ETV Bharat / bharat

Mahua Moitra phone hack : মহুৱা মৈত্ৰৰ ফোন হেক কৰাৰ চেষ্টা চৰকাৰৰ ! - Cash for query case against Mahua Moitra

তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপন হোৱা 'ধনৰ বিনিময়ত প্ৰশ্ন' গোচৰত সংসদৰ নৈতিকতা সমিতিয়ে তদন্ত অব্যাহত ৰাখিছে । তাৰ মাজতে সাংসদগৰাকীয়ে অভিযোগ কৰিছে যে চৰকাৰে তেওঁ আইফোনটো হেক কৰাৰ চেষ্টা চলাইছে । এপল ছাৰ্ভিচেছৰ পৰা পোৱা ৱাৰ্ণিং মেছেজ আৰু ইমেইলো শ্বেয়াৰ কৰে নেত্ৰীগৰাকীয়ে ।

Mahua Moitra phone hack
মহুৱা মৈত্ৰৰ ফোন হেক কৰাৰ চেষ্টা চৰকাৰৰ
author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 2:24 PM IST

নেশ্যনেল ডেস্ক,৩১ অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ । মোডী চৰকাৰে তেওঁৰ আইফোন হেক কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ কৰে তৃণমূলৰ নেত্ৰীগৰাকীয়ে । প্ৰায়ে মোডী চৰকাৰক বিভিন্ন বিষয়ত সমালোচনা কৰা তৃণমূলৰ নেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এটা পোষ্টত এই অভিযোগ উত্থাপন কৰিছে । এপলৰ পৰা তেওঁৰ ফোনলৈ অহা ৱাৰ্ণিং মেছেজৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি সাংসদগৰাকীয়ে সন্দেহজনক হেকিঙৰ প্ৰচেষ্টাৰ প্ৰমাণ আগবঢ়ায় ।

টিএমচিৰ সাংসদগৰাকীৰ মতে তেওঁ এপলৰ পৰা মেছেজ আৰু ইমেইল লাভ কৰিছে যিয়ে তেওঁক সতৰ্ক কৰি দিছে যে চৰকাৰে তেওঁৰ ফোন আৰু ইমেইল হেক কৰিবলৈ চেষ্টা কৰিছে । সাংসদগৰাকীয়ে গৃহমন্ত্ৰীৰ কাৰ্যালয়ক টেগ কৰি পোষ্টটো শ্বেয়াৰ কৰিছে ।

  • Received text & email from Apple warning me Govt trying to hack into my phone & email. @HMOIndia - get a life. Adani & PMO bullies - your fear makes me pity you. @priyankac19 - you, I , & 3 other INDIAns have got it so far . pic.twitter.com/2dPgv14xC0

    — Mahua Moitra (@MahuaMoitra) October 31, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মৈত্ৰই এক্সৰ এটা পোষ্টত লিখিছে, "ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত আক্ৰমণকাৰীসকলে আপোনাৰ আইফোনক লক্ষ্য কৰি ল'ব পাৰে । এপলে সন্দেহ কৰিছে যে ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত আক্ৰমণকাৰীসকলে আপোনাক লক্ষ্য কৰি লৈছে যিসকলে আপোনাৰ এপল আইডিৰ সৈতে সম্পৰ্কিত আইফোনত ৰিম'টৰ পদ্ধতিৰে হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰি আছে । এই আক্ৰমণকাৰীসকলে আপুনি কোন বা আপুনি কি কৰে তাৰবাবে আপোনাক ব্যক্তিগতভাৱে লক্ষ্য কৰি লৈছে ।"

"যদি আপোনাৰ ডিভাইচটো ৰাজ্যক প্ৰতিনিধিত্ব কৰা আক্ৰমণকাৰীয়ে ৰিম'ট এক্সেছ লাভ কৰে, তেওঁলোকে আপোনাৰ সংবেদনশীল ডাটা, যোগাযোগ বা আনকি কেমেৰা আৰু মাইক্ৰ'ফোনৰ তথ্য লাভ কৰিবলৈ সক্ষম হ'ব পাৰে । অনুগ্ৰহ কৰি এই সতৰ্কবাণীটো গুৰুত্ব সহকাৰে লওঁক ।"

মৈত্ৰই তেওঁৰ সামাজিক মাধ্যমৰ পোষ্টত ৰাজনৈতিক নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদী, শিৱসেনা দলৰ নেতা আৰু ৰাজ্যসভাৰ সাংসদৰ কথাও উল্লেখ কৰে । মৈত্ৰৰ মতে তেওঁ আৰু প্ৰিয়ংকা চতুৰ্বেদী এপলৰ এই সতৰ্কবাণীৰ একমাত্ৰ লক্ষ্য নাছিল । আন তিনিগৰাকী ব্যক্তিও এই ধৰণৰ বাৰ্তা লাভ কৰিছে । বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ অংশ নেতাকেইগৰাকীয়ে একে ধৰণৰ বাৰ্তা লাভ কৰিছিল বুলিও তেওঁ উল্লেখ কৰে ।

'ধনৰ বিনিময়ত প্ৰশ্ন' গোচৰৰ বাবে ইতিমধ্যে চৰ্চাত আছে তৃণমূলৰ নেত্ৰীগৰাকী । অভিযোগটো সন্দৰ্ভত মহুৱা মৈত্ৰই ইতিমধ্যে দাবী কৰিছে যে তেওঁ এই ক্ষেত্ৰত জড়িত নহয় । তেওঁ সংসদৰ নৈতিকতা সমিতিৰ সন্মুখত উপযুক্ত প্ৰমাণ দিবলৈও দাবী জনাইছিল । কিন্তু বিজেপি চৰকাৰৰ বহু নেতাই মৈত্ৰক আক্ৰমণ কৰা দেখা গৈছে । ইয়াৰ মাজতে চৰকাৰে তেওঁৰ ফোন হেক কৰাৰ অভিযোগ উত্থাপন কৰি বিষয়টোক ৰহস্যৰ মাজলৈ লৈ গৈছে । এই অভিযোগে গোপনীয়তা আৰু চৰকাৰী নিৰীক্ষণ সম্পৰ্কে গুৰুত্বপূৰ্ণ উদ্বেগো উত্থাপন কৰিছে । অৱশ্যে তেওঁৰ অভিযোগ কিমান সঁচা হয় সেয়া সময়েহে ক'ব ?

লগতে পঢ়ক :Mahua Moitra controversy: মহুৱাই ঘোচ লৈছিলনে ? বৃহস্পতিবাৰে লোকসভাৰ নৈতিকতা সমিতিৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.