নিউজ ডেস্ক, 14 জুন : আজিও শান্ত হোৱা অগ্নিগৰ্ভা মণিপুৰৰ সামগ্ৰিক পৰিস্থিতি ৷ এটাৰ পাচত আনটো কাৰকে ক্ৰিয়া কৰি আছে মণিপুৰত (Violence in Manipur) ৷ শেহতীয়া তথ্য অনুসৰি, ইম্ফল পশ্চিম জিলাৰ লেমফেল অঞ্চলৰ মহিলা মণিপুৰ মন্ত্ৰী নেমচা কিপগেনৰ চৰকাৰী কোৱাৰ্টাৰত বুধবাৰে নিশা অচিনাক্ত লোকে অগ্নিসংযোগ কৰে (Manipur violence updates)৷
জাতিগত সংঘাতৰ ফলতে মণিপুৰৰ খামেনলক অঞ্চলত দুৰ্বৃত্তই আক্ৰমণ কৰে বুলি সন্দেহ কৰা হৈছে ৷ এই তথ্য সদৰী কৰিছে এগৰাকী চৰকাৰী বিষয়াই ৷ বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি, দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ফলত 9 জন লোক নিহত হোৱাৰ লগতে 10 জন লোক আহত হৈছে (Manipur ministers official quarters set on fire)৷
তেওঁ কোৱা মতে, এই অগ্নিকাণ্ডৰ ফলত কুকি সম্প্ৰদায়ৰ নেতা কিপগেনৰ কোৱাৰ্টাৰত কোনো উপস্থিত নাছিল । ইফালে জুই লেলিহান শিখা বিয়পি পৰা পূৰ্বেই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ নিৰ্বাপিত কৰে জুই ৷ ইয়াৰ পূৰ্বে বুধবাৰে পুৱা প্ৰায় 1 বজাত ইম্ফল পূৱ জিলা আৰু কাংপোকি জিলাৰ সীমান্তৱৰ্তী খামেনলক অঞ্চলৰ কুকি গাঁও ঘেৰাও কৰি অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলাছিল ৷ ফলত কিছু লোক আঘাতপ্ৰাপ্তও হৈছিল ।
লগতে পঢ়ক : Violence in Manipur: পুনৰ মণিপুৰত কুকি উগ্ৰপন্থীৰ নৃশংসতা; সাধাৰণ নাগৰিকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা
আনহাতে, জিলা কৰ্তৃপক্ষই ইম্ফলৰ পূৱ আৰু পশ্চিম জিলাত পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে থকা সান্ধ্য আইন শিথিল কৰি পুৱা 5 বজাৰ পৰা 9 বজালৈকে বৃদ্ধি কৰিছে । তথ্য অনুসৰি, মণিপুৰৰ 16 খন জিলাৰ ভিতৰত 11 খন জিলাত সান্ধ্য আইন বলবৎ থকাৰ বিপৰীতে সমগ্ৰ উত্তৰ-পূব ৰাজ্যত ইণ্টাৰনেট সেৱা বন্ধ হৈ আছে ।
এমাহ পূৰ্বে মণিপুৰৰ মেইটেই আৰু কুকি সম্প্ৰদায়ৰ লোকৰ মাজত সংঘটিত হোৱা জাতিগত হিংসাত 100 জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছিল আৰু 310 জন লোক আহত হৈছিল । ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ বাবে সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানক নিয়োগ কৰা হৈছিল ।
লগতে পঢ়ক : Manipur violence news: মণিপুৰৰ কাহিনী বিৱৰি ৰাষ্ট্ৰসংঘলৈ স্মাৰকপত্ৰ প্ৰেৰণ 15 টা সংগঠনৰ