ETV Bharat / bharat

Azamgarh Manduri Airport controversy : আৰক্ষীয়ে কিয় আটক কৰিলে মেগছেছে বঁটা বিজয়ী ড০ সন্দীপ পাণ্ডেক ? - Sandeep Pandey on Manduri airport controversy

বাৰাণসীত গ্ৰেপ্তাৰ মেগছেছে বঁটা বিজয়ী ড০ সন্দীপ পাণ্ডে (Magsaysay award winner Sandeep Pandey arrested)। বাৰাণসীৰ কেণ্ট ৰে'ল ষ্টেচনত তেওঁৰ লগতে সহযোগীসকলক আটক কৰে । বাৰাণসী পুলিচ লাইনৰ অতিথিশালাত পৰ্যবেক্ষণত ৰখা হৈছে পাণ্ডেক ।

Sandip Pandey
বাৰাণসীত গ্ৰেপ্তাৰ মেগছেছে বঁটা বিজয়ী ড০ সন্দীপ পাণ্ডে
author img

By

Published : Dec 24, 2022, 8:16 PM IST

নেশ্যনেল ডেস্ক,২৪ ডিচেম্বৰ : বাৰাণসীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মেগছেছে বঁটা বিজয়ী ড০ সন্দীপ পাণ্ডেক (Sandeep Pandey arrested in Varanasi)। কৃষকৰ এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আজমগড়লৈ গৈ থকা অৱস্থাতে ড০ সন্দীপ পাণ্ডেক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ড০ সন্দীপ পাণ্ডেৰ লগতে তেওঁৰ সহযোগীসকলকো বাৰাণসীৰ কেণ্ট ৰে'ল ষ্টেচনত গ্ৰেপ্তাৰ কৰা হয় ।

Sandip Pandey
বাৰাণসীত গ্ৰেপ্তাৰ মেগছেছে বঁটা বিজয়ী ড০ সন্দীপ পাণ্ডে

জানিব পৰা মতে আৰক্ষীয়ে তেওঁক বাৰাণসী পুলিচ লাইনৰ অতিথিশালাত পৰ্যবেক্ষণত ৰাখিছে । আৰক্ষীয়ে জনোৱা মতে, আজমগড় কৃষক প্ৰতিবাদে অনুমতি পোৱা নাই । তাৰোপৰি উক্ত অঞ্চলত ১৪৪ ধাৰা জাৰি কৰা হৈছে । সেয়েহে প্ৰতিবাদত অংশগ্ৰহণৰ বাবে যোৱা বাবে ড০ পাণ্ডে আৰু তেওঁৰ সহযোগীসকলক বাৰাণসীত বাধা দিয়া হৈছে ।

উল্লেখ্য যে আজমগড়ত মাণ্ডুৰী বিমানবন্দৰৰ বিৰুদ্ধে কৃষকসকলৰ প্ৰতিবাদ অব্যাহত আছে (Farmer protest in Azamgarh)। আজমগড়ৰ কৃষকসকলে অভিযোগ কৰা মতে প্ৰস্তাৱিত বিমানবন্দৰৰ সম্প্ৰসাৰণৰ বাবে ৮ খন গাঁৱৰ হাজাৰ হাজাৰ বিঘা ভূমি অধিগ্ৰহণ কৰা হৈছে (Farmer land acquisition for Manduri airport)। ইয়াৰ ফলত কৃষকসকলে জীৱিকা হেৰুওৱাৰ আশংকা কৰিছে । কৃষকসকলে অভিযোগ কৰা মতে চৰকাৰে অধিগ্ৰহণৰ বাবে ৮০ শতাংশ কৃষকৰ সন্মতি লোৱাৰ ক্ষেত্ৰত আইন অনুসৰণ কৰা নাই ।

চৰকাৰে বলপূৰ্বকভাৱে ভূমি দখল কৰিবলৈ চেষ্টা কৰি আছে । একে সময়তে, বিজেপি নেতাসকলে বিমানবন্দৰৰ বিৰোধিতা কৰা কৃষকসকলক ভূমি বেদখলকাৰী বুলি অভিহিত কৰিছে । ইয়াৰ প্ৰতিবাদত শুকুৰবাৰে আজমগড়ত কিষাণ যাত্ৰা শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ কথা আছিল য'ত ড০ সন্দীপ পাণ্ডেই অংশগ্ৰহণ কৰাৰ কথা আছিল ।

লক্ষণীয়ভাৱে, ড০ সন্দীপ পাণ্ডেই পূৰ্বে আজমগড়ৰ কৃষকসকলক সাক্ষাৎ কৰিছিল । শেহতীয়াকৈ আজমগড়ত প্ৰতিবাদকাৰী কৃষকসকলক সম্বোধন কৰি তেওঁ কৈছিল যে কৃষিভূমিৰ কোনো বিকল্প থাকিব নোৱাৰে আৰু এজন ব্যক্তিয়ে সহজে জীৱিকাৰ ধৰণ সলনি কৰিব নোৱাৰে (Sandeep Pandey on Manduri airport controversy)। আনকি ভূমি অধিগ্ৰহণ আইনৰ অধীনতো কৃষকসকলৰ সন্মতি অবিহনে তেওঁলোকৰ পৰা ভূমি ল'ব নোৱাৰে ।

লগতে পঢ়ক :Sikkim gorge accident : ছিকিমৰ দুৰ্ঘটনাত মৃত সৈনিকক বাগডোগ্ৰাত শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.