ETV Bharat / bharat

মনসুখ হীৰেণৰ মৃত্যু: ৮০০টা চিচি কেমেৰাৰ ফুটেজ পৰ্যবেক্ষণ

author img

By

Published : Apr 13, 2021, 10:21 PM IST

নিলম্বিত আৰক্ষী বিষয়া শচীন ৱেজৰ বিৰুদ্ধে অধিক প্ৰমাণ সংগ্ৰহৰ বাবে মুম্বাইত সংস্থাপিত ৮০০টা চিচি টিভি কেমেৰাৰ ফুটেজ পৰ্যবেক্ষণ কৰিলে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই । মনসুখ হীৰেণৰ হত্যাকাণ্ডৰে শচীন ৱেজ জড়িত থকাৰ তথ্য লাভ কৰাৰ পিছতে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি তুলিছে ।

মনসুখ হীৰেণ মৃত্যুঃ ৮০০টা চিচি কেমেৰাৰ ফুটেজ পৰ্যবেক্ষণ NIAৰ

নেশ্যনেল ডেস্ক,১৩ এপ্ৰিল: ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই মনসুখ হীৰেণৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়ত বহুতো ন ন তথ্য পোহৰলৈ আহিছে । শেহতীয়াকৈ মুম্বাইৰ ৮০০টা চিচি টিভি কেমেৰাৰ ফুটেজ পৰ্যবেক্ষণ কৰিছে সংস্থাটোৱে । নিলম্বিত সহকাৰী আৰক্ষী পৰিদৰ্শক শচীন ৱেজৰ বিৰুদ্ধে অধিক প্ৰমাণ সংগ্ৰহৰ বাবে অনুসন্ধান চলাইছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই ।

এই গোচৰটোৰ সন্দৰ্ভত এতিয়ালৈকে ৪০ জনৰো অধিক সাক্ষীৰ জবানবন্দী লোৱা হৈছে আৰু 8 জন লোকক মুখ্য সাক্ষী কৰা হৈছে । ইয়াৰ উপৰিও, সন্ত্ৰাসবাদী বিৰোধী টাস্ক ফ'ৰ্চে ৰিয়াজ কাজীক জেৰা কৰি এই অপৰাধ সংঘটিত কৰাৰ আঁৰৰ উদ্দেশ্য ফাদিল কৰিবলৈ চেষ্টা কৰি আছে ।

উল্লেখ্য যে, উদ্যোগপতি মুকেশ আম্বানীৰ বাসগৃহ 'এণ্টিলিয়া'ৰ ওচৰত ৰখাই থোৱা বিস্ফোৰক ভৰ্তি বাহনখনৰ গৰাকী মনসুখ হীৰেণক যোৱা ৫ মাৰ্চত থানেৰ এটা খালত মৃত অৱস্থাত পোৱা গৈছিল । গাড়ীখনৰ পৰা প্ৰায় ২০ ডাল জিলেটিন ষ্টিক আৰু আম্বানী পৰিয়ালক উদ্দেশ্যি লিখা এখন ভাবুকি পত্ৰ উদ্ধাৰ কৰা হৈছিল ।

এই বিস্ফোৰক ভৰ্তি এছ ইউ ভি বাহনখনৰ গোচৰটো হাতত লোৱাৰ পিছত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই যোৱা ১৩ মাৰ্চত শচীন ৱেজক গ্ৰেপ্তাৰ কৰিছিল । ৱেজক মনসুখ হীৰেণৰ হত্যা আৰু তেওঁৰ বিত্তীয় লেনদেনৰ সৈতে জড়িত থকাৰ লগতে বাহন উদ্ধাৰৰ বিষয়ে সোধা-পোছা কৰা হৈছিল । জেৰাৰ সময়ত ৱেজে স্বীকাৰ কৰে যে, এটা কোম্পানীৰ নামত থকা ৱেজৰ এটা ব্যক্তিগত বেংক একাউণ্টত ১.৫ কোটি টকা জমা কৰা হৈছিল । যোৱা ২-৩ মাৰ্চত হীৰেণক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল ৱেজ আৰু এজন সহযোগীয়ে । শচীন ৱেজক ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ আদালতে ২৩ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: বৈশাখী উৎসৱঃ পঞ্জাৱ, হাৰিয়ানাৰ গুৰুদ্বাৰত ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.