ETV Bharat / bharat

নিৰ্বাচন আয়োগৰ নিৰ্দেশনা মানি নিৰ্বাচনী সভা বাতিল মমতা বেনাৰ্জীৰ

সমগ্ৰ দেশতে ভয়াবহ ৰূপ ধাৰণ কৰা ক'ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সকলো নিৰ্বাচনী প্ৰচাৰ সভা বাতিল মমতা বেনাৰ্জীৰ ৷ ভাৰ্চুৱেল মাধ্যমেৰে ৰাইজৰ সৈতে সংযুক্ত হোৱাৰ কথা জনালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

author img

By

Published : Apr 23, 2021, 2:07 PM IST

Mamata suspends all poll meetings
নিৰ্বাচন আয়োগৰ নিৰ্দেশনা মানি নিৰ্বাচনী সভা বাতিল মমতা বেনাৰ্জীৰ

নেচনেল ডেস্ক, 23 অক্টোবৰ: ক'ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি লগতে নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনা মানি সকলো নিৰ্বাচনী প্ৰচাৰ সভা বাতিল কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ দেশৰ ক'ভিডসৃষ্ট পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ শুকুৰবাৰৰ পশ্চিমবংগ ভ্ৰমণ বাতিল কৰাৰ পাচতে মমতা বেনাৰ্জীয়েও তেওঁৰ পূৰ্ব নিৰ্ধাৰিত সকলো নিৰ্বাচনী কাৰ্যসূচী বাতিল কৰাৰ কথা ঘোষণা কৰে ৷

টুইটাৰযোগে বেনাৰ্জীয়ে এই কথা সদৰী কৰে ৷ সকলো পূৰ্ব নিৰ্ধাৰিত সভা বাতিল কৰাৰ লগতে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে সকলোৰে সৈতে সংযুক্ত হ'ব বুলি জানিবলৈ দি বেনাৰ্জীয়ে টুইটাৰযোগে এইবুলি কয়, "দেশৰ সকলো প্ৰান্ততে ক'ভিডৰ বৰ্ধিত সংক্ৰমণ আৰু 22 এপ্ৰিলত নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনা মানি মই সকলো পূৰ্ব নিৰ্ধাৰিত সভা বাতিল কৰিছো ৷ আমি ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে ৰাইজৰ কাষলৈ যাম ৷"

উল্লেখ্য যে, শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে পশ্চিমবংগত এখন নিৰ্বাচন প্ৰচাৰ সভাত অংশ লোৱাৰ কথা আছিল যদিও ক'ভিডসৃষ্ট পৰিস্থিতিৰ বুজ লোৱাৰ বাবে এক উচ্চস্তৰীয় বৈঠকত অংশ লোৱাৰ উদ্দেশ্যে তেওঁ এই কাৰ্যসূচী বাতিল কৰে ৷

কৰ'ণাৰ দ্বিতীয়টো ঢৌৱে পশ্চিমবংগৰ লগতে সমগ্ৰ দেশতে এক ভয়াবহ ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে মুৰ্চিদাবাদৰ সমচেৰগঞ্জ আৰু জাংগিপুৰ সমষ্টিৰ পুনৰ ভোটগ্ৰহণৰ সময়সূচী সলনি কৰি 16 মে'ৰ দিনটো ভোটগ্ৰহণৰ দিন হিচাপে নিৰ্ধাৰণ কৰে ৷

লগতে পঢ়ক: কৰ'ণাৰ বাবে অমৰনাথ যাত্ৰাৰ অনলাইন পঞ্জীয়ন স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.