ETV Bharat / bharat

প্ৰধানমন্ত্ৰীলৈ মমতাৰ পত্ৰ: শিক্ষানুষ্ঠান গেৰুৱাকৰণক লৈ আপত্তি

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 5:18 PM IST

Mamata Banerjee writes to PM Modi : ৰাজ্যৰ প্ৰতিখন বিদ্যালয় গেৰুৱা ৰঙেৰে ৰং কৰাৰ নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ ৷ কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশনা মানি ল’বলৈ প্ৰস্তুত নহয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৷ সেয়ে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোদীলৈ এখন পত্ৰ লিখি ইয়াৰ বিৰোধিতাৰ কথা সদৰী কৰিছে ৷

Mamata Banerjee writes to PM Modi conveys her non-acceptance of saffronisation of educational institution
প্ৰধানমন্ত্ৰীলৈ মমতাৰ পত্ৰ প্ৰেৰণ

নেশ্যনেল ডেস্ক, 16 জানুৱাৰী : পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শিক্ষানুষ্ঠানত গেৰুৱা ৰং কৰাৰ কেন্দ্ৰীয় নিৰ্দেশ ৰাজ্যই মানি নলয় বুলি অৱগত কৰিছে । এই সন্দৰ্ভত মঙলবাৰে তেওঁ প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰৰ জৰিয়তে তেওঁৰ এই অস্বীকাৰৰ কথা প্ৰকাশ কৰে ।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন চিকিৎসালয়ৰ ৰং আৰু ল’গ’ সন্দৰ্ভত গাইডলাইন প্ৰেৰণ কৰিছিল । সেই নিৰ্দেশনা মানি চলাত ব্যৰ্থ হোৱাৰ অৰ্থ আছিল কেন্দ্ৰীয় আবণ্টন বন্ধ কৰা । এই লৈ ক্ষোভিত হৈ পৰিছিল মুখ্যমন্ত্ৰী বেনাৰ্জী । স্বাস্থ্যৰ পিচত এইবাৰ শিক্ষা খণ্ডতো কেন্দ্ৰীয় চৰকাৰে শিক্ষানুষ্ঠানসমূহক গেৰুৱা ৰং আৰু কেন্দ্ৰীয় ল’গ’ হিচাপে ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

কেৱল পশ্চিমবংগই নহয়, কেন্দ্ৰীয় চৰকাৰে প্ৰতিখন ৰাজ্যৰ বাবে একেই সিদ্ধান্ত ঘোষণা কৰিছে । এইখিনিতে পশ্চিম বংগৰ আপত্তি নিহিত হৈ আছে । অৱশ্যে ৰাজ্যখনৰ ইতিমধ্যে বিভিন্ন শিক্ষানুষ্ঠানত পূৰ্বৰে পৰা নিজাকৈ ব্ৰাণ্ডিংগ আছে ।

তদুপৰি বিশ্ববিদ্যালয়সমূহ স্বায়ত্তশাসিত সংস্থা । এনে পৰিস্থিতিত ৰাজ্যিক সচিবালয়ে ‘নবান্ন’ৰ গাইডলাইনক আওকাণ কৰিবলৈ চেষ্টা কৰিছে । একে সময়তে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে সমগ্ৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অপ্ৰয়োজনীয় হস্তক্ষেপ বুলি উল্লেখ কৰিছে ৷

মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে এই পত্ৰৰ জৰিয়তে ৰাজ্যৰ শিক্ষাৰ সন্দৰ্ভত হস্তক্ষেপ নকৰিবলৈ দাবী জনাইছে । মূলতঃ তেওঁ এই বিষয়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি প্ৰধানমন্ত্ৰী মোদীলৈ এখন পত্ৰ লিখি প্ৰেৰণ কৰিছিল । শেহতীয়াকৈ মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে বাৰে বাৰে গেৰুৱাকৰণৰ বিষয়টো উত্থাপন কৰিছে । চিকিৎসালয়ৰ পৰা খেলপথাৰলৈকে তেওঁ আনকি ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিৰ গেৰুৱা ৰং কৰাৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে ।
লগতে পঢ়ক : পত্নীক হত্যা কৰি শৰীৰৰ অংশ পেলালে খালত; পশ্চিমবংগৰ মধ্যমগ্ৰামত নৃশংস ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.