ETV Bharat / bharat

বিবাহৰ পাত্ৰী বিচাৰি আৰক্ষীৰ কাষ চাপিল উত্তৰ প্ৰদেশৰ যুৱক - আজীম তৃতীয় সন্তান

বিয়াৰ উপযুক্ত বয়স হ'ল । বিবাহৰ বাবে দৰা সাজু, কিন্তু কইনাহে বিচাৰি পোৱা নাই । পৰিয়ালৰ লোকেও বিচাৰি দিব পৰা নাই এগৰাকী জীৱনসংগী । উপায়হীন হৈ বিয়াৰ বাবে পাত্ৰী বিচাৰি মহিলা আৰক্ষী থানাত উপস্থিত হ'ল এজন যুৱক । এগৰাকী জীৱনসংগী বিচাৰি দিবলৈ মহিলা আৰক্ষীক আহ্বান জনালে যুৱকজনে ।

বিয়াৰ বাবে পাত্ৰী বিচাৰি মহিলা আৰক্ষী থানাত উপস্থিত উত্তৰ প্ৰদেশৰ যুৱক

author img

By

Published : Mar 10, 2021, 7:42 PM IST

নেশ্যনেল ডেস্ক,১০ মাৰ্চ: গোচৰ দিবলৈ নহয়, বিয়াৰ বাবে পাত্ৰী বিচাৰি মহিলা আৰক্ষী থানাত উপস্থিত হ'ল উত্তৰ প্ৰদেশৰ ছামেলি জিলাৰ এজন যুৱক । ২৬ বছৰীয়া আজিম মনছুৰী নামৰ এই যুৱকজনৰ উচ্চতা ৩ ফুট ২ ইঞ্চি । বিয়াৰ উপযুক্ত বয়স হোৱাৰ পিছতো পৰিয়ালৰ লোকে এগৰাকী জীৱনসংগী বিচাৰি দিয়াত ব্যৰ্থ হোৱাত নিৰাশ হৈ আৰক্ষীৰ কাষ চাপিল আজিম মনছুৰী ।

আজিম ছামেলি জিলাৰ ম'হাল্লাৰ বাসিন্দা । পৰিয়ালৰ ৬টা সন্তানৰ ভিতৰত আজিম তৃতীয় সন্তান । বিবাহৰ ক্ষেত্ৰত তেওঁৰ কম উচ্চতা এতিয়া বাধাৰ কাৰণ হৈ পৰিছে । বিবাহ সম্পন্ন নোহোৱাত হতাশ হৈ পৰিছে যুৱকজন । নিৰাশ হৈ আজিমে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে প্ৰশাসনৰ উচ্চ বিষয়াসকলৰ পৰাও সহায় বিচাৰি পত্ৰ প্ৰেৰণ কৰে । মহিলা আৰক্ষী বিষয়াসকলে তেওঁৰ সকলো কথা শুনাৰ পিছত তেওঁক সহায় কৰাৰ আশ্বাস দিয়ে ।

বিয়াৰ বাবে পাত্ৰী বিচাৰি মহিলা আৰক্ষী থানাত উপস্থিত উত্তৰ প্ৰদেশৰ যুৱক

গেলামালৰ দোকান দি জীৱিকা অৰ্জন কৰি আহিছে যুৱকজনে । তেওঁ কয় যে, তেওঁ ৰমজানৰ আগতে বিবাহ সম্পন্ন কৰাৰ বাবে চেষ্টা কৰি আছে আৰু ঈশ্বৰৰ আশীৰ্বাদত যদি তেওঁ সফল হয়, তেন্তে তেওঁ নিজৰ পত্নীক মধুচন্দ্রিকা উদযাপনৰ বাবে গোৱা, কুল্লু, মানালি আৰু চিমলালৈ যাব বুলি প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: উৰিষ্যাত ভয়ংকৰ বনজুই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.