ETV Bharat / bharat

Actress Jayaprada's imprisonment: অভিনেত্ৰী জয়াপ্ৰদাক 6 মাহৰ কাৰাদণ্ড - অভিনেত্ৰী জয়াপ্ৰদা

Egmore আদালতে অভিনেত্ৰী জয়াপ্ৰদাৰ বিৰুদ্ধে জাৰি কৰা 6 মাহৰ কাৰাদণ্ডৰ নিৰ্দেশক বাহাল ৰাখিলে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ৷ মাদ্ৰাজ উচ্চ ন্য়ায়লয়ে লগতে জয়াপ্ৰদাক সংশ্লিষ্ট Egmore আদালতত আত্মসমৰ্পন কৰি 20 লাখ টকা জমা দিবলৈও নিৰ্দেশ দিয়ে ৷

Actress Jayapradas imprisonment
Actress Jayaprada's imprisonment
author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 4:44 PM IST

নিউজ ডেস্ক, 20 অক্টোবৰ: শুকুৰবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জয়চন্দ্ৰনে অভিনেত্ৰী জয়াপ্ৰদাৰ বিৰুদ্ধে Egmore আদালতে জাৰী কৰা 6 মাহৰ কাৰাদণ্ডৰ নিৰ্দেশক বাহাল ৰাখি জয়াপ্ৰদাৰ আবেদনখন খাৰিজ কৰে ৷ কৰ্মচাৰীসকলক ESI ৰ ধন প্ৰদান নকৰাৰ অভিযোগত Egmore আদালতে জাৰী কৰা 6 মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছিল জয়াপ্ৰদাক ৷ মাদ্ৰাজ উচ্চ ন্য়ায়লয়ে লগতে জয়াপ্ৰদাক সংশ্লিষ্ট Egmore আদালতত আত্মসমৰ্পন কৰি 20 লাখ টকা জমা দিবলৈও নিৰ্দেশ দিয়ে ৷

জয়াপ্ৰদা হিন্দী, তেলুগু আৰু তামিল ছবিৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী ৷ তেওঁ সাংসদ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷ চেন্নাইৰ আন্না ছালাইত ৰাজকুমাৰ আৰু ৰাজবাবুৰ সৈতে এখন থিয়েটাৰ চলাইছিল অভিনেত্ৰীগৰাকীয়ে ৷ ৰাজ্যিক বীমা নিগমৰ নামত কৰ্মচাৰীসকলক 1991 চনৰ পৰা 2002 চনলৈ 8 লাখ 17 হাজাৰ টকা, 2002 চনৰ পৰা 2005 চনলৈ 1 লাখ 58 হাজাৰ টকা প্ৰদান নকৰাৰ অভিযোগত অভিযুক্ত অভিনেত্ৰীগৰাকী ৷

Madras HC confirmed the Actress Jayaprada imprisonment
Actress Jayaprada's imprisonment

এই সন্দৰ্ভত ESI কোম্পানীৰ তৰফৰ পৰা Egmore আদালতত 5 টা গোচৰ দাখিল কৰা হৈছিল ৷ এই গোচৰৰ শুনানিৰ সময়ত জয়াপ্ৰদাই কয় যে কৰ্মচাৰীসকলে বীমাৰ ধন ওভতাইছিল ৷ ESI কোম্পানীয়ে ইয়াৰ বিৰোধ কৰি কয় যে ESI ৰ ধন প্ৰদান নকৰাৰ বাবে কৰ্মচাৰীসকলৰ ক্ষতি হৈছিল ৷ উভয় পক্ষৰ যুক্তি শুনাৰ পাচত Egmore আদালতে চলিত বৰ্ষৰ 10 আগষ্টত জয়াপ্ৰদাসহ তিনিগৰাকী লোকক 6 মাহৰ জামিনবিহীন কাৰাবাস আৰু 5 হাজাৰ টকাৰ জৰিমনা বিহে ৷

জয়াপ্ৰদাই Egmore আদালতৰ ৰায়ৰ বিৰুদ্ধে মাদ্ৰাছ উচ্চ ন্য়ায়ালয়ত গোচৰ দাখিল কৰে ৷ ন্য়ায়ধীশ জয়চন্দ্ৰৰ আদালতে এই গোচৰৰ শুনানি গ্ৰহণ কৰে ৷ শুনানিৰ সময়ত ESI কোম্পানীৰ উকীলে কয় যে গোচৰটো এইবাবে দাখিল কৰা হৈছিল, কাৰণ কৰ্মচাৰীসকলক ধন প্ৰদান কৰা হোৱা নাছিল আৰু এই বিষয়ত কেইবাখনো জানী প্ৰেৰণ কৰা হৈছিল ৷

জয়াপ্ৰদানৰ উকীলে কয়, ‘‘ ‘শ্ৰমিকসকলক কিয় ধন দিয়া নাই সেই বিষয়ত ESI য়ে কোনো ধৰণৰ ব্যাখ্যা পোৱা নাই । কোনো জাননী প্ৰেৰণ নকৰাকৈ পোনপটীয়াকৈ ESI ৰ হৈ গোচৰটো দাখিল কৰা হয় । এই গোচৰত, মাদ্ৰাজ উচ্চ ন্যায়ালয়ে Egmore আদালতে জাৰি কৰা 6 মাহৰ কাৰাদণ্ডৰ ৰায় বাহাল ৰাখে আৰু জয়প্ৰদাই ESI কৰ্মীসকলে ধন ঘূৰাই দিয়াৰ বিষয়ে একো ৰিপ’ৰ্ট নকৰাৰ বাবে আবেদনখন খাৰিজ কৰিছিল । লগতে আদালতে জয়প্ৰদাক 15 দিনৰ ভিতৰত সংশ্লিষ্ট Egmore আৰ্বিট্ৰেল ট্ৰিবিউনেলত আত্মসমৰ্পণ কৰি 20 লাখ টকা জমা দিবলৈও নিৰ্দেশ দিছে ।

লগতে পঢ়ক: Cash For Query : হিৰানন্দনীৰ শপতনামাৰ ওপৰত প্ৰশ্ন মহুৱা মৈত্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.