ETV Bharat / bharat

৫ দিনীয়া কাৰ্যসূচীৰে মমতা বেনাৰ্জীৰ দিল্লী ভ্ৰমণ - তৃণমূল কংগ্ৰেছ

পাঁচদিনীয়া ভ্ৰমণসূচীৰে দিল্লী ভ্ৰমণ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৷ তৃতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত মমতা বেনাৰ্জীৰ এয়া প্ৰথমটো দিল্লী ভ্ৰমণ । মুখ্যমন্ত্ৰীগৰাকীৰ দিল্লী ভ্ৰমণকলৈ বিভিন্ন মহলত জল্পনা কল্পনা চলি আছে যদিও মঙলবাৰে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ।

Mamata to meet PM Modi
৫ দিনীয়া কাৰ্যসূচীৰে মমতা বেনাৰ্জীৰ দিল্লী ভ্ৰমণ
author img

By

Published : Jul 27, 2021, 1:30 PM IST

নেশ্যনেল ডেস্ক, ২৭ জুলাই : সোমবাৰে নতুন দিল্লীত উপস্থিত হয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Mamata Banerjee)। তৃতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত মমতা বেনাৰ্জীৰ এয়া প্ৰথমটো দিল্লী ভ্ৰমণ । মুখ্যমন্ত্ৰীগৰাকীৰ দিল্লী ভ্ৰমণক লৈ বিভিন্ন মহলত জল্পনা কল্পনা চলি আছে যদিও মঙলবাৰে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক (Narendra Modi) সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ।

তৃণমূল কংগ্ৰেছৰ এক সূত্ৰই দিয়া তথ্য অনুসৰি তেওঁৰ পাঁচদিনীয়া ভ্ৰমণসূচী অনুসৰি বেনাৰ্জীয়ে মঙলবাৰে আবেলি ৪ বজাত মোডীক সাক্ষাৎ কৰাৰ কথা আছে । মুখ্যমন্ত্ৰীগৰাকীয়ে বুধবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকো (President Ram Nath Kovind) সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । ইফালে তেওঁ কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধী আৰু কমল নাথ, আনন্দ শৰ্মা আৰু অভিষেক মনু সিংভিকে ধৰি আন কেইবাজনো নেতাক সাক্ষাৎ কৰাৰ কথা আছে ।

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ (Parliament's Monsoon Session) মাজতে দিল্লী ভ্ৰমণৰ সময়ত তেওঁ আন বিৰোধী দলৰ নেতাসকলকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰাজনীতিত বৃহত্তৰ ভূমিকা ল'ব বিচৰা তৃণমূল কংগ্ৰেছৰ (TMC) সৰ্বোচ্চ নেতাগৰাকীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে পশ্চিমবংগত তেওঁৰ দলক ক্ষমতালৈ লৈ যোৱাৰ পিছত মমতা বেনাৰ্জীৰ দিল্লী ভ্ৰমণে চাৰিওফালে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে, এক বিশেষ ৰাজ্যিক কেবিনেট বৈঠকত অংশ গ্ৰহণ কৰাৰ পাছতে দিল্লীলৈ ৰাওনা হৈছিল মুখ্যমন্ত্ৰীগৰাকী । তেওঁ আনকি কলকাতাৰ এন এছ চি বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংবাদ মাধ্যমৰ সৈতেও কোনো কথা পতা নাছিল । বেনাৰ্জীয়ে পূৰ্বে সাংবাদিকসকলক কৈছিল যে প্ৰধানমন্ত্ৰীয়ে তেওঁক এই সপ্তাহৰ শেষৰ ফালে এখন বৈঠকৰ বাবে সময় দিছে । অৱশ্যে তেওঁ মোডীৰ সৈতে তেওঁৰ নিৰ্ধাৰিত বৈঠকৰ বিৱৰণ প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছিল ।

টিএমচিৰ (TMC) সূত্ৰৰ মতে যিহেতু বৰ্ষাকালীন অধিৱেশন চলি আছে সেয়ে এই ভ্ৰমণৰ সময়ত তেওঁ সংসদলৈও যাব পাৰে । ইফালে মুখ্যমন্ত্ৰীৰ দিল্লী ভ্ৰমণকলৈ বিৰোধী বিজেপিয়ে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে । ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ ঘোষে (Dilip Ghosh) অভিযোগ কৰা মতে বেনাৰ্জীয়ে কেইদিনমানৰ বাবে ৰাজ্যখনৰ পৰা আঁতৰি থাকিব বিচাৰে কিয়নো তেওঁ ভুৱা ক'ভিড টীকাকৰণ কেলেংকাৰী (Covid Vaccination scam) , নিৰ্বাচনোত্তৰ হিংসা আৰু অন্যান্য বিষয়ত সমালোচনাৰ সন্মুখীন হৈছে । তেওঁ দাবী কৰা মতে বিৰোধী দলসমূহক একত্ৰিত কৰাৰ মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টা সফল নহ'ব ।

লগতে পঢ়ক :প্ৰশান্ত কিশোৰ পৰিচালিত I-PACৰ 22 সদস্যক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.