ETV Bharat / bharat

Kharge Appealed To PM Modi : মণিপুৰলৈ যাবলৈ ভয় কিয় ? প্ৰধানমন্ত্ৰীক আক্ৰমণ খাৰ্গেৰ

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 10:21 PM IST

মণিপুৰৰ হিংসা সন্দৰ্ভত খাৰ্গেই প্ৰধানমন্ত্ৰী মোদীক মণিপুৰ ভ্ৰমণ কৰিবলৈ আহ্বান জনায়। খাৰ্গেই কয় যে মণিপুৰ জ্বলি আছে, কিন্তু পি এম মোদী তালৈ যোৱা নাই। ছত্তিশগড়ৰ ৰায়গড়ত অনুষ্ঠিত এক বিশাল জনসভাত এই মন্তব্য কৰে মল্লিকাৰ্জুন খাৰ্গেই।

Kharge Appealed To PM Modi
প্ৰধানমন্ত্ৰী মোদীক হিংসা জৰ্জৰ মণিপুৰৰ প্ৰতি মনোযোগ দিবলৈ আহ্বান
প্ৰধানমন্ত্ৰী মোদীক মণিপুৰ ভ্ৰমণ কৰিবলৈ আহ্বান মল্লিকাৰ্জুন খাৰ্গেৰ

নিউজ ডেস্ক, 4 অক্টোবৰ : বুধবাৰে ৰায়গড়ত অনুষ্ঠিত হোৱা বিশাল জনসভাত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ৷ এই সভাৰ মঞ্চৰ পৰাই প্ৰধানমন্ত্ৰী মোদীক হিংসাজৰ্জৰ মণিপুৰৰ প্ৰতি মনোযোগ দিবলৈ তেওঁ আহ্বান জনায়। তেওঁ কয় যে মণিপুৰ জ্বলি আছে, কিন্তু প্ৰধানমন্ত্ৰী মোদী এতিয়াও তালৈ যোৱা নাই ৷ প্ৰধানমন্ত্ৰীক অনুৰোধ জনাইছো, মণিপুৰৰ প্ৰতি তেওঁ চকু দিয়ক ৷

প্ৰধানমন্ত্ৰীলৈ খাৰ্গেৰ আবেদন :

ৰায়গড়ত অনুষ্ঠিত হোৱা বিশাল জনসভাত মল্লিকাৰ্জুন খাৰ্গেই কয়, "মই প্ৰধানমন্ত্ৰী মোদীক মণিপুৰলৈ যাবলৈ অনুৰোধ কৰিছোঁ ৷ ৰাজ্যখনৰ ৰাইজক তেওঁ লগ কৰক ৷ মণিপুৰত হিংসাত্মক সংঘৰ্ষ চলি আছে ৷ তাত মানুহক হত্যা কৰা হৈছে ৷ মহিলাক উলংগ কৰা হৈছে ৷ কিন্তু মোদী জী তালৈ যোৱা নাই ৷ তেওঁ ছত্তিশগড়লৈহে আহিছে ৷ তেওঁ ৰাজস্থানলৈ গৈছে, তেওঁ কৰ্ণাটকলৈ গৈছে ৷ কিন্তু মণিপুৰলৈ যোৱা নাই ৷ প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰ সন্দৰ্ভত সাহস হেৰুৱাইছে ৷ আমাৰ নেতা ৰাহুল গান্ধীয়ে মণিপুৰ পৰিদৰ্শন কৰি আহিল ৷ বহুত সাংসদ গৈছে আৰু আহিছে ৷ আপোনাৰ কাষত নিৰাপত্তাও আছে ৷ কিন্তু আপুনি মণিপুৰলৈ যোৱা নাই ৷ ভয় কিয়? আপুনি ছত্তিশগড়, তেলেংগানা আৰু ৰাজস্থানত এখন সভা কমকৈ পাতি মণিপুৰ গৈ আহক।"

মে’ মাহৰ পৰা মণিপুৰত অব্যাহত আছে হিংসা :

৩ মে’ৰ পৰা হিংসাত্মক ঘটনাত জ্বলি আছে মণিপুৰ ৷ মেইটেই আৰু কুকি নামৰ দুটা সম্প্ৰদায়ৰ মাজত হিংসাত্মক সংঘৰ্ষ চলি আছে ৷ মাত্ৰ কেইদিনমানৰ আগতে মেইটেই সম্প্ৰদায়ৰ পুৰুষৰ মাজত কুকি সম্প্ৰদায়ৰ দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰা হৈছিল ৷ যেতিয়া এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছিল, তেতিয়া সমগ্ৰ দেশতে এই হিংসাত্মক পৰিস্থিতিৰ বিৰুদ্ধে ক্ষোভ দেখা গৈছিল ৷ সেই শিহঁৰণকাৰী ভিডিঅ’ চাই প্ৰতিটো শ্ৰেণীৰ মানুহেই অসন্তুষ্টি তথা ক্ষোভ প্ৰকাশ কৰিছিল ৷ মণিপুৰৰ মেইটেই জনগোষ্ঠীয়ে তেওঁলোকক কুকি জনগোষ্ঠীৰ দৰে ৰাজ্যত জনজাতিকৰণৰ মৰ্যাদা দিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক : Bihar Land For Job Scam : ভূমিৰ বিনিময়ত চাকৰি কেলেংকাৰী; লালু, ৰাবৰী আৰু তেজস্বী যাদৱক জামিন প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.