ETV Bharat / bharat

Manipur assembly election results: আশাত বন্দী কংগ্ৰেছ-বিজেপি

author img

By

Published : Mar 9, 2022, 9:08 PM IST

মণিপুৰত মূল ৰাজনৈতিক যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে অনুষ্ঠিত হৈছে ৷ মণিপুৰ নিৰ্বাচনক (Manipur assembly poll 2022)লৈ এক প্ৰকাৰ নিশ্চিন্ত হৈ আছে বিজেপি দল ৷ আনফালে শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনিবলৈ আশাবাদী হৈ আছে কংগ্ৰেছ দল ৷

Manipur assembly election results
আশাত বন্দী কংগ্ৰেছ-বিজেপি

নিউজ ডেস্ক, 9 মাৰ্চ : মণিপুৰ নিৰ্বাচনক (Manipur assembly poll 2022)লৈ এক প্ৰকাৰ নিশ্চিন্ত হৈ আছে বিজেপি দল ৷ কিয়নো বহুকেইটা এগজিট প’লৰ মতে গেৰুৱা দলটোৱেই 2022 ত মণিপুৰত চৰকাৰ গঠন কৰিব (Exit poll on Manipur election)৷ কিন্তু আনফালে শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনিবলৈ আশাবাদী হৈ আছে কংগ্ৰেছ দল ৷ মণিপুৰত মূল ৰাজনৈতিক যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে অনুষ্ঠিত হৈছে ৷ কিন্তু যদি কোনো দলে একক সংখ্যা গৰিষ্ঠতা লাভ নকৰে তেতিয়া নেশ্যনেল পিপলচ পাৰ্টী, নাগা পিপলচ ফ্ৰন্ট আৰু জে ডি(ইউ) দল গুৰুত্বপূৰ্ণ হৈ পৰিব পাৰে ৷

ইম্ফলৰ বিজেপিৰ কাৰ্যালয়ত এক প্ৰকাৰ উল্লাসৰ পৰিবেশ দেখা গৈছে ৷ বিজেপি কৰ্মী সকল ব্যস্ত হৈ পৰিছে কাৰ্যালয়টো চাফ-চিকুণ কৰি নতুন দলীয় পতাকা লগোৱা, চৌহদৰ দেৱালত ৰং দিয়া আদি কাৰ্যত ৷ কিন্তু প্ৰায় এক কিলোমিটাৰ দূৰত্বত থকা কংগ্ৰেছৰ কাৰ্যালয়ত তেনে কোনো উছাহ পৰিলক্ষিত হোৱা নাই ৷

নিৰ্বাচনৰ পূৰ্বে মণিপুৰ বিজেপিৰ সভাপতি এ সাৰদা দেবীয়ে অনুমান কৰিছিল যে, বিজেপি দলে 60 টা সমষ্টিৰ ভিতৰত 40 টা সমষ্টিতেই গেৰুৱা দলটোৱে জয়লাভ কৰিব ৷ 60 খন আসনতেই প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপি দলে ৷ অৱশ্যে কংগ্ৰেছে নিৰ্বাচনৰ পূৰ্বেই চিপিআই, চিপিএম, ফৰ্ৱাৰ্ড ব্লক, আৰ এছ পি আৰু জেডি(এছ)ৰ সৈতে মিত্ৰতা ঘোষণা কৰিছিল (Congress announce alliance in Manipur election)৷

বিভিন্ন এগজিট প’লৰ মতে বিজেপি দলেই ৰাজ্যখনত চৰকাৰ গঠন কৰিব আৰু 23 ৰ পৰা 43 খনৰ ভিতৰত আসন লাভ কৰিব বিজেপিয়ে ৷ আনহাতে কংগ্ৰেছ দলে 4 ৰ পৰা 17 খন আসন পাব বুলি এগজিট প’লে ধাৰণা কৰিছে ৷ এন পি পিয়ে 4 ৰ পৰা 14 খন, এন পি এফে 2 ৰ পৰা 8 খন আসন পাব বুলি এগজিট প’লে সমীক্ষা আগবঢ়াইছে ৷

লগতে পঢ়ক : Manipur Election 2022 : ভোটগণনাৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীসকলক একেলগে ৰখাৰ প্ৰচেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.