ETV Bharat / bharat

Khongjom Day in Manipur: খোংজম যুদ্ধৰ নায়ক সকললৈ শ্ৰদ্ধাঞ্জলি মণিপুৰবাসীৰ

author img

By

Published : Apr 23, 2022, 8:11 PM IST

প্ৰতি বছৰৰ দৰে শনিবাৰ মণিপুৰত খোংজম দিৱস পালন কৰা হয় (Khongjom Day in Manipur) ৷ মণিপুৰৰ ৰাজ্যপাল লা গণেশন, মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ১৩১ সংখ্যক খোংজোম দিৱসৰ দিনা খোংজোম ৱাৰ মেম'ৰিয়েল কমপ্লেক্সত খেবাচিং চিঙত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি খোংজম যুদ্ধৰ নায়কসকলক পুষ্পস্তৱক অৰ্পণ কৰে ।

manipur-paid-tributes-to-khongjom-war-heroes-on-khongjom-day
Khongjom Day in Manipur: খোংজম যুদ্ধৰ নায়কসকললৈ মণিপুৰবাসীৰ শ্ৰদ্ধাঞ্জলি

মণিপুৰ, 23 এপ্ৰিল : মণিপুৰত আজি ৰাজ্যবাসীয়ে থৌবাল জিলাৰ খোংজোম ৱাৰ মেম'ৰিয়েল কমপ্লেক্সত ১৮৯১ চনৰ এংলো-মণিপুৰী যুদ্ধত ব্ৰিটিছৰ বিৰুদ্ধে সাহসিকতাৰে যুঁজ দিয়া খোংজম যুদ্ধৰ নায়কসকলক (Khongjom War heroes) শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মণিপুৰৰ ৰাজ্যপাল লা গণেশন, মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ১৩১ সংখ্যক খোংজোম দিৱসৰ দিনা খোংজোম ৱাৰ মেম'ৰিয়েল কমপ্লেক্সত খেবাচিং চিঙত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্বহীদসকলক পুষ্পস্তৱক অৰ্পণ কৰে ।

অন্যান্য মন্ত্ৰী সকল, বিধায়ক, শীৰ্ষ আমোলা আৰু শীৰ্ষ আৰক্ষী বিষয়াসকলেও খোংজম যুদ্ধৰ নায়কসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Tribute to Khongjom War heroes) । তেওঁলোকে খেবাচিঙৰ পাদদেশত অৱস্থিত পাওনা ব্ৰাজাবাচীৰ প্ৰতিমূৰ্তিতো পুষ্পাঞ্জলি জ্ঞাপন কৰে ।

খোংজম যুদ্ধৰ নায়ক সকললৈ শ্ৰদ্ধাঞ্জলি মণিপুৰবাসীৰ

উল্লেখ যোগ্য যে, মণিপুৰৰ বীৰ পুত্ৰসকলক স্মৰণ কৰিবলৈ প্ৰতি বছৰে ২৩ এপ্ৰিলত খোংজম দিৱস পালন কৰা হয় (Khongjom Day in Manipur) ৷ এই বীৰ সকলে জাতিৰ স্বাধীনতা ৰক্ষা কৰিবৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছিল । মণিপুৰ ৰাইফলছৰ এটা দলেও তেওঁলোকৰ স্মৃতিত আজি বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

লগতে পঢ়ক : জিগনেশৰ জামিন বিচাৰি দেওবাৰে সদলবলে কোকৰাঝাৰলৈ ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.