ETV Bharat / bharat

এতিয়াৰে পৰা আৰু সাংসদ নহয় মহুৱা মৈত্ৰ

লোকসভাত ধনৰ বিনিময় প্ৰশ্ন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল মহুৱা মৈত্ৰৰ বিৰুদ্ধে । লোকসভাৰ নৈতিকতা সমিতিয়ে তেওঁক বহিষ্কাৰৰ পৰামৰ্শ দিছিল । সেই পৰামৰ্শৰ ভিত্তি শুকুৰবাৰে লোকসভাত ভোটদান হয় । অৱশ্যে ভোটদানত অংশগ্ৰহণ নকৰিলে বিৰোধীয়ে ।

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 4:19 PM IST

Mahua Moitra expelled from Lok Sabha
মহুৱা মৈত্ৰই হেৰুৱালে লোকসভাৰ সদস্য পদ

নেশ্যনেল ডেস্ক,৮ ডিচেম্বৰ : সকলো জল্পনা কল্পনাৰ অৱসান । সংসদৰ পৰা বহিষ্কাৰ কৰা হ'ল তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰক । ধনৰ বিনিময়ত প্ৰশ্নৰ গোচৰত সংসদৰ নৈতিকতা সমিতিৰ পৰামৰ্শৰ পাছতে তৃণমূলৰ সাংসদগৰাকীক বহিষ্কাৰ কৰা হয় । আনকি সংসদত তীব্ৰ বিতৰ্কৰ পাছত মৈত্ৰক কথা ক'বলৈ অনুমতি দিয়া হোৱা নাছিল । সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে তৃণমূলৰ সদস্যজনক অনৈতিক আচৰণৰ বাবে বহিষ্কাৰ কৰাৰ বাবে এক প্ৰস্তাৱ উত্থাপন কৰিছিল । সেই প্ৰস্তাৱ ধ্বনি ভোটৰ দ্বাৰা গৃহীত হয় । লোকসভাৰ অধ্যক্ষই যোশীৰ প্ৰস্তাৱটোৰ ওপৰত ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে বিৰোধী সদস্যসকলে সদন ত্যাগ কৰে ।

ৰাজেন্দ্ৰ আগৰৱালে নিম্ন সদনত অধিবেশনৰ অধ্যক্ষতা কৰি আছিল । তৃণমূল কংগ্ৰেছৰ সদস্যসকলৰ নেতৃত্বত বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে 'মোদী চৰকাৰ হায় হায়' শ্ল'গানেৰে প্ৰতিবাদ কৰে । সংসদৰ চলিত শীতকালীন অধিবেশনৰ আৰম্ভণিৰ দিনটোতে কাৰ্যসূচীত নৈতিকতা সমিতিৰ পৰামৰ্শৰ প্ৰতিবেদনখন উল্লেখ কৰা হৈছিল । অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই কয় যে এইবাৰ ৰাইজে মহাভাৰতৰ যুদ্ধ দেখিব ।

সংবাদ মাধ্যমৰ সন্মুখত মহুৱা মৈত্ৰই কয় যে মা দুৰ্গা আহিছে, আমি চাম । কাপোৰ কাঢ়িবলৈ আৰম্ভ কৰা এই লোকসকলে এতিয়া মহাভাৰতৰ যুদ্ধ দেখিব বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰিছিল ।

উল্লেখ্য যে লোকসভাৰ নৈতিকতা সমিতিয়ে শেহতীয়াকৈ তেওঁক নিম্ন সদনৰ পৰা বহিষ্কাৰ কৰাৰ পৰামৰ্শ দিছিল । খচৰা প্ৰতিবেদনখন যোৱা মাহত সমিতিত ৬:৪ সংখ্যাগৰিষ্ঠতাৰে গ্ৰহণ কৰা হৈছিল । সূত্ৰৰ মতে মহুৱা মৈত্ৰৰ ধনৰ বিনিময়ত প্ৰশ্নৰ গোচৰৰ খচৰা প্ৰতিবেদনে প্ৰকাশ কৰিছে যে তেওঁ ২০১৯ ৰ পৰা ২০২৩ চনলৈ ৪ বাৰ ইউ.এ.ই. ভ্ৰমণ কৰিছিল । ৪৭ বাৰকৈ তেওঁৰ সদস্য পৰ্টেল লগইন প্ৰমাণপত্ৰ ডুবাইৰ পৰা প্ৰৱেশ কৰা হৈছিল ।

ইফালে শীতকালীন অধিবেশনত লোকসভাই জম্মু আৰু কাশ্মীৰৰ ওপৰত দুখন বিধেয়ক গৃহীত কৰিছে । সদনত দুদিন ধৰি মাৰাথন বিতৰ্ক হয় আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক, ২০২৩ আৰু জম্মু-কাশ্মীৰ সংৰক্ষণ (সংশোধনী) বিধেয়ক, ২০২৩ গৃহীত কৰে ।

লগতে পঢ়ক :মিচাউং ঘূৰ্ণীবতাহ, ক্ষতিগ্ৰস্তলৈ এমাহৰ দৰমহা দান তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টালিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.