ETV Bharat / bharat

Manipur violence: মণিপুৰৰ গৃহহাৰা জনতাৰ মূৰৰ ওপৰত অস্থায়ী চালি

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 11:27 AM IST

কেনে আছে মণিপুৰ ! চন্দ্ৰযান-3ৰ সফলতাত হেৰাই গ’ল নেকি মণিপুৰৰ হিংসা জৰ্জৰ খবৰ ! মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে আস্থায়ী আশ্ৰয় শিবিৰ মুকলি ৷ 400 গৃহহীন লোকৰ বাবে অস্থায়ী আশ্ৰয় শিবিৰ মুকলি মুখ্যমন্ত্ৰীৰ !

Manipur violence
মণিপুৰত অসহায় লোকৰ বাবে অস্থায়ী আশ্ৰয় শিবিৰ মুকলি

তেজপুৰ, 24 আগষ্ট: কেনে আছে মণিপুৰ ! শান্তিৰ বাতাবৰণ আহিল নেকি মণিপুৰলৈ ! প্ৰায় তিনি চাৰি মাহৰো অধিক কাল হিংসাৰ জুইত জ্বলি থকা মণিপুৰৰ খবৰ লৈছে নে ?

হিংসাৰ খবৰ মাজতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে আস্থায়ী আশ্ৰয় শিবিৰ মুকলি কৰা খবৰে তাৎপৰ্যবহন কৰিছ ৷ ইম্ফল ইষ্টৰ কাৰাগাৰৰ সমীপত 400 গৃহহীন লোকৰ বাবে অস্থায়ী আশ্ৰয় শিবিৰ মুকলি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । চৰকাৰে আশ্ৰয় গৃহ নিৰ্মাণৰ অধীনত মুঠ 3000 হাজাৰ লোকৰ বাবে আশ্ৰয় গৃহ নিৰ্মাণ কৰিছিল ৷

400 আশ্ৰয় গৃহ উদ্বোধন কৰি হস্তান্তৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী থ. বিশ্বজিত, মন্ত্ৰী যুমনাম খেমচান্দ, স্বাস্থ্য মন্ত্ৰী ড° সপম ৰঞ্জন, সমাজ কল্যাণ মন্ত্ৰী হেইখাম ডিংগো, পৰিবহণ মন্ত্ৰী খাছিম ভাছুম, বিধায়ক থৌনাওজাম শ্যামকুমাৰ, থোংগম শান্তি, ডাঃ উছাম দেবেন, থাংজাম অৰুণ কুমাৰ, খংবন্তবাম ইবোমচা, সপম কুঞ্জকেশ্বৰ আৰু বহু চৰকাৰী বিষয়া ৷

আশ্ৰয় শিবিৰ মুকলি কৰি ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয় যে, হিংসাৰ ফলত ঘৰ-বাৰী, সম্পত্তি হেৰুৱা ব্যক্তিসকলক সকলো ধৰণৰ নিৰাপত্তা প্ৰদান কৰা হ’ব ৷ তেওঁলোকক সুৰক্ষা দিয়াটো চৰকাৰ প্ৰধান কৰ্তব্য আৰু দায়িত্ব ৷ সেয়ে বৰ্তমানে ৰাইজক নিৰাপত্তাৰ বাবে কাৰ্যক্ষম কৰি তোলা হৈছে জেলৰ ওচৰত নিৰ্মাণ কৰা আশ্ৰয় গৃহসমূহ ৷ ক্ষীপ্ৰতাৰে বৰ্তমান স্থানান্তৰৰ বাবে মুঠ 4০০ টা ক্ষতিগ্ৰস্ত পৰিয়ালক প্ৰথম পৰ্যায়ত প্ৰদান কৰা হৈছে ।

মুখ্যমন্ত্ৰীয়ে কয়, ’’পাহাৰ আৰু ভৈয়াম দুয়োটা অঞ্চলৰে নীৰিহ লোকসকলে নিজৰ স্থান হেৰুৱাই বিভিন্ন সাহায্য শিবিৰত আশ্ৰয় লৈছে ৷ এয়া দুৰ্ভাগ্যজনক ৷ চলিত বৰ্ষৰ মে' মাহৰ 3 তাৰিখৰ পৰা ৰাজ্যখনত হিংসাৰ পৰিস্থিতি ভয়ানক ৰূপ লোৱাত বহু হাজাৰ লোক গৃহহীন হৈ পৰিছে । মণিপুৰৰ চৰকাৰে এই গৃহহীন লোকক স্থানান্তৰিত কৰাৰ বাবে বিভিন্ন স্থানত অস্থায়ী আশ্ৰয় ঘৰসমূহৰ নিৰ্মাণ কৰা হৈছে ৷’’

লগতে পঢ়ক: Banned on stone crushers: নদীত চলাব নোৱাৰিব খনন কাৰ্য, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.