নিউজ ডেস্ক,20 নৱেম্বৰঃ বিশেষ সূত্ৰৰ পমখেদি জানিব পৰা গৈছে যে, শুকুৰবাৰে 16 কৌৰৰ লেফটেন্ট জেনেৰেল এমভি সুচিন্দ্ৰ কুমাৰে সাক্ষাৎ কৰে জম্মু-কাশ্মীৰৰ লেফটেন্ট গৰ্ৱণৰ মনোজ সিনহাক ৷ জানিব পৰা মতে, জম্মু-কাশ্মীৰত নিয়োজিত দুয়োটা সুৰক্ষা বাহিনী আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশ খনৰ সুৰক্ষাৰ বিষয়টোৰ ওপৰত পৰ্যালোচনা কৰে ৷ বিষয়া কেইগৰাকীয়ে উপ-ৰাজ্য পালক সীমান্তৰ আগন্তুক পৰিস্থিতিৰ আৰু কি ব্যৱস্থা গ্ৰহণ কৰে সেই বিষয়ে অৱগত কৰে ৷
সাক্ষাতৰ অন্তত মনোজ সিনহাই কয় যে, প্ৰশাসনৰ লগত সহযোগিতা কৰি জম্মু-কাশ্মীৰত সুৰক্ষাৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা সমূহ দূৰ কৰিবলৈ সুৰক্ষা বাহিনীয়ে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে ৷