তেজপুৰ,27 ডিচেম্বৰ : পঞ্চায়ত আৰু পৌৰসভা নিৰ্বাচনৰ পূৰ্বে সলনি হৈছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজনৈতিক প্ৰেক্ষাপট ৷ 7 গৰাকীকৈ শাসকীয় বিধায়কৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান ৷ এন ডি এৰ মিত্ৰদল জনতা দল ইউনাইটেডৰ তিনি নিলম্বিত বিধায়কে বিজেপিত যোগদান কৰে ৷ উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ অহাৰ সময়তেই অৰুণাচল প্ৰদেশৰ 7 গৰাকীকৈ বিধায়কে যোগ দিছে বিজেপিত ৷
বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ তাপিৰ গাৱে ইটিভি ভাৰতক কয়, শ্বাহৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ সময়ছোৱাতে অৰুণাচলৰ দুটাকৈ ৰাজনৈতিক দলৰ 7 গৰাকী বিধায়কে বিজেপিত যোগদান কৰিছে ৷ বিহাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰে মিত্ৰজোঁটত আছিল জনতা দল ইউনাইটেড ৷ কিন্তু অৰুণাচলত পঞ্চায়ত আৰু পৌৰসভা নিৰ্বাচনৰ পূৰ্বে দলটোৰ পৰা 6 গৰাকীকৈ বিধায়কে বিজেপিত যোগদান কৰা কাৰ্যক ৰখাবলৈ যথেষ্ট চেষ্টা চলাইছিল দলটোৱে ৷
ইয়াৰ বিপৰীতে জে ডি ইউৰ ৰাজ্যিক সভাপতি ৰুহী টাগুংঙে দেওবাৰে দলটোৰ তিনিগৰাকীকৈ বিধায়কক 14 দিনৰ বাবে দলৰ পৰা নিলম্বিত কৰাৰ কথা ঘোষণা কৰে ৷ এই বিধায়ক কেইগৰাকী হ’ল দৰ্জী বাংদী খাৰ্মা, কাংগোং টাকু, ডোংৰু চিয়োংগু ৷ জে ডি এউৰ ৰাজ্যিক সভাপতি ৰুহী টাগুংঙে সাংবাদিকক সম্বোধন কৰি কয়, জে ডি ইউৰ 6 গৰাকী বিধায়কৰ এখন কমিটীয়ে দলৰ নেতা তালিম তাবুহক ৰাজ্যিক সভাপতি আৰু বৰ্তমানৰ বিধায়কৰ অজ্ঞাতে নিৰ্বাচিত কৰে যাৰ বাবে দলে তিনিগৰাকীকৈ জে ডি ইউৰ বিধায়কক 14 দিনৰ বাবে নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বিধায়ক কেইজনৰ এই কাৰ্যক ‘দল বিৰোধী’ আখ্যা দি, ৰুহীয়ে তেওঁলোকৰ পৰা এই সন্দৰ্ভত যুক্তিযুক্ততা বিচাৰে ৷
আনহাতে, কেন্দ্ৰ আৰু আৰুণাচলত বিজেপিৰে শক্তিশালী মিত্ৰতা থকাৰ পিছতো জে ডি ইউৰ দলীয় কৰ্মী আৰু বিধায়কক বিজেপিয়ে নিজৰ দললৈ নিব বিচৰা কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰিছে ৰুহী টাগুংঙে ৷
লগতে পঢ়ক-মা কামাখ্যাৰ আশিস ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে