নেশ্যনেল ডেস্ক, ৫ মে': দেশৰ ৰাজনীতিত ধুমুহা বলাই পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত ২১৩ খন আসন লাভ কৰা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে বুধবাৰে একেৰাহে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পদৰ বাবে শপত গ্ৰহণ কৰে । ৰাজভৱনত তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে মমতা বেনাৰ্জীয়ে ।
দেশজুৰি কৰ'ণা মহামাৰীৰ বিভিষীকাৰ বাবে সম্পূৰ্ণ ক'ভিড প্ৰটকলৰে নিৰ্দিষ্ট সংখ্যক লোকৰ উপস্থিতিত শপত গ্ৰহণ অনুস্থান অনুষ্ঠিত কৰে । শপত গ্ৰহণৰ পিছত, মমতাক কলকাতা আৰক্ষীয়ে নাবান্নাত 'গাৰ্ড অফ অনাৰ' প্ৰদান কৰিব ।
মমতাৰ শপত গ্ৰহণ সন্দৰ্ভত সংবাদ মাধ্যমক বিষয়টো অৱগত কৰি টিএমচি নেতা পাৰ্থ চেটাৰ্জীয়ে কয় যে, "টিএমচিৰ বিধায়কসকলৰ সৰ্ব সন্মতিক্ৰমে মমতা বেনাৰ্জীক দলে দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিছে । লগতে বিদায়ী সদনৰ অধ্যক্ষ বিমান বেনাৰ্জীকো নতুন বিধানসভাত অস্থায়ী অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰে টিএমচিৰ বিধায়কসকলে ।
সদ্য-সমাপ্ত পশ্চিমবংগ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে ২১৩ খন আসন লাভ কৰাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টীয়ে ২৯৪ খন আসনৰ ৭৭ খন আসন লাভ কৰে । প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ লগতে বহু হাই প্ৰফাইল নেতাৰ নিৰ্বাচনী চমকক পিছ পেলাই ক্ৰমাগতভাৱে তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে তেওঁৰ তৃতীয়টো কাৰ্যকাল আৰম্ভ কৰে ।
লগতে পঢ়ক: ৫০০ অক্সিজেন প্ৰকল্প স্থাপনৰ বাবে পি এম কেয়াৰ্ছৰ পুঁজি আৱন্টন