ETV Bharat / bharat

Dantewada Naxal News: ছত্তীশগড়ত মাওবাদীৰ কূটাঘাতৰ পৰিকল্পনা ব্যৰ্থ; 4 লিংকমেন গ্ৰেপ্তাৰ

author img

By

Published : Aug 16, 2023, 10:38 PM IST

ছত্তীশগড়ত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰৰ কৰাৰ পাচতেই মাওবাদীৰ ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনাত কথা পোহৰলৈ আহিছে ৷ হায়দৰাবাদৰ পৰা সৰৱৰাহ কৰা হৈছিল বিস্ফোৰকখিনি ৷

Dantewada Naxal News
Dantewada Naxal News

নেশ্যনেল ডেস্ক, 16 আগষ্ট: ছত্তীশগড়ৰ দান্তেৱাড়াত পুনৰ কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল নক্সালবাদীয়ে ৷ এইবাৰো নক্সালবাদীৰ লক্ষ্য আছিল সুৰক্ষা কৰ্মী ৷ কিন্তু এই পৰিকল্পনা চলি থকাৰ মাজতে আৰক্ষী আৰু CRPFয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নক্সালবাদীক বিস্ফোৰক যোগান ধৰা চাৰিজন লোকক ৷ উল্লেখ্য যে এই চাৰিজনীয়া দলটোত এটা নাবালকো জড়িত আছে ৷

অভিযান আৰক্ষী আৰু CRPFয়ে 25 কিলোগ্ৰাম বিস্ফোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে কয় যে গ্ৰেপ্তাৰ কৰা চাৰিজন লোক নক্সালবাদীৰ লিংকমেন আছিল আৰু দুবছৰৰ ধৰি তেওঁলোকে এই কাম কৰি আহিছে ৷

উল্লেখ্য যে দান্তেৱাড়াত নক্সালবাদীয়ে কূটাঘাত সংঘটিত কৰিবলৈ পৰিকল্পনা কৰাৰ তথ্য আৰক্ষী গোপন সূত্ৰৰ ভিত্তিত লাভ কৰে ৷ আৰক্ষীয়ে তথ্য লাভ কৰে যে নক্সালবাদীৰ ওচৰলৈ বৃহৎ পৰিমাণৰ বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰ লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে ৷ ইয়াৰ পাচতেই আৰক্ষীয়ে এটা বাছ আস্থানৰ পৰা এটা ট্ৰ’লিত তৰল অৱস্থাত থকা 25 কিলোগ্ৰাম বিস্ফোৰক উদ্ধাৰ কৰে ৷ লগতে নগদ 84,000 টকা উদ্ধাৰ কৰে ৷ সম্প্ৰতি ঘটনাৰ অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

‘‘জব্দ কৰা বিস্ফোৰকৰখিনিৰ ওজন 25 কিলোগ্ৰাম । চাৰিজন অভিযুক্তই নক্সালসকলক এই বিস্ফোৰকখিনি লৈ আহিছিল ৷ কিন্তু নক্সালবাদীৰ ওচৰ পোৱাৰ আগতেই ইয়াক জব্দ কৰা হয় ৷ অন্যথা, মাওবাদীসকলে এটা ডাঙৰ ঘটনা সংঘটিত কৰিব কৰিলেহেঁতেন ৷’’ দান্তেৱাড়াৰ আৰক্ষী অধীক্ষক গৌৰৱ ৰায়ে কয় ৷

আৰক্ষীয়ে প্ৰকাশ কৰিছে যে বিস্ফোৰকখিনি হায়দৰাবাদৰ পৰা সৰৱৰাহ কৰা হৈছিল ৷ বৃহৎ পৰিমাণৰ এই বিস্ফোৰক উদ্ধাৰৰ ঘটনাই ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনাৰ কথাই ইংগিত দিছে ৷ অৱশ্যে ইয়াৰ পূৰ্বেই আৰক্ষীয়ে এই ষড়যন্ত্ৰ উন্মোচন কৰে ৷ ইফালে, জেৰাৰ সময়ত চাৰি অভিযুক্তই নক্সালবাদীৰ হৈ কাম কৰাৰ কথা স্বীকাৰ কৰে ৷

লগতে পঢ়ক: Naxalite violence: চোৰাংচোৱাগিৰিৰ সন্দেহত নক্সালদাবীয়ে কাটিলে নিৰীহৰ ডিঙি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.