ETV Bharat / bharat

Criminals Killing: আতিকৰ উপৰিও উত্তৰ প্ৰদেশ আৰক্ষীৰ সন্মুখত হত্যা কৰা হৈছিল কেইবাটাও অপৰাধীক - উত্তৰ প্ৰদেশ আৰক্ষী

গেংষ্টাৰ আতিক-আশ্ৰফেই নহয়, উত্তৰ প্ৰদেশ আৰক্ষীৰ সন্মুখতেই উত্তৰ প্ৰদেশৰ বহুতো অপৰাধীক আৰক্ষীৰ জিম্মা বা কাৰাগাৰত হত্যা কৰা হৈছে। কোন আছিল সেইকেইটা কুখ্যাত অপৰাধী (Many Criminals Killing in front of UP Police) ৷ পঢ়ক আমাৰ প্ৰতিবেদন ...

Mafia Atiq Ashraf Murder Case Many Other Criminals Killed in Front of UP Police
উত্তৰ প্ৰদেশ আৰক্ষীৰ সন্মুখত হত্যা কৰা হৈছিল অন্য অপৰাধীকো
author img

By

Published : Apr 16, 2023, 9:20 PM IST

নেশ্য়নেল ডেস্ক, 16 এপ্ৰিল: শনিবাৰে আতিক আহমেদ আৰু ভাতৃ আশ্ৰফক আৰক্ষীৰ বেষ্টনীৰ মাজতেই গুলীয়াই হত্যা কৰা ঘটনাৰ পিচতেই উত্তৰ প্ৰদেশ আৰক্ষীৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক ৷ আৰক্ষীৰ সন্মুখতেই সাংবাদিকৰ ভেশ ধৰি অহা তিনি হত্যাকাৰীয়ে অন কেমেৰা হত্যা কৰিছিল আতিক আহমেদৰ লগতে ভাতৃ আশ্ৰফক (Mafia Atiq Ashraf Murder Case) ৷ 18 গৰাকী আৰক্ষীৰ বেষ্টনীৰ মাজেৰে উমেশ পাল হত্যাকাণ্ডৰ গোচৰত কাৰাবাস খাটি থকা আতিক আহমেদ আৰু ভাতৃ আশ্ৰফক স্বাস্থ্য পৰীক্ষা কৰাবলৈ লৈ যোৱা হৈছিল (Atiq Ahmed murder case update)৷

অৱশ্যে, আৰক্ষীৰ সন্মুখত মাফিয়া আৰু অপৰাধীক হত্যা কৰাৰ এইটোৱেই প্ৰথম ঘটনা নহয় । ইয়াৰ পূৰ্বে, আৰক্ষীৰ গুলীত মৃত্যু নোহোৱা বহু অপৰাধীৰ কাৰাগাৰৰ ভিতৰত আন অপৰাধীৰ গুলীত মৃত্যু হৈছিল (Many Criminals Killing in front of UP Police) ৷

অন্নু ত্ৰিপাঠীক তেওঁৰ অনুগতসকলে কাৰাগাৰত হত্যা কৰিছিল: পূৰ্বাঞ্চলত দপদপাই থকা মাফিয়া ডন মুখতাৰ আনছাৰীৰ দলৰ গুণ্ডা অনুৰাগ ওৰফে অন্নু ত্ৰিপাঠীক কাৰাগাৰত থকা সময়তে তেওঁৰেই অনুগত সন্তোষ ওৰফে কিট্টুৱে হত্যা কৰিছিল (Criminals Killed in Police Custody)। ২০০৫ চনৰ ২ মাৰ্চত বাৰাণসীৰ কেন্দ্ৰীয় কাৰাগাৰৰ বেৰেকত হত্যা কৰা হৈছিল অন্নুক। কিট্টুৱে অন্নুৰ বেৰেকত প্ৰৱেশ কৰি গুলীৰে চালনী কৰি দিয়ে অন্নুৰ শৰীৰ । অন্নুৰ মৃত্যুৰ এবছৰৰ পূৰ্বে ২০০৪ চনৰ ১৩ মাৰ্চত কাৰাগাৰত থকা এছ পি কাউন্সিলাৰ বংশী যাদৱক একেদৰেই কোনো আততায়ীয়ে হত্যা কৰিছিল (Criminals Killed in Jail) ৷

