ETV Bharat / bharat

TMC on PM Face : মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা কৰক; তৃণমূলৰ সাংসদ শতাব্দী ৰয়

author img

By

Published : Jul 19, 2023, 6:29 PM IST

তৃণমূলৰ সাংসদ সতাব্দী ৰয়ে কয় যে যদি কংগ্ৰেছে প্ৰধানমন্ত্ৰী পদৰ বাবে দাবী কৰিব নিবিচাৰে, তেন্তে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক বিৰোধী দলৰ প্ৰধানমন্ত্ৰীৰ পাৰ্থী হিচাপে ঘোষণা কৰা উচিত ।

TMC on PM Face
TMC on PM Face

নিউজ ডেস্ক, ১৯ জুলাই : বেংগালুৰুত অনুষ্ঠিত বিৰোধী দলসমূহৰ বৈঠকৰ পিছতে মিত্ৰজোঁটৰ নামক লৈ বিজেপিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । আনহাতে, বিৰোধী দলৰ বৈঠকৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই এইবাৰ মিত্ৰজোঁটৰ মাজতেই প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীক লৈ চৰ্চা আৰম্ভ হৈছে । উল্লেখ্য যে মঙলবাৰে বেংগালুৰুৰ বৈঠকত কংগ্ৰেছে কৈছিল যে ক্ষমতা আৰু পদবী তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ নহয় ।

তাৰ পিছতে তৃণমূল কংগ্ৰেছে প্ৰধানমন্ত্ৰী পদৰ বাবে দাবী জনাইছে । বুধবাৰে তৃণমূলৰ সাংসদ শতাব্দী ৰয়ে কয় যে যদি কংগ্ৰেছে প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰাৰ্থিত্ব দিব নিবিচাৰে, তেন্তে মমতা বেনাৰ্জীক বিৰোধী দলৰ হৈ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰা উচিত । তেওঁ কয় যে তৃণমূলে সেইটোকো বিচাৰে । সংবাদ মাধ্যমৰ দ্বাৰা কৰা এক প্ৰশ্নৰ ওপৰত মন্তব্য দি তেওঁ এইকথা কয় । বুধবাৰে পশ্চিমবংগৰ বীৰভূমত তেওঁক সোধা হৈছিল যে বেংগালুৰুত কংগ্ৰেছে ঘোষণা কৰিছে যে দলটো প্ৰধানমন্ত্ৰী পদৰ দৌৰত নাই, এই ক্ষেত্ৰত তেওঁ কি ক'ব । ইয়াৰ প্ৰত্যুত্তৰত তৃণমূলৰ সাংসদ শতাব্দী ৰয়ে কয় যে এনে পৰিস্থিতিত বিৰোধীয়ে মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে উপস্থাপন কৰাটো আমি বিচাৰোঁ ।

  • Birbhum, West Bengal | When asked on media reports that say, "Congress is not in the race of be Prime Ministerial face", TMC MP Shatabdi Roy says, "Then we would like Mamata Banerjee to be." (18.07) pic.twitter.com/Jg0izE2hYc

    — ANI (@ANI) July 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে মঙলবাৰে বেংগালুৰুত বিৰোধী নেতাসকলৰ এক বৈঠকত ২৬ টা দলৰ মিত্ৰতাৰ শক্তিক 'ইণ্ডিয়া' নামেৰে নামকৰণ কৰা হয় । এই সময়ছোৱাত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে স্পষ্টভাৱে কয় যে কংগ্ৰেছে ক্ষমতালৈ আহিবলৈ বা প্ৰধানমন্ত্ৰীৰ পদ লাভ কৰিবলৈ এই মিত্ৰতাত যোগদান কৰা নাই । ইয়াৰ লগতে বৈঠকত উপস্থিত থকা সকলো বিৰোধী নেতাই বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ঐক্যৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । অৱশ্যে এই বৈঠকত বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ'ব সেই বিষয়ে কোনো আলোচনা হোৱা নাছিল ।

উল্লেখ্য যে ২৬ টা বিৰোধী দলে নতুন নামেৰে একেটা ছাতিৰ তলত একত্ৰিত হোৱাৰ পিছতে বিজেপিয়ে ক্ষুৰধাৰ সমালোচনা কৰিছে । আনহাতে, নতুন নামটোক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো মন্তব্য প্ৰকাশ কৰিছে । আনহাতে, ঐক্যবদ্ধ হোৱা বুলি দাবী কৰা বিৰোধীৰ মাজত ভাঙোনৰ সৃষ্টি হোৱা বুলিও মঙলবাৰে বিজেপিয়ে দাবী কৰে । বিজেপিৰ এই দাবীৰ এদিন পিছতে বুধবাৰে মিত্ৰতাত বিভেদৰ বাতৰি নাকচ কৰি কংগ্ৰেছে কয় যে টীম ইণ্ডিয়া ঐক্যবদ্ধ । আনহাতে, কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাই নতুন মিত্ৰজোঁটৰ নাম ইণ্ডিয়াৰ ওপৰত প্ৰশ্ন কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে ইয়াৰ দ্বাৰা বিৰোধী দলসমূহৰ ওপৰত ঔপনিৱেশিক প্ৰভাৱ খটুৱাইছে ।

লগতে পঢ়ক :INDIA Vs NDA: টুইটাৰ-ফেচবুকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই INDIAৰ ঠাইত লিখিলে BHARAT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.