ETV Bharat / bharat

77th Independence Day: ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা মণিপুৰৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Aug 14, 2023, 10:41 PM IST

দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙৰ ৷ ১০০ দিনৰ হিংসাৰ পাচত ৰঙীন পৰিৱেশত সজাই তোলা হৈছে খেলপথাৰ ৷ ৰাজ্যবাসীক সম্প্ৰদায়ৰ সংযোগৰ পৰিসীমাৰ ওপৰত উঠি শান্তি, বুজাবুজি আৰু মিলনৰ বাবে কাম কৰি যোৱাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ ।

77th Independence Day
৭৭ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা মণিপুৰৰ মুখ্যমন্ত্ৰীৰ

তেজপুৰ, ১৪ আগষ্ট: মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষ্যে জনসাধাৰণক শুভেচ্ছা জনাইছে ৷ শেহতীয়াকৈ গোষ্ঠীগত সংঘৰ্ষত ১৫০ তকৈ অধিক লোক হেৰুৱা ৰাজ্যখনত ১০০ দিনৰ হিংসাৰ পাচত ৰঙীন পৰিৱেশত সজাই তোলা হৈছে খেলপথাৰ ৷

স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৰাজ্যখনত চলি থকা সংকটৰ প্ৰতি গুৰুতৰ উদ্বেগ প্ৰকাশ কৰে । তেওঁ উল্লেখ কৰে যে “আমাৰ ৰাজ্য মণিপুৰে নিজৰ দীৰ্ঘ ইতিহাসৰ এক কঠিন সময় পাৰ কৰিছে । ৩ মে’ৰ পৰা ৰাজ্যখনক আগুৰি ধৰা সংঘাত-হিংসাৰ সীমা আৰু পৰিসৰ অপ্ৰত্যাশিত আছিল । সংঘাতত দুয়োপক্ষৰ লোকে হিংসাত্মক কাৰ্যত লিপ্ত হৈছে, ঘৃণা আৰু প্ৰতিশোধৰ চিন্তাৰ দ্বাৰা পৰিচালিত হৈছে । মুখ্যমন্ত্ৰীয়ে মণিপুৰৰ ৰাইজক হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীত যোগদান কৰি প্ৰত্যেকজন লোকক তেওঁলোকৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈও আহ্বান জনায় ৷

১৫০ জনৰো অধিক লোক নিহত হোৱাৰ লগতে শ শ লোক আহত হোৱাৰ উপৰি ঘৰ-বাৰী আৰু ধৰ্মীয় স্থান ভাঙি পেলোৱা কাৰ্যৰ দ্বাৰা আমি আমাৰ সন্তান আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে ভাল উদাহৰণ এৰি যোৱা নাই বুলি শুভেচ্ছা বাৰ্তাত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে এন বীৰেণ সিঙে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়, ৰাজ্যখনে সম্প্ৰদায়ৰ সংযোগৰ পৰিসীমাৰ ওপৰেৰে উঠি শান্তি, বুজাবুজি আৰু মিলনৰ বাবে কাম কৰিব লাগিব । “প্ৰত্যেকেই সংকীৰ্ণ বিবেচনাৰ বাহিৰলৈ চাব লাগিব আৰু এনে এটা সমাধান বিচাৰিবলৈ ইচ্ছুক হ’ব লাগিব যিটো শতিকাজুৰি একেলগে থকাৰ ওপৰত ভিত্তি কৰি হ’ব লাগিব । ৰাষ্ট্ৰৰ ধৈৰ্য্য আৰু সদিচ্ছাৰ পৰীক্ষা হ’ব পাৰে । তথাপিও বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে যুঁজত ৰাষ্ট্ৰইও শক্তিশালী আৰু স্থিতিস্থাপক হৈ থাকিব লাগিব । শেষত সত্য আৰু শান্তিৰ জয় হ’ব ৷ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয় ৷

লগতে পঢ়ক: Manipur Conflict : মণিপুৰৰ হিংসাত আটাইতকৈ বেছি প্ৰভাৱিত শিক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.