ETV Bharat / bharat

Lucknow murder case: PUB-G খেলিবলৈ নিদিয়াৰ বাবেই মাতৃক গুলীয়াই হত্যা কিশোৰৰ

author img

By

Published : Jun 8, 2022, 10:38 PM IST

মাতৃতকৈ আপোন হ’ল PUB-G ৷ মাতৃ নহ’লেও থাকিব পাৰে উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্ষ্ণৌৰ এটি কিশোৰে ৷ কিন্তু PUB-G নহ’লে একোৱেই কৰিব নোৱাৰে কিশোৰটিয়ে ৷ সেয়ে PUB-G খেলাৰ বাবে জন্মদাত্ৰী মাতৃক গুলীয়াই হত্যা কৰে লক্ষ্ণৌৰ এটি 16 বছৰীয়া কিশোৰে (Boy kills mother) ৷

Lucknow murder case
পাব জি খেলিব নিদিয়াৰ বাবেই মাতৃক গুলীয়াই হত্যা কিশোৰৰ

নেশ্যনেল ডেস্ক, 8 জুন : বহুল সমাদৃত গেম PUB-G য়ে অমানিশা নামই আনিলে এটা পৰিয়াললৈ ৷ এজন কিশোৰৰ বাবে মাতৃতকৈও আপোন হৈ পৰিল PUB-G খেল ৷ ঘটনাৰ স্থান উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্ষ্ণৌ (Lucknow murder case) ৷

PUB-G খেলিবলৈ নিদিয়াৰ কাৰণেই দশম শ্ৰেণীত অধ্যয়ন কৰি থকা এজন 16 বছৰীয়া কিশোৰে গুলীয়াই হত্যা কৰে নিজ মাতৃক (Son kills mother) ৷ ইয়াৰ পিছতে মাতৃৰ মৃতদেহ পুত্ৰই লুকুৱাই ৰাখে ঘৰতে ৷ ঘটনা সংঘটিত হোৱা কিছু দিন পিছত ঘৰৰ পৰা দুৰ্গন্ধ ওলাবলৈ লোৱাত পিতৃক মাকৰ মৃত্যুৰ মিছা কাহিনী বৰ্ণনা কৰে অভিযুক্ত কিশোৰটোৱে ৷

ঘটনাৰ বিৱৰণি অনুসৰি, কিশোৰটোৱে PUB-G খেলাৰ বাবে মাকৰ সৈতে সঘনে তৰ্কা-বিতৰ্কত লিপ্ত হৈছিল ৷ অত্যাধিক গেম খেলি থকাৰ বাবে মাকে প্ৰায়েই বাধা দিছিল কিশোৰটোক ৷ যাৰ বাবে মাকক শত্ৰু জ্ঞান কৰিছিল কিশোৰটোৱে ৷

প্ৰাপ্ত তথ্য অনুসৰি, লক্ষ্ণৌৰ পি জি আই অঞ্চলৰ যমুনাপুৰ কলনীত দুই সন্তানৰ লগত বাস কৰিছিল মৃত মহিলাগৰাকীয়ে ৷ অভিযুক্ত কিশোৰটোৰ পিতৃ তথা মৃত মহিলাগৰাকীৰ স্বামী কলকাতাৰ আছানচোলত সেনাবাহিনীত কৰ্মৰত আছিল ৷ শনিবাৰে বিয়লি প্ৰায় 3 বজাত কিশোৰটোৰ মাতৃ শুই থকা অৱস্থাত পুত্ৰই পিতৃৰ পিষ্টলেৰে মূৰত গুলীয়াই হত্যা কৰে (Lucknow boy kills mother as she stops him from playing PUBG) ৷

ইফালে ঘৰতে লুকুৱাই থোৱা মাতৃৰ মৃতদেহৰ পৰা দুৰ্গন্ধ ওলোৱাত অভিযোক্ত কিশোৰটিয়ে দুৰ্গন্ধ আঁতৰাবলৈ ৰুম ফ্ৰেছনাৰো ব্যৱহাৰ কৰিছিল ৷ আনকি কিশোৰটোৰ মাতৃক ওচৰ চুবুৰীয়াই ঘৰত নেদেখি সোধ পোছ কৰাত মাক খুৰাকৰ ঘৰলৈ যোৱা বুলি কৈছিল অভিযুক্ত কিশোৰটিয়ে ৷

লগতে পঢ়ক : মৰাণত পত্নীৰ কুঠাৰৰ ঘাপত প্ৰাণ গ'ল স্বামীৰ

পৰৱৰ্তী সময়ত অৰ্থাৎ মঙলবাৰে কিশোৰটোৱে মাতৃৰ শৰীৰৰ পৰা মাত্ৰাধিক দুৰ্গন্ধ ওলোৱাত নিশা প্ৰায় 8 বজাত দেউতাকক ঘৰলৈ মাতি আনি মাকক কোনো লোকে হত্যা কৰি থৈ যোৱা বুলি উল্লেখ কৰে ৷ আনকি বিগত তিনিদিন ধৰি এগৰাকী লোক তেওঁলোকৰ ঘৰলৈ আহি আছে, সিয়েই হয়তো মাকক হত্যা কৰিলে- এইবুলি পিতৃৰ আগত অভিনয় কৰে কিশোৰটোৱে ৷

তাৰ পাচতে কিশোৰটোৰ পিতৃয়ে ঘটনা সন্দৰ্ভত অৱগত কৰে আৰক্ষীক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ আনকি ফৰেনচিকৰ দলে মৃতদেহটো পৰীক্ষা কৰি মৃতদেহৰ মূৰত গুলীৰ চিন স্পষ্ট কৰে ৷ লগতে আৰক্ষীৰ দলটোৱে মৃতদেহটোৰ চাৰিওফালে তেজ সিঁচৰিত হৈ থকা পৰিলক্ষিত কৰে ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে কিশোৰটোক সোধ পোছ কৰাত প্ৰকৃত ঘটনা পোহৰলৈ আহে ৷ তথ্য অনুসৰি, হত্যাকাণ্ড সংঘটিত কৰাৰ দিনা 10 বছৰীয়া ভনীয়েকো মাতৃৰ লগতে একেটা শুৱনি কোঠাতে আছিল ৷ কিশোৰটিৰ ভনীয়েকে নিশা গুলীৰ শব্দ শুনি সাৰ পোৱাত ভনীয়েকক অন্য কোঠালৈ গৈ শুবলৈ দিয়ে ৷

পুৱা সাৰ পাই ভনীয়েকে মাকৰ মৃতদেহ প্ৰত্যক্ষ কৰাত কিশোৰটোৱে ভনীয়েকক এই কথা কাকো নকবলৈ ভাবুকি প্ৰদান কৰে ৷ অন্যথা মাকৰ দৰে ভনীয়েককো হত্যা কৰাৰ ভাবুকি দিয়ে কিশোৰটোৱে ৷

উল্লেখ্য যে, এই ঘটনাৰ মূল অভিযুক্ত আৰক্ষীৰ জালত পৰিলেও সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Hyderabad minor girl gang rape: 5 অভিযুক্তক আটক আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.