ETV Bharat / bharat

নিবনুৱা সমস্যাকলৈ বিজেপি চৰকাৰক সমালোচনা মানিক সৰকাৰৰ

author img

By

Published : Sep 7, 2022, 6:28 PM IST

ত্ৰিপুৰাত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Unemployment problem in Tripura)। এই সমস্যা সমাধানত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ । গুৰুতৰ অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা চিপিআই(এম)ৰ নেতা মানিক সৰকাৰৰ ।

Tripura
নিবনুৱা সমস্যাকলৈ বিজেপি চৰকাৰক সমালোচনা মানিক সৰকাৰৰ

আগৰতলা, ৭ ছেপ্টেম্বৰ : 'নিযুক্তি প্ৰদানত ব্যৰ্থ ত্ৰিপুৰাৰ বিজেপি চৰকাৰ । বিজেপিয়ে নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰি দৰিদ্ৰলোকক লুণ্ঠন চলাইছে, লগতে লোকসকলক দুৰ্ভিক্ষৰ মুখলৈ ঠেলি দিছে ।' এই অভিযোগ ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ (Manik Sarkar slams BJP govt)।

নিবনুৱাক সংস্থাপন দিয়াত ব্যৰ্থ বিজেপি চৰকাৰক সমালোচনা কৰি মানিক সৰকাৰে কয় যে চিপিআই(এম)ৰ চৰকাৰে গোটেই বছৰজুৰি মানুহৰ বাবে নিয়োগ বা সংস্থাপনৰ ব্যৱস্থা কৰিছিল । ৰাজ্যখনৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকল বিভিন্ন কাৰ্যালয়ৰ কামত জড়িত হৈ আছিল । কিন্তু বৰ্তমানৰ চৰকাৰখন সম্পূৰ্ণৰূপে জনবিৰোধী চৰকাৰ বুলি অভিযোগ কৰে চিপিআই(এম)ৰ নেতাগৰাকীয়ে (Unemployment problem in Tripura)।

ত্ৰিপুৰাৰ উত্তৰ জিলাৰ ধৰ্মনগৰ মহকুমাৰ অন্তৰ্গত কালাচেৰাত এক সভাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে চিপিআই(এম)ৰ জ্যেষ্ঠ নেতাগৰাকীয়ে । নেতাগৰাকীয়ে কয় যে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে ৰাজ্যখনৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত খালী পদ থকাৰ পাছতো চৰকাৰে সেই পদবোৰ পূৰণ কৰা নাই ।

মানিক সৰকাৰে অভিযোগ কৰা মতে বিজেপি চৰকাৰে বছৰত ৫০,০০০ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰৰ কোনো পদক্ষেপ লোৱা নাই । চৰকাৰে কেৱল ভুৱা প্ৰতিশ্ৰুতি দি দৰিদ্ৰ লোকসকলক প্ৰতাৰণা কৰিছে বুলি তেওঁ অভিযোগ কৰে । সেয়েহে এই চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিবলৈ মানিক সৰকাৰে ৰাইজক আহ্বান জনাই ।

লগতে পঢ়ক :জনজাতীয় উন্নয়ন প্ৰকল্প পৰিদৰ্শনৰ বাবে ত্ৰিপুৰাত উপস্থিত বিশ্ব বেংকৰ প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.