পাইছে মাওবাদীয়ে । নীলকণ্ঠ কক্কেমে তেওঁৰ ভগ্নীৰ বিয়াৰ বাবে জন্মস্থান আভাপল্লীলৈ অহাৰ পাচতেই সংঘটিত হয় এই ঘটনা ৷ মাওবাদীসকলে বিজেপি নেতাগৰাকীক তেওঁৰ পৰিয়ালৰ লোকৰ সন্মুখতে কুঠাৰ আৰু ছুৰীৰে হানি খুচি ঘপিয়াই হত্যা কৰে । মাওবাদীৰ কুঠাৰাঘাতত ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয় ।

মাওবাদীৰ দলটোৱে এই ঘটনা সংঘটিত কৰাৰ পাচত ঘটনাস্থলীত তেওঁলোকৰ প্ৰচাৰ পত্ৰিকা এৰি থৈ যায় ৷ জানিব পৰা অনুসৰি নক্সালবাদীসকলে বিজেপিৰ শীৰ্ষ নেতাগৰাকীক ভাবুকিও প্ৰদান কৰিছিল(Naxalites murdered BJP leader Neelkanth Kakkem ) । ইয়াৰ পাচত দেওবাৰে ভগ্নীৰ বিবাহৰ বাবে নিজ জন্মস্থানলৈ অহাৰ সময়ত নেতাগৰাকীক মাওবাদীয়ে হত্যা কৰে ৷ মাওবাদীৰ দলটো নীলকণ্ঠ কক্কেমৰ জন্মস্থান আভাপল্লী গাঁৱত উপস্থিত হৈ তেওঁক ঘৰৰ পৰা বাহিৰলৈ টানি উলিয়াই আনে আৰু সকলোৰে সন্মুখত কুঠাৰ আৰু ছুৰীৰে হত্যা কৰে ৷ ইয়াৰ পিছত তেওঁলোকে বিজেপি নেতাগৰাকীৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰি ঘটনাস্থলীত তেওঁলোকৰ প্ৰচাৰ পত্ৰিকা এৰি থৈ যায়(BJP leader Neelkanth Kakkem) ৷

এই ঘটনাৰ পাচতেই সমগ্ৰ আভাপল্লী গাঁৱত তীব্ৰ আতংকৰ সৃষ্টি হয় ৷ স্থানীয় লোকে লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে । ইয়াৰ পাচতেই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ নীলকণ্ঠ কক্কেমৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ বিজেপি নেতাগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ পাচত তেওঁৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়া হ’ব । আনহাতে আৰক্ষীয়ে সম্প্ৰতি ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে, প্ৰায় দুবছৰ পূৰ্বে বিজাপুৰত মাওবাদীয়ে বিজেপি নেতা মাজজীক হত্যা কৰিছিল । ইফালে একে সময়তে বিজেপিৰ যুৱ নেতা জগদীশ কোন্দ্ৰাকোকে মাওবাদীয়ে হত্যা কৰিছিল ।

লগতে পঢ়ক: 3 arrested persons under UAPA : হায়দৰাবাদত বোমা আক্ৰমণৰ ষড়যন্ত্ৰ চলোৱা তিনি সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.