ETV Bharat / bharat

মমতাক আক্ৰমণ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ - পশ্চিমবংগৰ মুখ্যমন্ত্ৰী

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক নন্দীগ্ৰামত আক্ৰমণ কৰা সকলৰ ফটো আৰু ভিডিঅ' তেওঁল লগত আছে বুলি দাবী জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে । নিৰ্বাচনৰ পাচত উক্ত বিষয়টো গুৰুত্ব সহকাৰে ল'ব বুলি জনায় মমতাই ।

মমতাক আক্ৰমণ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ

author img

By

Published : Mar 31, 2021, 5:18 PM IST

নেশ্যনেল ডেস্ক, ৩১ মাৰ্চ: পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আৰু তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে বুধবাৰে নন্দীগ্ৰামত তেওঁৰ বাহনত আক্ৰমণ কৰাসকলৰ ফটো আৰু ভিডিঅ' তেওঁৰ লগত আছে আৰু নিৰ্বাচনৰ পিছত উক্ত বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব বুলি কয় । সম্প্ৰতি নিৰ্বাচনী ব্যস্ততাৰ বাবে তেওঁ এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি জানিবলৈ দিয়ে । বুধবাৰে মমতাই নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে এক ৰেলীত অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় ।

নন্দীগ্ৰাম বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা বেনাৰ্জীয়ে বিজেপিয়ে তেওঁক আক্ৰমণ কৰিবলৈ চিপিআই(এম)ৰ প্ৰাক্তন ভেৰণীয়া গুণ্ডাক এইদৰে উচতাইছে বুলি কয় । লগতে চিপিআই(এম)ৰ ভেৰণীয়া গুণ্ডাক ভাড়াত লৈ দলটো চলাই আছে আৰু চিপিআই(এম) ভেৰণীয়া গুণ্ডাক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ টিকট প্ৰদান কৰিছে বুলি অভিযোগ উত্থাপন কৰে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে নন্দীগ্ৰাম বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত বুধবাৰে অচিনাক্ত লোকৰ ঠেলা-হেঁচাত বাঁও ভৰি আৰু কঁকালত আঘাত পাইছিল ৷

লগতে পঢ়ক: চামশাবাদ বিমানবন্দৰত বৃহৎ পৰিমাণৰ সোণ আৰু আমেৰিকান ডলাৰ জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.