ETV Bharat / bharat

Manipur Violence : মণিপুৰত বিদ্ৰোহী আটক, বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰও জব্দ - Insurgent held in Manipur with ammunition

মণিপুৰত ভাৰতীয় সেনাৰ অভিযান অব্যাহত আছে । তেনে এক অভিযানৰ মাজতে কেআইএ গ্ৰুপৰ এজন সদস্যক আটক । ৰাইফল, গোলাবাৰুদকে ধৰি বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ ।

Manipur Violence
মণিপুৰত বিদ্ৰোহী আটক
author img

By

Published : Aug 6, 2023, 12:20 PM IST

তেজপুৰ, ৬ আগষ্ট : মণিপুৰত সশস্ত্ৰ বিদ্ৰোহীৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ অভিযান অব্যাহত আছে । শেহতীয়াকৈ বিষ্ণুপুৰ জিলাত নতুনকৈ হিংসাত্মক ঘটনা সংঘটিত হৈছে । য'ত ৩ জন লোকৰ মৃত্যু হয় । এই ঘটনাৰ পাছতে সেনাই অঞ্চলটোত অভিযান তীব্ৰতৰ কৰি তুলিছিল । সেই অভিযানৰ সময়তে সেনাই এজন সশস্ত্ৰ বিদ্ৰোহীক আটক কৰে । অভিযানত এখন মাৰণাস্ত্ৰ ভৰ্তি বিপণীয়ো উদ্ধাৰ কৰা হয় । অভিযানৰ সময়ত সেনাই বিপণীখনত এটা ছেল্ফ-লোডিং ৰাইফল, গোলাবাৰুদ উদ্ধাৰ কৰে ।

মণিপুৰ আৰক্ষীয়ে শনিবাৰে নিশা এক বিবৃতিত কয় যে, কেৱল ভৈয়ামত থকা জিলাৰ বিভিন্ন থানা আৰু অস্ত্ৰভাণ্ডাৰৰ পৰা অস্ত্ৰ তথা গোলা বাৰুদ লুণ্ঠন কৰে দুষ্কৃতিকাৰীয়ে । আনহাতে, শনিবাৰে সন্ধিয়া নিউ কেইথেলমানবি থানাৰ অন্তৰ্গত এ মুংচামকম গাঁৱত উগ্ৰপন্থীৰ সৈতে ৫/৯ জি আৰ আৰু ২১ এছ এফৰ যৌথ দলৰ মাজত হোৱা সংঘৰ্ষত SoO সংগঠনৰ এজন কেডাৰক এটা এছ এল আৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় l লোকজনৰ পৰা বন্দুকৰ মেগাজিন আৰু ৫০ ৰাউণ্ড গুলিও জব্দ কৰা হৈছে ।
আৰক্ষী নিয়ন্ত্ৰণ কক্ষই জনোৱা মতে, পাহাৰ আৰু ভৈয়াম উভয় জিলাৰ বিভিন্ন আৰক্ষী থানা আৰু অস্ত্ৰভাণ্ডাৰৰ পৰা অস্ত্ৰ-শস্ত্ৰ লুটপাত হোৱাৰ পৰিমানৰ তথ্য বিভ্ৰান্তিকৰ । নিৰাপত্তা বাহিনীয়ে পাহাৰ আৰু উপত্যকা অঞ্চলত নিৰন্তৰ অভিযান চলাই লুণ্ঠন কৰা অস্ত্ৰ-শস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

যাৰ ফলত উপত্যকা জিলাসমূহত ১০৫৭ টা অস্ত্ৰ আৰু ১৪২০১ টা গোলা বাৰুদ উদ্ধাৰ কৰা হৈছে আৰু পাহাৰীয়া জিলাসমূহত ১৩৮ টা অস্ত্ৰ আৰু ১২১ টা গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে । যোৱা ৩ আগষ্ট বৃস্পতিবাৰে কাংভাই অঞ্চলত সংঘটিত কাণ্ডৰ পূৰ্বে নিৰাপত্তাৰক্ষীয়ে ১৫ টা অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

ভাৰতীয় সেনাৰ স্পিয়াৰ কৰ্পছে এক বিবৃতিত কয় যে, শনিবাৰে পুৱতি নিশা বিষ্ণুপুৰৰ কোৱাক্তাত সংঘটিত ঘটনাৰ পাছত 'অপাৰেচন মংচাম'ৰ অধীনত একাধিক তালাচী চলোৱা হৈছিল । শনিবাৰে সন্ধিয়া ৫.৩০ মান বজাত মংচামৰ সাধাৰণ এলেকাত আৰম্ভ কৰা এক তালাচীৰ সময়ত বিদ্ৰোহীসকলে গুলীবৰ্ষণ কৰে । সেনাইও তাৰ প্ৰত্যুত্তৰ দিয়ে । বিবৃতিত উল্লেখ কৰা মতে অভিযানৰ সময়তে কেআইএ-ৰ (Non-SoO Group) এজন সশস্ত্ৰ বিদ্ৰোহী গুলীত আহত হয় আৰু সেনাই বিদ্ৰোহীজনক আটক কৰে । কিন্তু আনসকল পলাই যাবলৈ সক্ষম হয় ।

ইয়াৰ পূৰ্বে, বিষয়াসকলে কৈছিল যে, শুকুৰবাৰে বিষ্ণুপুৰৰ হিংসাত্মক ঘটনাত প্ৰায় ৩ জন লোকৰ মৃত্যু হৈছিল । আৰক্ষীয়ে জনোৱা মতে মণিপুৰত ৩ মাহ ধৰি জাতিগত হিংসা অব্যাহত আছে । যাৰ ফলত উত্তৰ-পূবৰ ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতি এতিয়াও উত্তেজনাপূৰ্ণ হৈ আছে । ৩ আগষ্টত জাৰি কৰা এক প্ৰেছ নোটত আৰক্ষীয়ে কৈছিল যে গুলীচালনা আৰু ৰাইজৰ দ্বাৰা বিক্ষিপ্ত ঘটনা অব্যাহত আছে । এতিয়ালৈ উত্তৰ-পূবৰ ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাত ১০০ ৰো অধিক লোকৰ মৃত্যু হৈছে । হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে ।

উল্লেখ্য যে, মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ক অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে বিবেচনা কৰিবলৈ কোৱাৰ ৩ দিন পাছতে মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ আৰম্ভ হয় । মণিপুৰৰ পৰিস্থিতিয়ে চলিত বৰ্ষাকালীন অধিৱেশনত অচলাৱস্থা অব্যাহত ৰাখিছে । ইয়াৰ মাজতে বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ এটা প্ৰতিনিধি দলে মণিপুৰ ভ্ৰমণ কৰে । স্থানীয় লোকৰ লগতে মণিপুৰৰ ৰাজ্যপালকো তেওঁলোকে সাক্ষাৎ কৰে ।

লগতে পঢ়ক :Bomb blast threatening: কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভ্ৰমণৰ সময়তে মুম্বাইত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ভাবুকি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.