তাৰ পিচতেই মুখতাৰ আনছাৰীৰ আটাইতকৈ বিশ্বাসী শ্বুটাৰ মুন্না বজৰংগীক আৰক্ষীয়ে 9 টাকৈ গুলীৰে থকা সৰকা কৰাৰ পিচতো মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতি আহিছিল মুন্না ৷ পূৱ উত্তৰ প্ৰদেশ আৰু পশ্চিম উত্তৰ প্ৰদেশত মুন্নাৰ নামতেই লোক কম্পমান হৈছিল ৷ মুন্না বজৰংগীক ২০১৮ চনৰ, 9 জুলাই ভাগপথ কাৰাগাৰত হত্যা কৰা হৈছিল । মুন্না বজৰংগীক ভাগপথৰ এটা গোচৰৰ শুনানিৰ বাবে কাৰাগাৰলৈ আনি থকাৰ সময়তে কাৰাবন্দী কেইজনমানৰ সৈতে কাজিয়াত লিপ্ত হৈছিল ৷

তাৰ পিচতেই আৰক্ষীৰ সন্মুখতেই বন্দীসকলে মুন্নাৰ ওপৰত গুলী চালনা কৰিছিল, এই গুলীচালনাত মুন্নাৰ থিতাতে মৃত্যু হয় । পৰৱৰ্তী সময়ত মুন্নাৰ হত্যাৰ আঁৰত পশ্চিম উত্তৰ প্ৰদেশৰ আটাইতকৈ ডাঙৰ অপৰাধী আৰু ভাগপথ কাৰাগাৰৰ কাৰাবন্দী সুনীল ৰাঠীৰ নাম সাঙোৰ খাইছিল ৷

2015 চনত, পশ্চিম উত্তৰ প্ৰদেশৰ অপৰাধী যোগেন্দ্ৰ সিং ওৰফে ভূৰাক মোৰাদাবাদ আদালত চৌহদলৈ লৈ অনাৰ সময়তে আততায়ীৰ গুলীত নিহত হয় ৷ ভূৰাকক বৃহৎ সংখ্যক আৰক্ষীয়ে আগুৰি অনাৰ স্বত্বেও কিছু লোকে অপৰাধীটোৰ ওপৰত গুলীচালনা কৰে । কেৱল এয়াই নহয়, ২০১৯ ৰ ১৭ ডিচেম্বৰত অপৰাধী শ্বাহনাৱাজ আৰু জব্বাৰক দিল্লীৰ তিহাৰ কাৰাগাৰৰ পৰা বিজনৌৰ আদালতলৈ আৰক্ষীয়ে হাজিৰ কৰাবলৈ অনাৰ সময়তে ভিৰৰ মাজত উপস্থিত তিনি আততায়ীয়ে গুলীচালনা কৰি শ্বাহনাৱাজক হত্যা কৰে।

২০২১ চনৰ ১৪ মে'ত চিত্ৰকূট কাৰাগাৰৰ ৰায়বৰেলী কাৰাগাৰলৈ স্থানান্তৰ কৰা অংশু দীক্ষিতে মুখতাৰ আনছাৰীৰ সোঁহাতস্বৰূপ মেৰাজৰ ওপৰত কেইবা ৰাউণ্ড গুলী চালনা কৰে । এই গুলীচালনাত মেৰাজৰ ঘটনাস্থলীতে মৃত্যু হয় । কেৱল এয়াই নহয়, অংশুৱে মেৰাজক হত্যা কৰাৰ পিছত পশ্চিম উত্তৰ প্ৰদেশৰ কুখ্যাত অপৰাধী মুকিম কালাক হত্যা কৰিছিল । অৱশ্যে, ইয়াৰ পিচত, অংশু দীক্ষিতকো আৰক্ষীয়ে এনকাউণ্টাৰত হত্যা কৰিছিল ।

লগতে পঢ়ক: Atiq Ahmed killing latest updates: উত্তৰ প্ৰদেশত ধাৰা 144 ধাৰা জাৰি, প্ৰয়াগৰাজত ইণ্টাৰনেট কৰ্তন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.