ETV Bharat / bharat

Manipur 2nd Phase polling: মণিপুৰৰ ভোটাৰলৈ প্ৰধানমন্ত্ৰীৰ বিশেষ আহ্বান... - মণিপুৰৰ ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ টুইট

মণিপুৰৰ ৬ খন জিলাত শনিবাৰে অনুষ্ঠিত হৈছে দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া (Manipur election 2nd Phase polling)। পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে ভোটাৰসকলক বিশেষ আহ্বান জনাইছে ।

Manipur polls
মণিপুৰৰ বিধানসভা নিৰ্বাচন
author img

By

Published : Mar 5, 2022, 12:42 PM IST

নেশ্যনেল ডেস্ক,৫ মাৰ্চ : মণিপুৰৰ বিধানসভা নিৰ্বাচনৰ (Manipur assembly election 2022) দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ শনিবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে । ৬ খন জিলাৰ ২২ টা সমষ্টিত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ । নিৰ্বাচনৰ লগতে সংগতি ৰাখি মণিপুৰৰ ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ টুইট । প্ৰধানমন্ত্ৰীগৰাকী সকলো লোককে ভোটগ্ৰহণৰ বাবে ওলাই আহিবলৈ আহ্বান জনায় । গণতন্ত্ৰৰ উৎসৱ হিচাপে এই নিৰ্বাচনক প্ৰতিফলিত কৰিবলৈও প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।

  • Today is the second phase of the Manipur Assembly elections. Calling upon all those whose constituencies are polling today to vote in large numbers and mark the festival of democracy.

    — Narendra Modi (@narendramodi) March 5, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

জানিব পৰা মতে পুৱা ৯ বজালৈকে প্ৰায় ১১.৪০ শতাংশ ভোটদান সম্পন্ন হৈছে । আনহাতে পুৱা ৭ বজাৰ পূৰ্বেই বহু ভোটকেন্দ্ৰত লোকসকলে ভোটদানৰ বাবে ভিৰ কৰে । প্ৰতিটো ভোটকেন্দ্ৰতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । এতিয়ালৈ কোনো নিৰ্বাচনকেন্দ্ৰিক হিংসা বা অপ্ৰীতিকৰ ঘটনাৰ খবৰ অহা নাই । প্ৰতিটো ভোটকেন্দ্ৰত ক'ভিডৰ নীতি-নিয়মসমূহ পালন কৰা হৈছে । আবেলি ৪ বজালৈ চলিব এই ভোটদান প্ৰক্ৰিয়া ।

Manipur polls
মণিপুৰৰ বিধানসভা নিৰ্বাচন

নিৰ্বাচনী বিষয়াই জনোৱা মতে থৌবাল, জিৰিবাম, চান্দেল, উখৰুল, সেনাপতি আৰু তামেংলং জিলাত অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ২০,০০০ তকৈও অধিক কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে ।

ইফালে মণিপুৰৰ মুখ্য নিৰ্বাচনী বিষয়া ৰাজেশ আগৰৱালে জনোৱা মতে ৬ খন জিলাৰ ১,২৪৭ টা ভোটকেন্দ্ৰত ৪,৯৮৮ গৰাকী ভোটগ্ৰহণ কৰ্মী নিয়োগ কৰা হৈছে । মুঠ ৮,৩৮,৭৩০ গৰাকী ভোটাৰে দ্বিতীয় পৰ্যায়ত দুগৰাকী মহিলাকে ধৰি ৯২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ।

লগতে পঢ়ক :Manipur Election 2022 : আজি মণিপুৰত ভাগ্য নিৰ্ণয় হ’ব 92 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.