ETV Bharat / bharat

Omicron Case in India: পুনৰ জাৰি সান্ধ্য আইন

author img

By

Published : Dec 24, 2021, 10:10 PM IST

ভাৰতত ক'ভিডৰ অ'মিক্ৰণ প্ৰকৰণ(Omicron cases In India)ৰ সংখ্যা পুনৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷ নিশা 9 বজাৰ পৰা পুৱা 6 বজালৈ বাহাল থাকিব সান্ধ্য আইন ৷ মুখ্যমন্ত্ৰী কাৰ্যালয়ে শুকুৰবাৰে ক’ভিড সম্পৰ্কীয় এখন নতুন নিৰ্দেশনা জাৰি কৰি প্ৰকাশ কৰে এই কথা ৷ শুকুৰবাৰৰ মাজনিশাৰে পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা ৷

Omicron Case in India
পুনৰ জাৰি সান্ধ্য আইন

নেশ্যনেল ডেস্ক, ২৪ ডিচেম্বৰ : ভাৰতত ক'ভিডৰ অ'মিক্ৰণৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে (Omicron infections have increased in India)। বুধবাৰলৈকে এজন ৰোগী থকা তামিলনাডুত এটা দিনতে ৩৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ অৱস্থিতি । আনহাতে মহাৰাষ্ট্ৰত নতুনকৈ ২৩ গৰাকী, কৰ্ণাটকত ১২ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিডৰ নতুন প্ৰকৰণৰ অৱস্থিতি । গুজৰাট আৰু দিল্লীত ৭ গৰাকীকৈ লোক নতুনকৈ অ'মিক্ৰণত আক্ৰান্ত হৈছে । ইয়াৰ লগে লগে দেশত অ'মিক্ৰণত আক্ৰান্ত লোকৰ সংখ্যা ৩৫৮ লৈ বৃদ্ধি হৈছে (India has 358 cases of Omicron)।

Omicron Case in India
পুনৰ জাৰি সান্ধ্য আইন

অ'মিক্ৰণ প্ৰকৰণৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰত উদ্ধৱ ঠাকৰে নেতৃত্বাধীন চৰকাৰে শনিবাৰৰ নিশাৰে পৰা ৰাজ্যখনত সান্ধ্য আইন(Night Curfew In Maharashtra) জাৰি কৰিছে ৷ উৎসৱৰ বতৰত সংক্ৰমণৰ আশংকা ব্যক্ত কৰি মহাৰাষ্ট্ৰৰ চৰকাৰে ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ চৰকাৰখনে বৰদিন আৰু নৱবৰ্ষ উদযাপন, বিবাহ আৰু হোটেল-ৰেষ্টুৰেণ্টৰ পাৰ্টিৰ সময়ত জন সমাগম নিয়ন্ত্ৰণ কৰাৰ বাবে মূলত এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে(CM Uddhav Thackeray)য়েও সকলোকে স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা(Maharashtra govt announces new COVID guidelines ) মানি চলিবলৈ আৰু মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : Omicron cases in India: সকলোকে সতৰ্ক আৰু সাৱধান হ'বলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.