ETV Bharat / bharat

Woman body found wrapped in plastic : উৱলি যোৱা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Oct 25, 2022, 2:18 PM IST

দীপাৱলীৰ আনন্দ উল্লাহৰ মাজতে কেৰালাত ভাৰাঘৰত মহিলাৰ মৃতদেহ উদ্ধাৰ (Woman killed in Kerala)। মহিলাগৰাকীক হত্যা কৰি প্লাষ্টিকেৰে মেৰিয়াই থৈ গৈছিল হত্যাকাৰীয়ে । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি পলাতক স্বামীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ।

Woman killed in Kerala
উৱলি যোৱা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ

নেশ্যনেল ডেস্ক, ২৫ অক্টোবৰ : দেশজুৰি দীপাৱলীৰ আনন্দ উল্লাহে বিৰাজ কৰিছে (Diwali celebration)। সকলো দীপাৱলীৰ ৰঙত মতলীয়া । তাৰ মাজতে কেৰালাৰ এৰ্নাকুলাম জিলাত চাঞ্চল্যকৰ ঘটনা । ঘৰৰ ভিতৰত প্লাষ্টিকেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ (Woman body found wrapped in plastic)। মহিলাগৰাকীক স্বামীয়ে হত্যা কৰাৰ অভিযোগ উঠিছে । ইফালে ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে এই ঘটনা এৰ্নাকুলাম জিলাৰ কোচিৰ । মৃত মহিলাগৰাকী মহাৰাষ্ট্ৰৰ লক্ষ্মী বুলি চিনাক্ত কৰা হৈছে । সম্প্ৰতি আৰক্ষীয়ে ঘটনাটোত স্বামী ৰাম বাহাদুৰ জড়িত থকাৰ সন্দেহ কৰাৰ সমান্তৰালকৈ স্বামীৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছে ।

২৪ অক্টোবৰৰ সন্ধিয়া কাদাৱন্তৰা গিৰিনগৰৰ এটা ঘৰৰ পৰা মৃতদেহটো উদ্ধাৰ কৰা হৈছে (Kerala murder case)। আৰক্ষীয়ে জনোৱা মতে মহাৰাষ্ট্ৰৰ বাসিন্দা দম্পতীটোৱে এবছৰ ধৰি ঘৰটোত ভাড়াতীয়া হিচাপে আছিল । ভাড়াঘৰটোৰ পৰা দুৰ্গন্ধ ওলোৱাত সোমবাৰে ঘৰৰ মালিকে আৰক্ষীক খবৰ দিয়ে ।

আৰক্ষীয়ে উপস্থিত হৈ ঘৰৰ ভিতৰৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে । মহিলাগৰাকীৰ ডিঙিত আঘাতৰ দাগ স্পষ্ট । আনহাতে মৃতদেহটো প্লাষ্টিকেৰে মেৰিয়াই থোৱা অৱস্থাত পোৱা গৈছে । কাদাৱন্তৰা আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু পলাতক স্বামীৰ সন্ধান অভিযান তীব্ৰতৰ কৰি তুলিছে (Woman body found in Kerala)। আৰক্ষীয়ে সন্দেহ কৰা মতে পত্নীক হত্যা কৰি স্বামীয়ে পলায়ন কৰিছে ।

উৱলি যোৱা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ

আৰক্ষীয়ে জনোৱা মতে মহিলাগৰাকীৰ মৃতদেহটো প্লাষ্টিকেৰে মেৰিয়াই পুনৰ এখন কাপোৰেৰে বান্ধি থোৱা আছিল । মৃতদেহটো ইতিমধ্যে উৱলি যাবলৈ ধৰিছে বুলি আৰক্ষীয়ে উল্লেখ কৰিছে ।

ঘৰটোৰ মালিকে আৰক্ষীক জনোৱা মতে দুয়োৰে মাজত সঘনাই কাজিয়া হৈছিল । দম্পতীটোৱে ঘৰটো ভাড়াত লোৱাৰ সময়ত পৰিচয় পত্ৰ বা আন কোনো নথি পত্ৰ দিয়া নাছিল । আৰক্ষীয়ে কোৱা মতে মালিকক দম্পতীটোৱে দিয়া ঠিকনাৰ তথ্যও ভুৱা আছিল । সেয়েহে, আৰক্ষীয়ে সন্দেহ কৰা মতে ঘৰৰ মালিকক তেওঁলোকে দিয়া নাম আৰু পৰিচয়ো সম্ভৱত মিছা আছিল ।

লগতে পঢ়ক :Mumbai murder during Diwali celebration : ফটকা ফুটোৱাত বাধা দিয়াৰ বাবেই এজনক হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.