ETV Bharat / bharat

মৃত ক'ভিড ৰোগীক চিকিৎসা কৰি চিকিৎসক গ্ৰেপ্তাৰ - maharashtra doctors treat dead covid patient for three days

মৃত্যুৰ পাচতো এগৰাকী ক'ভিড ৰোগীক তিনিদিনৰো অধিক চিকিৎসা কৰি গ্ৰেপ্তাৰ চিকিৎসক ৷ মৃতকৰ পৰিয়ালৰ পৰা অধিক ধন সংগ্ৰহ কৰাৰ চক্ৰান্তৰে চিকিৎসকসকলে এনেদৰে এজন মৃত লোকক চিকিৎসা কৰাৰ অভিযোগ ৷

maharashtra doctors treat dead covid patient for three days
মৃত ক'ভিড ৰোগীক চিকিৎসা কৰি চিকিৎসক গ্ৰেপ্তাৰ
author img

By

Published : May 20, 2021, 11:17 AM IST

নেচনেল ডেস্ক,20 মে': এজন মৃত ক'ভিড ৰোগীক তিনিদিন ধৰি চিকিৎসা কৰি থকাৰ এক ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ নানদেদৰ গোদাবৰী চিকিৎসালয়ত এই ঘটনা সংঘটিত হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, মৃতকৰ পৰিয়ালৰ পৰা যাতে বৃহৎ পৰিমাণৰ ধন সৰকাব পাৰে, তাৰে কু-চক্ৰান্ত কৰি চিকিৎসকে মৃত লোকজনক তিনিদিন ধৰি চিকিৎসা কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে ৷

জানিব পৰা মতে, CIDCO অঞ্চলৰ ভিনকাৰ কলনীৰ এগৰাকী বাসিন্দা তথা বৃত্তিত এগৰাকী শিক্ষক অংকলেশ পাৱাৰ 16 এপ্ৰিলত ক'ভিডত আক্ৰান্ত বুলি ধৰা পৰিছিল ৷ ইয়াৰ পাচতে তেওঁক গোদাবৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ অভিযোগ অনুসৰি, 21 এপ্ৰিলতে ক'ভিডৰ বিৰুদ্ধে যুঁজত হাৰ মানি তেওঁৰ মৃত্যু হয় যদিও চিকিৎসকে 24 এপ্ৰিলতহে তেওঁক মৃত ঘোষণা কৰে ৷ লোকজনৰ চিকিৎসাৰ বিনিময়ত 1.40 লাখ টকাৰ বিল প্ৰদান কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷

আৰক্ষীক দাখিল কৰা এক গোচৰত পত্নী শুভাংগী পাৱাৰে অভিযোগ কৰে যে, স্বামীয়ে চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসা পোৱা নাছিল আৰু চিকিৎসা কৰ্মীসকল কেৱল বিলক লৈহে চিন্তিত আছিল ৷ জিলা সত্ৰ আদালতত বিলসহ অন্য তথ্য উপস্থাপন কৰি তেওঁ প্ৰমাণ কৰে যে, তেওঁৰ স্বামীয়ে শেষ নিশ্বাস ত্যাগ কৰাৰ তিনিদিন পাচতহে তেওঁক চিকিৎসকে মৃত ঘোষণা কৰিছিল ৷ জানিব পৰা মতে, এক তদন্তৰ পাচতে আদালতে হাস্পতাল মেনেজমেণ্টক গোচৰটোত দোষী সাব্যস্ত কৰে ৷

লগতে পঢ়ক: অনিল দেশমুখ কাণ্ড: তিনি ঘন্টা ধৰি অধিবক্তা জয়শ্ৰী পেটেলক জেৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.