নিউজ ডেস্ক, ২৩ জুলাই: ৰাষ্ট্ৰীয় সুৰক্ষা আইন, ১৯৮০(National Security Act, 1980)ৰ অধীনত আটক কৰা সাংবাদিক কিশোৰচন্দ্ৰ ৱাংখেম(Kishorchandra Wangkhem)ক অৱশেষত মুকলি কৰিলে মণিপুৰ উচ্চ ন্যায়ালয়ে ৷ মুখ্য ন্যায়াধীশ নবীন সিঙ(Nabin Singh)ৰ নেতৃত্বত মণিপুৰ উচ্চ ন্যায়ালয়ৰ এটা বিভাগীয় বিচাৰপীঠে শুকুৰবাৰে সাংবাদিকগৰাকীক মুকলি কৰে ৷ সাংবাদিক গৰাকীৰ পত্নীয়ে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে শুকুৰবাৰে সন্ধিয়া 5 বজাৰ ভিতৰত আটকাধীন সাংবাদিক গৰাকীক মুকলি কৰি দিয়াৰ নিৰ্দেশ প্ৰদান কৰে ৷ এই বেআইনী আটকৰ ক্ষতিপূৰণৰ সিদ্ধান্ত লোৱাৰ বাবে 24 আগষ্টৰ দিনটো নিৰ্ধাৰণ কৰা হৈছে ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে মণিপুৰৰ এগৰাকী সক্ৰিয় এক্টিভিষ্ট(Manipur based activist) এৰেন্দ্ৰ' লিচোম্বাম(Erendro Leichombam)ক মুক্তিৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ লিচোম্বামক মুক্তিৰ নিৰ্দেশ দি আদালতে তেওঁক আটক কৰাটো ভাৰতীয় সংবিধানৰ 21 নং অনুচ্ছেদৰ আধাৰত তেওঁৰ জীৱনৰ মৌলিক অধিকাৰৰ উলংঘণ বুলি দাবী কৰিছিল ৷
কিশোৰচন্দ্ৰ আৰু এৰেন্দ্ৰ' দুয়োকে এটা ফেচবুক পোষ্টৰ বাবে মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ কৰ'ণাৰ চিকিৎসা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কিশোৰচন্দ্ৰই ফেচবুকত মণিপুৰী ভাষাতে গোবৰ আৰু গৰুৰ প্ৰস্ৰাৱ কৰ'ণা ভাইৰাছ চিকিৎসাৰ ঔষধ নহয় বুলি উল্লেখ কৰিছিল ৷ প্ৰায় একে সময়তে অনুৰূপ ধৰণৰ এটা পেচবুক পোষ্ট এৰেন্দ্ৰ'ইও ফেচবুকযোগে পোষ্ট কৰিছিল ৷ ইয়াৰ পাচতে 2021 চনৰ 17 মে' তাৰিখে দুয়োকে ৰাষ্ট্ৰীয় সুৰক্ষা আইন, 1980( National Security Act, 1980)ৰ অধীনত আটক কৰা হৈছিল ৷
শুকুৰবাৰে প্ৰদান কৰা নিৰ্দেশত মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে দুয়োটা গোচৰ প্ৰায় একে বুলি মন্তব্য কৰে ৷ তাৎপৰ্যপূৰ্ণভাৱে এৰেন্দ্ৰ' লিচোম্বামক আটক কৰি ৰখাৰ বৈধতাৰ বিষয়টো Writ Petition (Criminal) No.266 of 2021 ৰ অধীনত বিবেচনাৰ বাবে উচ্চতম ন্যায়ালয়ৰ সন্মুখলৈ আহে ৷ ইয়াৰ পাচতে 19 জুলাইত এক নিৰ্দেশ জাৰি কৰি উচ্চতম ন্যায়ালয়ে কয় যে, লিচোম্বামক আটক কৰি ৰখাটো ভাৰতীয় সংবিধানৰ 21 নং অনুচ্ছেদৰ অধীননত জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ উলংঘণ কৰাৰ সমান পৰ্যায়ৰ ৷ সেয়ে এক অন্তৱৰ্তীকালীন নিৰ্দেশ দি লিচোম্বামক তাৎক্ষণিক মুক্তিৰ নিৰ্দেশ প্ৰদান কৰা হয় ৷
শুকুৰবাৰে আদালতে কৰা নিৰ্দেশটোত এইবুলি উল্লেখ আছে,"মণিপুৰ চৰকাৰে 5 মে' তাৰিখে এৰেন্দ্ৰ' লিচোম্বামৰ বিৰুদ্ধে জাৰি কৰা আটকৰ আদেশ প্ৰত্যাহাৰ কৰে ৷ কিশোৰচন্দ্ৰৰ পত্নী আৰু এৰেন্দ্ৰ' লিচোম্বামৰ গোচৰৰ মাজত কোনো পাৰ্থক্য আমি দেখিবলৈ পোৱা নাই ৷ তেওঁলোক দুয়োজনে একে ধৰণৰ ফেচবুক পোষ্ট দিছিল ৷ দুয়োজনে কৰ'ণা ভাইৰাছৰ চিকিৎসাত গোবৰ আৰু গৰুৰ প্ৰস্ৰাৱৰ উপযোগিতাৰ সমালোচনা কৰিছিল ৷ যিহেতু তেওঁলোক দুয়োৰে বিৰুদ্ধে গোচৰ প্ৰায় একে সেয়ে আমি অভিমত পোষণ কৰিছো যে, আবেদনকাৰীৰ স্বামীৰ বন্দীত্ব সংবিধানৰ 21 নং অনুচ্ছেদৰ উলংঘণ হ'ব ৷
লগতে পঢ়ক: দৈনিক ভাস্কৰ,ভাৰত সমাচাৰৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান:গৰিহণা আমেৰিকাৰ সংবাদ সংস্থাৰ