ETV Bharat / bharat

Mysterious blast in Kargil: লাডাখৰ কাৰ্গিলত ৰহস্যজনক বিস্ফোৰণ; নিহত ৩ আহত ১০ - কাৰ্গিল জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক

লাডাখৰ কাৰ্গিল জিলাত ৰহস্যজনক বিস্ফোৰণ ৷ এই বিস্ফোৰণত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ১০ জন ৷ কাৰ্গিলৰ এছ এছ পি অনায়ত আলী চৌধুৰীয়ে উল্লেখ কৰিছে এই তথ্য ৷

Mysterious blast in Kargil
কাৰ্গিল জিলাত সংঘটিত হয় এক ৰহস্যজনক বিস্ফোৰণ
author img

By

Published : Aug 19, 2023, 7:30 AM IST

নিউজ ডেস্ক, ১৯ আগষ্ট : শুকুৰবাৰে বিয়লিৰ ভাগত লাডাখৰ কাৰ্গিল জিলাত সংঘটিত হয় এক ৰহস্যজনক বিস্ফোৰণ ৷ শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, লাডাখৰ ড্ৰাছ অঞ্চলৰ এখন দোকানত সংঘটিত হোৱা এই ৰহস্যজনক বিস্ফোৰণৰ ফলত কমেও তিনিজন লোক নিহত হোৱাৰ লগতে আন ১০ জন আহত হয় ৷ আহত কিছু লোকৰ অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে ।

এই বিস্ফোৰণত তিনিজন লোক নিহত আৰু ১০ জন আহত হোৱা বুলি উল্লেখ কৰিছে কাৰ্গিল জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অনয়ত আলী চৌধুৰীয়ে ৷ তেখেতে উল্লেখ কৰা অনুসৰি, ইতিমধ্যে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ড্ৰাছৰ এখন দোকানত এখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰা স্ক্ৰেপ বা কিছু সামগ্ৰী নমাই থকা হৈছিল ৷ তেনে সময়তে যেন এখন স্ক্ৰেপৰ দোকানত এই বিস্ফোৰণটো সংঘটিত হৈছিল বুলি উল্লেখ কৰিছে কাৰ্গিল জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

কাৰ্গিল জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অনয়ত আলী চৌধুৰীয়ে লগতে কয়, ‘‘আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰিছে ৷ লগতে আৰম্ভ কৰিছে তদন্ত । সংগ্ৰহ কৰা হৈছে যাৱতীয় প্ৰমাণ-পত্ৰও’’ ৷ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অনয়ত আলী চৌধুৰী আৰু কাৰ্গিলৰ উপ আয়ুক্ত শ্ৰীকান্ত বালাছাহেব ছুছেয়ে জিলা চিকিৎসালয়ত উপস্থিত হৈ আহতসকলৰ স্বাস্থ্য বুজ লৈছে বুলি জানিব পৰা গৈছে ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কাৰ্গিলৰ উপ আয়ুক্ত শ্ৰীকান্ত বালাছাহেব ছুছে কয়, ‘‘বিস্ফোৰণত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন ১০ জন লোক আহত হৈ কাৰ্গিলৰ জিলা চিকিৎসালয় চিকিৎসাধীন হৈ আছে’’ । আনহাতে, কাৰ্গিলৰ অতিৰিক্ত উপ আয়ুক্তগৰাকীয়েও ঘটনাস্থলী পৰিদৰ্শন কৰিছে ৷ লগতে আটাইকেইজন আহত লোকক ড্ৰাছস্থিত চিকিৎসালয় পৰ্যাপ্ত চিকিৎসা দিয়াৰ ব্যৱস্থা কৰি দিছে ৷

কাৰ্গিলৰ উপ আয়ুক্ত শ্ৰীকান্ত বালাছাহেব ছুছে কয়, ‘‘এই বিস্ফোৰণত দুজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আহত এজনৰ মৃত্যু হয় । আহতসকলৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক’’ ৷

ইফালে এই বিস্ফোৰণৰ ফলত লাডাখৰ কাৰ্গিলবাসী শংকিত হৈ পৰিছে ৷ সেয়ে লাডাখৰ কাৰ্গিলবাসী ৰাইজে প্ৰশাসনক স্ক্ৰেপ সংগ্ৰাহকসকলক জনবসতিহীন অঞ্চললৈ স্থানান্তৰিত কৰিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক : Taliban official Against Women Freedom : ৰাজহুৱাভাৱে পুৰুষক মুখ দেখুৱালে নাৰীয়ে মূল্য হেৰুৱায়; তালিবান নেতাৰ যুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.