নিউজ ডেস্ক , 6 অক্টোবৰ : মিজোৰামৰ লুঙলেই(Lunglei) চহৰত এগৰাকী 62 বৰ্ষীয় ব্যক্তিয়ে আত্মঘাতী বোমাৰে নিজৰ প্ৰাক্তন পত্নীক হত্যা কৰাৰ এক আশ্বৰ্যকৰ ঘটনা সংঘটিত হৈছে ৷ মঙলবাৰে দুপৰীয়া সময়ত ৬২ বছৰীয়া Rohmingliana নামৰ ব্যক্তিগৰাকীয়ে তেওঁৰ 61 বছৰীয়া প্ৰাক্তন পত্নী Tlangthianghlimi ক আত্মঘাতী বোমাৰে আক্ৰমণ কৰি হত্যা কৰে ৷ প্ৰাপ্ত খবৰ অনুসৰি, লুঙলেই জিলাৰ high-power committee ৰ কাৰ্যালয়ৰ সন্মুখত এই ঘটনাটো সংঘটিত হয় ৷
প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, ঘটনাটো সংঘটিত হোৱাৰ সময়ত ভুক্তভোগী Tlangthianghlimiয়ে তেওঁৰ 40 বছৰীয়া জীয়েকৰ(প্ৰথম বিবাহৰ জীয়ৰী) সৈতে পাচলি বিক্ৰী কৰি আছিল ৷ সেই সময়তে 61 বছৰীয়া ভুক্তভোগীগৰাকীৰ দ্বিতীয় স্বামী তথা অভিযুক্ত Rohmingliana নামৰ ব্যক্তিগৰাকী প্ৰথমে গৈ Tlangthianghlimi ৰ কাষত বহে আৰু এটা স্থানীয় চিগাৰেট তৈয়াৰ কৰি দিবলৈ কয় ৷ চিগাৰেটটো জ্বলোৱাৰ পাচতে তেওঁ মূৰ ঘূৰোৱাৰ ভাও ধৰি Tlangthianghlimi ক আঘাত কৰে ৷ ইয়াৰ পাচতে ঠাইখিনিত এটা প্ৰচণ্ড বিস্ফোৰণ ঘটে ৷
উল্লেখ্য যে, অভিযুক্ত Rohmingliana হৈছে ভুক্তভোগী Tlangthianghlimi ৰ দ্বিতীয় স্বামী আৰু প্ৰায় এবছৰ পূৰ্বে দুয়ো পৃথক হৈছিল ৷
বিস্ফোৰণৰ পাচতে Rohmingliana আৰু Tlangthianghlimi দুয়োকে ততাতৈয়াকৈ লুঙলেই জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও দুয়োকে মৃত ঘোষণা কৰা হয় ৷ ভুক্তভোগী Tlangthianghlimi ৰ 40 বছৰীয়া কন্যাগৰাকী অৱশ্যে কোনোধৰণে আঘাতপ্ৰাপ্ত হোৱা নাই ৷ লুঙলেই জিলাৰ আৰক্ষী অধীক্ষক Rex Vanchhawng ৰ মতে, এই আত্মঘাতী বিস্ফোৰণত gelatin ব্যৱহাৰ কৰা হৈছিল ৷ অভিযুক্তই পোছাকৰ ভিতৰত gelatin লুকুৱাই অনা বুলি সন্দেহ কৰা হৈছে ৷
লগতে পঢ়ক : লখিমপুৰ খেৰীত নিহত কৃষকৰ পৰিয়ালৰ কাষত সুস্মিতা দেব