ETV Bharat / bharat

Manipur Naked Women Row : মণিপুৰত মহিলাক উলংগ কৰা মুখ্য অভিযুক্তৰ ঘৰত অগ্নিসংযোগ - house of man allegedly women naked set on fire

মণিপুৰৰ থৌবাল জিলাত ৪ মে'ত সংঘটিত হৈছিল কুকি-জোমি সম্প্ৰদায়ৰ দুগৰাকী মহিলাক উলংগ কৰি যৌন নিৰ্যাতনৰ ঘটনা । এই ঘটনাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৩২ বছৰীয়া হেৰোদাছ হৈছে মুখ্য অভিযুক্ত ।

Manipur Naked Women Row
Manipur Naked Women Row
author img

By

Published : Jul 21, 2023, 2:06 PM IST

নিউজ ডেস্ক, ২১ জুলাই : মণিপুৰত সংঘটিত শেহতীয়া ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ । কেৱল দেশেই নহয়, সমগ্ৰ বিশ্বৰ ওচৰত দেশবাসীক লজ্জানত কৰা মণিপুৰৰ দুই মহিলাক উলংগ কৰি নিৰ্যাতনৰ ভিডিঅ' প্ৰকাশ পোৱাৰ পিছতে দেশে-বিদেশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সভ্য সমাজক লজ্জানত কৰা মণিপুৰৰ এই জঘন্য ঘটনাত চিনাক্ত কৰা চাৰি অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে । তাৰে ভিতৰত এজন হৈছে মুখ্য অভিযুক্ত হুইৰেম হেৰোদাস মেইটেই ।

ইতিমধ্যে চিনাক্ত হোৱা অভিযুক্তসকলৰ ভিতৰত চাৰি মূল অভিযুক্তৰ ভিতৰত অন্যতম হৈছে হুইৰেম হেৰোদাস মেইটেই । এই ঘৃণনীয় ঘটনাৰ ভিডিঅ' বুধবাৰে ভাইৰেল হোৱাৰ পিছতে চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় । আনহাতে, গ্ৰেপ্তাৰ হোৱাৰ কেইঘণ্টামান পিছতে হুইৰেম হেৰোদাস মেইটেইৰ ঘৰত বৃহস্পতিবাৰে এদল মহিলাই অগ্নিসংযোগ কৰে ।

উল্লেখ্য যে মণিপুৰৰ থৌবাল জিলাত ৪ মে'ত সংঘটিত হৈছিল কুকি-জোমি সম্প্ৰদায়ৰ দুগৰাকী মহিলাক উলংগ কৰি যৌন নিৰ্যাতনৰ ঘটনা । এই ঘটনাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা চাৰি অভিযুক্তৰ ভিতৰত ৩২ বছৰীয়া হেৰোদাছ হৈছে মুখ্য অভিযুক্ত । অৱশ্যে বাকী তিনিজনৰ পৰিচয় এতিয়াও প্ৰকাশ কৰা হোৱা নাই ।

শেহতীয়া তথা মতে, হেৰোদাছৰ গ্ৰেপ্তাৰৰ বিষয়ে জানিব পাৰি অভিযুক্তৰ বাসভূমি পেটচি গাঁৱৰ মহিলাসকল একত্ৰিত হয় । তাৰ পিছত তেওঁলোকৰ মাজত হোৱা আলোচনাৰ অন্তত অভিযুক্তৰ মহিলাৰ দলটো হেৰোদাছৰ ঘৰলৈ গৈ ঘৰটো ভাঙি চূড়মাৰ কৰে । ইয়াৰ পিছত মহিলাৰ দলটোৱে ঘৰটোত অগ্নিসংযোগ কৰে ।

"এগৰাকী মহিলা হিচাপে, তেওঁ মেইটেই বা আন যি সম্প্ৰদায়ৰে নহওক কিয়, মহিলাৰ মৰ্যাদাহানি কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয় । সেয়ে আমি এনে এজন ব্যক্তিক আমাৰ সমাজত থাকিবলৈ দিব নোৱাৰোঁ । এই ঘটনাটো সমগ্ৰ মেইটেই সম্প্ৰদায়ৰ বাবেই লজ্জাজনক ঘটনা ।" এগৰাকী মীৰা পাইবিৰ নেতাই অগ্নিসংযোগৰ ঘটনাৰ পিছত এনেদৰে কয় । উল্লেখ্য যে মীৰা পাইবি বা "মহিলা জোঁৰ বাহক" হৈছে মণিপুৰৰ জ্যেষ্ঠ মহিলাসকলৰ নেতৃত্বাধীন এক সামাজিক কৰ্মীৰ গোট ।

উল্লেখ্য যে মণিপুৰৰ এই লজ্জাজনক আৰু মানৱতাক ভূলুণ্ঠিত কৰা ঘটনাটো প্ৰায় দুমাহ পূৰ্বে সংঘটিত হ'লেও যোৱা বুধবাৰে ইয়াৰে এটা চুটি ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হয় । তাৰ পিছতে ঘটনাটোৱে সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰে আৰু যাৰ ফলত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ সৃষ্টি হয় ।

আনহাতে, বিগত সময়ছোৱাত মণিপুৰৰ শান্তি-শৃংখলা অটুট ৰাখিব নোৱাৰাৰ অভিযোগত বিৰোধী দল তথা বিভিন্ন সংগঠনে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ দাবী কৰি আহিছে । ইফালে মহিলা নিৰ্যাতনৰ ঘটনাত ৰাইজৰ পৰা মুখ্যমন্ত্ৰী বীৰেন সিঙে পদত্যাগৰ বাবে জনোৱা আহ্বানৰ তীব্ৰ হেঁচাৰ সন্মুখীন হৈ কৈছে যে অপৰাধীক চিনাক্তকৰণ কৰাত হোৱা সমস্যাৰ বাবেই আৰক্ষীয়ে উচিত পদক্ষেপ গ্ৰহণ কৰাত বিলম্ব হৈছে ।

"হিংসা অব্যাহত থকাৰ মাজতো ৬,০০০-তকৈও অধিক এফআইআৰ দাখিল কৰা হৈছিল । ভিডিঅ'টো পোহৰলৈ অহাৰ সময়ত আৰক্ষীয়ে ঘটনাটো চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছিল । আমি ভিডিঅ'টো লাভ কৰাৰ লগে লগে অপৰাধীসকলক চিনাক্ত কৰোঁ আৰু তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছ । আমি ইতিমধ্যে মূল অপৰাধীসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছোঁ ।" মুখ্যমন্ত্ৰীয়ে কয় ।

উল্লেখ্য যে ৩ মে'ৰ পৰা অসান্ত হৈ আছে সমগ্ৰ মণিপুৰ । মণিপুৰৰ দুটা জনজাতীয় সম্প্ৰদায় মেইটেই আৰু কুকিৰ মাজত সৃষ্টি হোৱা সংঘাতে পৰৱৰ্তী সময়ত হিংসাত্মক ৰূপ ধাৰণ কৰে । অনুসূচিত জনজাতিৰ তালিকাত মেইটেই সম্প্ৰদায়ক অন্তৰ্ভুক্তিৰ বিবাদতে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মণিপুৰত ।

লগতে পঢ়ক :Kuki Women Raped: মণিপুৰ জঘন্য ঘটনাৰ ৪ অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.