ETV Bharat / bharat

Litchi Benefits and Side Effects: অধিকাংশ ভাৰতীয়ৰে প্ৰিয় লিচু খোৱাৰ সঠিক পৰিমাণ তথা খোৱাৰ সঠিক সময় কি ?

author img

By

Published : Jun 20, 2023, 12:54 PM IST

লিচুৰ বতৰ আহিল আৰু বজাৰবোৰো সুস্বাদু ৰঙা লিচুৰে ভৰি পৰিছে । যদি আপুনিও লিচুৰ প্ৰতি আকৰ্ষিত, তেন্তে ইয়াক খোৱাৰ লগতে ইয়াৰ সুবিধা আৰু অসুবিধাও জনাটো জৰুৰী । লগতে কিমান সময়ত কিমান পৰিমাণে খাব লাগে জানি লওক...

Lychee Uses Benefits Side Effects and More
অধিকাংশ ভাৰতীয়ৰে প্ৰিয় লিচু খোৱাৰ সঠিক পৰিমাণ তথা খোৱাৰ সঠিক সময় কি ?

লিচু সেই ফলবোৰৰ ভিতৰত আহে, যাৰ ঋতুৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰা হয় । মিঠা, ৰসাল আৰু সোৱাদযুক্ত লিচু ভাৰতত খুবেই পচন্দ কৰে । ইয়াক কেৱল ফল হিচাপে খোৱাই নহয়, মিঠা খাদ্য হিচাপেও ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা হয় । লগতে লিচি ককটেইল, আইচক্ৰীমত ইয়াৰ সোৱাদ খুবেই ভাল লাগে ৷

গ্ৰীষ্মকালত অহা লিচুত ৮৩ শতাংশ পানী আৰু ১৬.৫ শতাংশ কাৰ্ব থাকে । অৰ্থাৎ ১০০ গ্ৰাম লিচুত প্ৰ’টিন, কাৰ্ব, চেনি, আঁহ আৰু চৰ্বি থাকে । গতিকে লিচু খোৱাৰ সুবিধা আৰু অসুবিধা কি কি লগতে ইয়াক কোৱাৰ উত্তম সময় কি জানো আহক ।

লিচু খালে কি কি লাভ হয় ?

  • লিচুত ভিটামিন আৰু এন্টিঅক্সিডেন্টৰ লগতে বহুতো স্বাস্থ্যকৰ খনিজ পদাৰ্থ থাকে, যিয়ে আপোনাক হৃদৰোগ, কেন্সাৰ আৰু ডায়েবেটিছৰ দৰে বিপজ্জনক ৰোগৰ পৰা ৰক্ষা কৰে ।
  • লিচুতো ভাল পৰিমাণৰ আঁহ থাকে, যাৰ বাবে ই হজম শক্তিৰ বাবে উপকাৰী ।
  • লিচুয়ে ৰক্তচাপৰ মাত্ৰাও উন্নত কৰাৰ কাম কৰে ।
  • ইয়াত থকা এন্টিভাইৰেল গুণে আপোনাক বহু ধৰণৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে ।
  • কিছুমান গৱেষণাৰ মতে, লিভাৰৰ কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত লিচুৱে সহায় কৰে বুলি প্ৰমাণিত হৈছে ।
  • লিচুত থকা কপাৰে চুলি বৃদ্ধি হোৱাত সহায় কৰে ।
  • লিচুৰ গ্লাইচেমিক ইনডেক্স অতি কম হোৱাৰ বাবে ডায়েবেটিছ ৰোগীয়েও ভয় নোহোৱাকৈ খাব পাৰে ।

লিচু খোৱাৰ অপকাৰিতা কি কি ?

কিছুমান মানুহৰ লিচুৰ এলাৰ্জীও হ’ব পাৰে, অৰ্থাৎ ইয়াক খোৱাৰ পিচত ছালত ফোহা ওলোৱা, ওঁঠ আৰু ডিঙিৰ ফুলা আৰু ডায়েৰিয়া আদি সমস্যা আৰম্ভ হ’ব পাৰে । যদি আপুনি অতিৰিক্তভাৱে লিচু খায় কৰে তেন্তে ইয়াৰ ফলত হৰম’নৰ ভাৰসাম্যহীনতা, জ্বৰ, ৰক্তক্ষৰণ, আভ্যন্তৰীণ ৰক্তক্ষৰণ আৰু সংক্ৰমণ হ’ব পাৰে ।

লিচু খোৱাৰ উপযুক্ত সময় কি ?

বিশেষজ্ঞসকলৰ মতে যদি লিচু খাব লাগে তেন্তে ব্ৰেকফাষ্টৰ পিচত বা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিচতহে খাব লাগে ।

এদিনত কিমান লিচু খাব লাগে ?

দিনটোত ১০ৰ পৰা ১২টা লিচু খালে স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে ।

লগতে পঢ়ক: Masaba Gupta's Artichoke Salad: আপোনাৰ শৰীৰৰ বিভিন্ন ৰোগ নিৰাময় কৰাত সক্ষম আৰ্টিচক চালাড, ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.