ETV Bharat / bharat

WB CM Helicopter emergency landing : মমতা বেনাৰ্জীৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ

author img

By

Published : Jun 27, 2023, 4:20 PM IST

দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল মমতা বেনাৰ্জীয়ে যাত্ৰা কৰা হেলিকপ্টাৰ । চিভক খেলপথাৰত জৰুৰী অৱতৰণ হেলিকপ্টাৰখনৰ । প্ৰতিকূল বতৰৰ বাবে পাইলটে হেলিকপ্টাৰখনৰ জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হয় ।

WB CM Helicopter emergency landing
মমতা বেনাৰ্জীৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ

নেশ্যনেল ডেস্ক,২৭ জুন : কোনোমতে ৰক্ষা পৰিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । প্ৰতিকূল বতৰৰ বাবে জলপাইগুৰিৰ চিভক খেলপথাৰত জৰুৰী অৱতৰণ কৰিবলগীয়া হয় মমতা বেনাৰ্জীৰ হেলিকপ্টাৰ । পাইলটজনৰ দক্ষতাৰ বাবে দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিলে মুখ্যমন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰ ।

বাগডোগ্ৰা অভিমুখে গৈ থকা সময়তে হেলিকপ্টাৰখনে মঙলবাৰে আবেলি জৰুৰী অৱতৰণ কৰে । যাত্ৰাৰ সময়ত ধুমুহা আৰু বৰষুণৰ আগজাননী দিয়া হৈছিল । জানিব পৰা মতে জলপাইগুৰিৰ পৰা উভতি অহাৰ সময়ত পাইলটগৰাকীয়ে হঠাতে হেলিকপ্টাৰৰ চাৰিওফালে ক'লা ডাৱৰ প্ৰত্যক্ষ কৰিছিল । তাৰ কিছু সময়তে ধাৰাসাৰ বৰষুণো হৈছিল ।

এনে পৰিস্থিতিত, পাইলটগৰাকীয়ে বিপদ উপলব্ধি কৰিছিল আৰু লগে লগে হেলিকপ্টাৰখন সুৰক্ষিত দিশলৈ লৈ গৈছিল । সেই সময়ত আকাশৰ পৰা কেৱল দাৰ্জিলিঙৰ পাহাৰখন হে স্পষ্টভাৱে দেখা গৈছিল । যাৰ বাবে পাইলটগৰাকীয়ে হেলিকপ্টাৰখন সেই দিশত দ্ৰুত অৱতৰণ কৰিবলৈ বাধ্য হয় । তাৰ পাছতে হেলিকপ্টাৰখন চিভক এয়াৰ বেছত অৱতৰণ কৰোৱা হয় । জানিব পৰা মতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বৰ্তমান ভাৰতীয় সেনাৰ বিমান ঘাটিত সুৰক্ষিত অৱস্থাত আছে । সেনা বিষয়াসকলো তাত উপস্থিত আছে ।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পাইলটগৰাকীয়ে স্বতঃস্ফূৰ্ত এই সিদ্ধান্ত নল'লে সম্ভৱত পৰিস্থিতি অধিক বেয়া হ'লহেঁতেন । বতৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো মুহূৰ্তত যিকোনো দুৰ্ঘটনা সংঘটিত হ'লহেঁতেন ।

জানিব পৰা মতে যেতিয়া মমতা বেনাৰ্জীয়ে জলপাইগুৰিৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল তেতিয়া বতৰ ফৰকাল আছিল । শ্বৰ্টফ্লাইৰ কাৰণে হেলিকপ্টাৰখনক অনুমতি দিয়া হৈছিল । কিন্তু হেলিকপ্টাৰ মাজ আকাশ পোৱাৰ পাছতে বতৰৰ অৱনতি ঘটিল । যাৰ বাবে হেলিকপ্টাৰখনৰ জৰুৰী অৱতৰণ কৰিবলগীয়া হয় ।

খবৰ পোৱা মতে মমতা বেনাৰ্জীয়ে চিভকত সেনা বিষয়াসকলৰ সৈতে কথা পাতি আছে আৰু কলকাতালৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছে । তাৰ পৰা তেওঁ স্থলপথেৰে বাগডোগ্ৰালৈ যাত্ৰা কৰাৰ সম্ভাৱনা আছে । যদি সকলো ঠিকে থাকে মুখ্যমন্ত্ৰীয়ে মঙলবাৰে সন্ধিয়াৰ ভিতৰত বাগডোগ্ৰা হৈ কলকাতালৈ উভতি আহিব ।

লগতে পঢ়ক :Clash Between TMC and BJP: পশ্চিমবংগত প্ৰাক নিৰ্বাচনী হিংসা; 1জন নিহত, 5জন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.