নিউজ ডেস্ক, ১০ আগষ্ট: ৰাজস্থানত বুধবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ গণপ্ৰহাৰৰ ঘটনা ৷ ৰাজ্যখনৰ ভিলৱাৰা জিলাত মোবাইল ফোন চুৰি কৰাৰ অভিযোগত এজন লোকক নিবস্ত্ৰ কৰি মাৰপিট কৰাৰ এক ঘটনা পোহৰলৈ আহিছে ৷ জিলাখনৰ কৃষি উপজ মণ্ডিত বুধবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা ৷ স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ভিলৱাড়া জিলা সদৰত অৱস্থিত কৃষি উৎপাদিত সামগ্ৰীৰ বজাৰৰ সমীপত এগৰাকী মহিলাৰ পৰা এটা দুৰ্বৃত্তই মোবাইল চুৰি কৰি নিয়ে । ভুক্তভোগী মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত উপস্থিত ৰাইজে মোবাইল চুৰিৰ অভিযোগত এজন যুৱকক আটক কৰে ।
তেওঁলোকে চুৰি কৰাৰ অভিযোগত অভিযুক্ত যুৱকজনক উলংগ কৰি উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ ইফালে এই ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত সুভাষ নগৰ আৰক্ষী উপস্থিত হয় ৷ আৰক্ষীৰ দলটোৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে অভিযুক্ত চোৰটোক জিম্মাত লয় । আৰক্ষী সময়মতে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ জীৱন ৰক্ষা নকৰিলে পৰিস্থিতি বেলেগ হ’লহেঁতেন । ইফালে এই প্ৰতিবেদন দাখিল কৰাৰ সময়লৈকে ঘটনা সন্দৰ্ভত কোনো গোচৰ ৰুজু কৰা হোৱা নাছিল ।
এই ঘটনাৰ এটা ভিডিঅ’ ইন্টাৰনেটত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে । ভিডিঅ’টোত যুৱকজনক অৰ্ধ অচেতন অৱস্থাত উলংগ হৈ মাটিত পৰি থকা দেখা গৈছে আৰু একাংশ লোকে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰা দেখা গৈছে । উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিহাৰৰ গয়া জিলাত এনে এটা ঘটনা পোহৰলৈ আহিছিল । চুৰিৰ অভিযোগত অভিযুক্ত এজন যুৱকৰ চুলি আৰু গোঁফ কাটি পেলোৱাৰ অভিযোগ উত্থাপন হৈছিল । উক্ত ঘটনাটোও কেমেৰাত বন্দী হৈছিল আৰু ভিডিঅ’টোত ভুক্তভোগীক হেণ্ড পাম্পত বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল ।
লগতে পঢ়ক : Mob lynching style attack: জয় শ্ৰী ৰাম ধ্বনিৰে গণপ্ৰহাৰ; মহিলাৰ গৰ্ভপাত