ETV Bharat / bharat

Mamata blocks Governor Dhankar: মই বিৰক্তি পাই তেওঁক টুইটাৰত ব্লক কৰিছো - Mamata block Governor Dhankar

সহ্যৰ সীমা পাৰ হোৱাত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে টুইটাৰত ব্লক কৰিলে ৰাজ্যপাল জগদীপ ধনকড়ক ৷ এতিয়াৰ পৰা ৰাজ্যপাল জগদীপ ধনকড়ৰ চৰকাৰ বিৰোধী টুইট নপঢ়ে মমতা বেনাৰ্জীয়ে (Mamata Banerjee blocks Governor Jagdeep Dhankar on twitter) ৷ সোমবাৰে এই কঠোৰ সিদ্ধান্ত ল’লে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

mamata-banerjee-bloks-governor-jagdeep-dhankar-on-twitter
মই বিৰক্তি পাই তেওঁক টুইটাৰত ব্লক কৰিছো...
author img

By

Published : Jan 31, 2022, 6:16 PM IST

Updated : Jan 31, 2022, 6:40 PM IST

নেশ্যনেল ডেস্ক, 31 জানুৱাৰী : তুংগত উঠিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যপাল জগদীপ ধনকড়ৰ মতানৈক্য । দীৰ্ঘদিন ধৰি চলি আহিছিল ৰাজ্যখনৰ চৰকাৰ আৰু ৰাজ্যপালৰ বিপৰীত স্থিতি ৷ সোমবাৰে এই মতানৈক্যই এনে পৰ্য্যায় পায়গৈ যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজৰ টুইটাৰ একাউন্টৰ পৰা ব্লক কৰি দিয়ে ৰাজ্যপাল জগদীপ ধনকড়ক (Mamata Banerjee blocks Governor Jagdeep Dhankar on twitter) । সোমবাৰে সচিবালয় নৱান্নত এই কথা সাংবাদিকৰ আগত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে ।

mamata-banerjee-bloks-governor-jagdeep-dhankar-on-twitter
মই বিৰক্তি পাই তেওঁক টুইটাৰত ব্লক কৰিছো...

"আজি মই মোৰ টুইটাৰ একাউন্টৰ পৰা তেওঁক ব্লক কৰিবলৈ বাধ্য হওঁ । প্ৰতিদিনেই তেওঁ টুইটৰ জৰিয়তে চৰকাৰক আক্ৰমণাত্মক ভাৱে সমালোচনা কৰি আহিছে । আমোলা সকলক এনেধৰনে সমালোচনা কৰি আহিছে যেন সকলো তেওঁৰ আজ্ঞাবাহী ভৃত্ত । তেওঁৰ মন্তব্য সমূহ অসাংবিধানিক, তেওঁ পৰামৰ্শ নিদিয়ে, আদেশ দিয়ে । মই যথেষ্ট বিৰক্তি পাইছো" বেনাৰ্জীয়ে সোমবাৰে সাংবাদিকক কয় ।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে এই কথাও জনায় যে, তেওঁ ইতিমধ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ধনকড়ক সাংবিধানিক পদটোৰ পৰা বৰ্খাস্ত কৰিবলৈ কেবাবাৰো পত্ৰ লিখিছে যদিও এই সংক্ৰান্তত এতিয়ালৈকে একোৱেই ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

শেহতীয়াকৈ ৰাজ্যপাল জগদীপ ধনকড়ে এক টুইটৰ জৰিয়তে উল্লেখ কৰিছিল যে, বংগৰ এই পবিত্ৰ ভূমিক তেজেৰে তুমুৰলি হোৱা আৰু ৰাজ্যখন মানৱাধিকাৰ ভংগ কৰাৰ পৰীক্ষাগাৰলৈ পৰিণত হোৱাটো মই চাই থাকিব নোৱাৰো ।

লগতে পঢ়ক : Union Budget 2022 : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উপস্থাপন কৰিলে 2021-22 বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা

Last Updated : Jan 31, 2022, 6:40 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.