নেশ্যনেল ডেস্ক, ২৫ জুলাই : মণিপুৰত মহিলাক বিবস্ত্ৰ কৰি সমদল কৰা ভিডিঅ' গোচৰত পুনৰ এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । মণিপুৰ আৰক্ষীয়ে সোমবাৰে সন্ধিয়া জনোৱা মতে থৌবাল জিলাত সন্দেহজনক লোকজনক গ্ৰেপ্তাৰ কৰে । টুইটযোগে মণিপুৰ আৰক্ষীয়ে কয় যে ২০২৩ চনৰ ৪ মে'ত দুগৰাকী মহিলাৰ ভাইৰেল ভিডিঅ' সন্দৰ্ভত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে । এতিয়ালৈকে গোচৰটোত এগৰাকী কিশোৰসহ ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ।
আৰক্ষীয়ে পূৰ্বে ভিডিঅ'টো সন্দৰ্ভত ১৪ গৰাকী লোকক চিনাক্ত কৰিছিল । অৱশ্যে মণিপুৰ আৰক্ষীয়ে দাবী কৰিছে যে এতিয়া বহু লোক পলাতক হৈ আছে । বহুতে আত্মগোপন কৰি আছে । যাৰ বাবে আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই বাকী থকা অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবলৈ সৰ্বাধিক প্ৰচেষ্টা চলাই আছে । পূৰ্বে গ্ৰেপ্তাৰ হোৱা লোকসকলক আৰক্ষীয়ে নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে ।
ইফালে মণিপুৰৰ বিভিন্ন জিলাত মুঠ ১২৫ টা নাকা চেকিং স্থাপন কৰিছে । য'ত আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন জিলাত আইন উলংঘন সন্দৰ্ভত ৩৯৬ জন লোকক আটক কৰিছে । আৰক্ষীয়ে জনোৱা মতে সকলো স্পৰ্শকাতৰ অঞ্চলত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু বাহনসমূহৰ সুৰক্ষিত চলাচল আৰু নিৰাপত্তাৰ বাবে কনভয়ৰ ব্যৱস্থা কৰিছে ।
আৰক্ষীয়ে জনোৱা মতে ভাইৰেল ভিডিঅ'টোত দেখা এগৰাকী মহিলা এজন প্ৰাক্তন সেনাকৰ্মীৰ পত্নী বুলি চিনাক্ত কৰা হৈছে । জোৱানজন অসম ৰেজিমেণ্টত চুবেদাৰ হিচাপে কাম কৰিছিল আৰু কাৰ্গিল যুদ্ধত অংশগ্ৰহণ কৰিছিল । ইফালে ৪ মে'ৰ ভাইৰেল ভিডিঅ'টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
ইফালে যোৱা ৩ মে' পৰা সংঘটিত হিংসাত্মক ঘটনাত এতিয়ালৈ মণিপুৰত ১৬০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু আন বহুতো লোক আহত হৈছে । মূলত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজৰ সংঘাতে পৰিস্থিতি অতি ভয়াৱহ কৰি তুলিছে ।
লগতে পঢ়ক :Manipur Sexual Assault News:ভুৱা বাতৰিৰ বিৰুদ্ধে কঠোৰ হৈছে মণিপুৰ আৰক্ষী