ETV Bharat / bharat

'শাসকীয় দলৰ অপৰাধীক ৰক্ষণাবেক্ষণ দিছে আৰক্ষীয়ে' : মানিক সৰকাৰ - শাসকীয় দলৰ অপৰাধীক ৰক্ষণাবেক্ষণ দিছে আৰক্ষীয়ে

শেহতীয়াকৈ চিপিআই(এম)ৰ কৰ্মীক নিৰ্মমভাৱে হত্যা কৰা হৈছে । ঘটনা সন্দৰ্ভত ত্ৰিপুৰা আৰক্ষীক সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ (Manik Sarkar criticizes Tripura police)। আৰক্ষীয়ে নিৰপেক্ষভাৱে তদন্ত নকৰাৰ অভিযোগ । ঘটনাত জড়িত বিজেপি কৰ্মীক সহায় কৰিছে আৰক্ষীয়ে ।

Tripura
শাসকীয় দলৰ অপৰাধীক ৰক্ষণাবেক্ষণ দিছে আৰক্ষীয়ে
author img

By

Published : Feb 15, 2022, 11:49 AM IST

আগৰতলা,১৫ ফেব্ৰুৱাৰী : শেহতীয়াকৈ চিপিআই(এম)ৰ কৰ্মী বেনু বিশ্বাসৰ হত্যাকাণ্ডৰ ঘটনাই (CPIM worker killed in Tripura) সমগ্ৰ ত্ৰিপুৰাতে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে । চিপিআই(এম)ৰ অভিযোগ বিজেপিৰ গুণ্ডাবাহিনীয়ে হত্যা কৰিছে বেনু বিশ্বাসক । চিপিআই(এম)ৰ বহু শীৰ্ষ নেতাই বেনু বিশ্বাসৰ পৰিয়ালৰ খবৰ ল'বলৈ তেওঁৰ বাসগৃহত উপস্থিত হোৱা দেখা গৈছে । ইয়াৰ মাজতে সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ,উপ-বিৰোধী নেতা বাদল চৌধুৰী, বিধায়ক ৰতন ভৌমিক আৰু সুধন দাস উপস্থিত হয় মৃত বেনু বিশ্বাসৰ বাসগৃহত ।

মানিক সৰকাৰৰ অভিযোগ এই ঘটনাৰ নিৰপেক্ষ তদন্তত ব্যৰ্থ হৈছে ত্ৰিপুৰা আৰক্ষী । শাসকীয় দলৰ হত্যাকাৰী গুণ্ডাবাহিনীক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ কৰিছে নেতাগৰাকীয়ে । এই ক্ষেত্ৰত আৰক্ষী সঞ্চালক প্ৰধানৰ ভূমিকাক সমালোচনা কৰে নেতাগৰাকীয়ে (Manik Sarkar criticizes Tripura police)। নিৰ্মমভাৱে হত্যা কৰা বেনু বিশ্বাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা চিপিআই(এম)ৰ নেতাগৰাকীয়ে কয় যে এই ঘটনা অমানৱীয় আৰু বৰ্বৰ ।

নেতাগৰাকীৰ মতে বেনু বিশ্বাসৰ পৰিয়াৰ সৈতে তেওঁলোকে কথা পাতিছে । জানিব পৰা মতে বেনু বিশ্বাসক পূৰ্বেও আক্ৰমণ কৰা হৈছিল । আনকি বেনুৰ আন এগৰাকী ভাতৃও কেইদিনমান পূৰ্বে আক্ৰমণৰ সন্মুখীন হৈছিল ।

বেনুৰ পৰিয়ালে সদায় শাসনাধিষ্ঠ চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে মাত মাতিছিল । যাৰ বাবে তেওঁলোকে এই ধৰণৰ আক্ৰমণৰ সন্মুখীন হৈ আহিছিল বুলি অভিযোগ কৰে মানিক সৰকাৰে । ইফালে আৰক্ষীৰ এক বিবৃতিকলৈ ও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নেতাগৰাকীয়ে ।

তেওঁৰ অভিযোগ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল সঠিক নহয় । স্থানীয় আৰক্ষীয়ে আগৰতলালৈ ফলাফল প্ৰেৰণ কৰাৰ পাছতে সঞ্চালক প্ৰধানে কোনো পদক্ষেপ নোলোৱাকৈয়ে প্ৰেছ বিবৃতি দি কৈছিল যে আঘাতৰ কোনো দাগ নাই আৰু সেয়ে তেওঁৰ মৃত্যুৰ কাৰণ বেলেগ । মানিক সৰকাৰৰ দাবী ৰাইজৰ তীব্ৰ প্ৰতিবাদ দেখাৰ পাছত জ্যেষ্ঠ আৰক্ষী বিষয়াসকল ঘটনাস্থলীলৈ আহি পৰিয়ালৰ সদস্য, বজাৰৰ লোকসকলৰ সৈতে কথা পাতিব লাগিছিল ।

কিন্তু এইবোৰ পদক্ষেপ লোৱাৰ পৰিৱৰ্তে ত্ৰিপুৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা কেনেদৰে বিবৃতি দিয়া হ'ল বুলিও ত্ৰিপুৰা আৰক্ষীক প্ৰশ্ন কৰে নেতাগৰাকীয়ে । মানিক সৰকাৰৰ মতে এইধৰণে শাসকীয় দলৰ অপৰাধীসকলক হত্যাকাণ্ডবোৰত পৰোক্ষভাৱে সহায় কৰি আছে ।

লগতে পঢ়ক :CPIM worker killed in Tripura:হত্যাকাৰীক শাস্তিৰ দাবীত ত্ৰিপুৰাত পথ অৱৰোধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.