ETV Bharat / bharat

AIDMK ৰ অন্তৱৰ্তীকালীন সাধাৰণ সম্পাদকৰ বাবে শশীকলাই জনোৱা আবেদনক খাৰিজ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ - তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী

AIDMK ৰ গুৰুত্বপূৰ্ণ দলীয় বিবাদ সন্দৰ্ভত মংগলবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে প্ৰদান কৰে গুৰুত্বপূৰ্ণ ৰায় ৷ সৰ্বভাৰতীয় আন্না দ্ৰাবিড়া মুনেত্ৰ কাঝাগমৰ অন্তৱৰ্তীকালীন সাধাৰণ সম্পাদক হিচাপে তেওঁৰ পদ অব্যাহত ৰখাৰ বাবে আদালতত জনোৱা আবেদনক খাৰিজ কৰে ৷

All India Anna Dravida Munnetra Kazhagam
আবেদনক খাৰিজ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ
author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 2:30 PM IST

নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ: AIDMK ৰ গুৰুত্বপূৰ্ণ দলীয় বিবাদ সন্দৰ্ভত মংগলবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে প্ৰদান কৰে গুৰুত্বপূৰ্ণ ৰায় ৷ সৰ্বভাৰতীয় আন্না দ্ৰাবিড়া মুনেত্ৰ কাঝাগমৰ অন্তৱৰ্তীকালীন সাধাৰণ সম্পাদক হিচাপে তেওঁৰ পদ অব্যাহত ৰখাৰ বাবে আদালতত আবেদন দাখিল কৰিছিল শশীকলাই । অন্তৱৰ্তীকালীন সাধাৰণ সম্পাদক হিচাপে নিজৰ মৰ্যাদা অব্যাহত ৰখাৰ বাবে শশীকলাই প্ৰদান কৰা আবেদনক মংগলবাৰে খাৰিজ কৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ।

তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত জয়াললিতাৰ ঘনিষ্ঠ শশীকলাই উক্ত ঘোষণাৰ বাবে কৰা আবেদন চহৰখনৰ অতিৰিক্ত দেৱানী আদালতে নাকচ কৰাৰ পিছতে তিনিটা আবেদনৰ গোচৰ আৰু এখন দেৱানী পুনৰীক্ষণৰ বাবে আবেদন দাখিল কৰিছিল । উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰ. সুব্ৰমণিয়াম আৰু এন. সেনথিল কুমাৰৰ সংমণ্ডল বিচাৰপীঠে শশীকলাৰ দাবীৰ অবৈধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিম্ন ন্যায়ালয়ৰ সিদ্ধান্তৰ প্ৰতি সমৰ্থন জনায় ।

উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তই ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ আৰু অধিক উত্তপ্ত কৰি তোলে । উল্লেখ্য যে, 2016 চনৰ 5 ডিচেম্বৰত জয়াললিতাৰ মৃত্যু ঘটে আৰু জয়াললিতাৰ সপ্তম মৃত্যু বাৰ্ষিকীৰ দিনাই ঘোষণা কৰা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত । জয়াললিতাৰ মৃত্যুৰ পিছত শশীকলাই অন্তৱৰ্তীকালীন সাধাৰণ সম্পাদকৰ ভূমিকা পালন কৰে । কিন্তু 2017 চনৰ 17 ফেব্ৰুৱাৰীত সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত তেওঁক কাৰাবন্দী কৰি ৰখাৰ ফলত দলটোৰ ভিতৰত আভ্যন্তৰীণ সংঘাতৰ সৃষ্টি হয় ।

দলৰ সাধাৰণ পৰিষদে 2017 চনৰ 12 ছেপ্টেম্বৰত শশীকলাক অন্তৱৰ্তীকালীন সাধাৰণ সম্পাদক আৰু অ. পানীৰচেলভাম আৰু এদাপ্পাদি কে. পালানিস্বামীক ক্ৰমে সমন্বয়ক আৰু যুটীয়া সমন্বয়ক হিচাপে নিযুক্তি দিয়ে । উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তই শশীকলাক এআইএডিএমকেৰ নেতৃত্বৰ পৰা অপসাৰণ কৰাৰ ক্ষেত্ৰত অধিক উৎসাহ বৃদ্ধি কৰিছে ৷ বৰ্তমান দাক্ষিণাত্যৰ ৰাজ্যখনত ৰাজনৈতিক বিবাদ গাঢ় হৈ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: গেহলটৰ বাবেই ৰাজস্থানত কংগ্ৰেছৰ পৰাজয়; আছুতীয়া সাক্ষাৎকাৰত কংগ্ৰেছ নেতা তীকা ৰাম মীনা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.