ETV Bharat / bharat

Manipur violence : ৰাষ্ট্ৰপতিক ১২ দফীয়া স্মাৰক পত্ৰ প্ৰদান কংগ্ৰেছৰ - Amit Shah Manipur visit

মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰদান কৰে কংগ্ৰেছে (Congress leader meet President)। ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ দাবী কৰে কংগ্ৰেছে ।

Manipur violence
ৰাষ্ট্ৰপতিক ১২ দফীয়া স্মাৰক পত্ৰ প্ৰদান কংগ্ৰেছৰ
author img

By

Published : May 30, 2023, 3:05 PM IST

নেশ্যনেল ডেস্ক,৩০ মে' : মণিপুৰৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন সমগ্ৰ দেশবাসী (Manipur violence)। ইয়াৰ মাজতে দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ নেতৃত্বত কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে মঙলবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে (Congress meets President Murmu)। হিংসাজৰ্জৰ মণিপুৰত শান্তি আৰু স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰৰ বাবে ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰিছে কংগ্ৰেছে । বিভিন্ন দাবী উত্থাপন কৰি কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে প্ৰায় ১২ দফীয়া এক স্মাৰকপত্ৰও ৰাষ্ট্ৰপতিক দাখিল কৰে ।

এক টুইটযোগে খাৰ্গেই কয় যে মণিপুৰৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ তেওঁলোকে ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰদান কৰিছে (Congress memorandum to President on Manipur issue)। তেওঁ উল্লেখ কৰা মতে স্মাৰক পত্ৰৰ জৰিয়তে ৰাজ্যখনে সন্মুখীন হোৱা সমস্যা সমাধানৰ বাবে ৰাষ্ট্ৰপতিগৰাকীৰ হস্তক্ষেপ বিচাৰিছে কংগ্ৰেছে । এনে পৰিস্থিতিৰ সমাধান বিচৰাৰ লগতে জৰুৰীভাৱে স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ কংগ্ৰেছে ৰাষ্ট্ৰপতিগৰাকীক আহ্বান জনাইছে ।

খাৰ্গেই লগতে লিখিছে যে এক দায়িত্বশীল ৰাজনৈতিক দল হিচাপে কংগ্ৰেছে মণিপুৰত শান্তি শৃংখলা আৰু স্বাভাৱিক পৰিৱেশ পুনৰুদ্ধাৰৰ যিকোনো পদক্ষেপক সমৰ্থন আগবঢ়াবলৈ সদায় সাজু হৈ আছে । যাৰ বাবে ১২ টা দাবীৰে তেওঁলোকে ৰাষ্ট্ৰপতিক এক স্মাৰক পত্ৰ প্ৰদান কৰিছে ।

উল্লেখ্য যে সোমবাৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে অভিযোগ কৰিছে যে জাতিগত সংঘৰ্ষৰ ফলত প্ৰভাৱিত মণিপুৰৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে । ইফালে, বৰ্তমান মণিপুৰত আছে গৃহ মন্ত্ৰী অমিত শ্বাহ (Amit Shah Manipur visit)। গৃহ মন্ত্ৰীগৰাকীয়ে পুৱাই এটা মহিলা প্ৰতিনিধি দলক সাক্ষাৎ কৰিছে । বিভিন্ন অংশীদাৰসকলৰ সৈতেও বৈঠকত বহিছে গৃহ মন্ত্ৰী অমিত শ্বাহ ।

গৃহ মন্ত্ৰীগৰাকীয়ে ভ্ৰমণৰ অংশ হিচাপে নাগৰিক সমাজ আৰু দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতেও বৈঠকৰ আহ্বান কৰিছে । মণিপুৰত মহিলা নেতৃবৃন্দৰ এটা দলৰ সৈতে বৈঠক অনুষ্ঠিত কৰে গৃহ মন্ত্ৰীয়ে । য'ত তেওঁ মণিপুৰৰ সমাজত মহিলাৰ ভূমিকাৰ তাৎপৰ্যৰ কথা দোহাৰে । অমিত শ্বাহে টুইট কৰি কয় যে ৰাজ্যখনত শান্তি-শৃংখলা বজাই ৰখাটো সকলোৰে কৰ্তব্য । গৃহ মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে শ্বাহে পুৱা ইম্ফলত বিভিন্ন নাগৰিক সমাজৰ প্ৰতিনিধি দলৰ সৈতেও এখন বৈঠকত মিলিত হৈছে ।

লগতে পঢ়ক :Amit Shah Manipur Visit : মণিপুৰৰ নাগৰিক সমাজক সাক্ষাৎ গৃহমন্ত্ৰীৰ, কথা পাতিলে মহিলা নেতৃবৃন্দৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.