ETV Bharat / bharat

লেফটেনেণ্ট জেনেৰেল ঔজলাক চিনাৰ কৰ্পছৰ কমাণ্ডাৰৰ দায়িত্ব - Chinar corps commander

লেফটেনেণ্ট জেনেৰেল অমৰদীপ সিং ঔজলা হ'ব পৰৱৰ্তী ১৫ চিনাৰ কৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং (ADS Aujla will be next Chinar corps commander) । ইয়াৰ পূৰ্বে চিনাৰ কৰ্পছ কমাণ্ডাৰৰ দায়িত্বত আছিল লেফটেনেণ্ট জেনেৰেল দেৱেন্দ্ৰ প্ৰতাপ পাণ্ডে । লেফটেনেণ্ট জেনেৰেল ঔজলাই মে’ মাহৰ ভিতৰত ১৫ কৰ্পছৰ কমাণ্ডাৰৰ দায়িত্ব গ্ৰহণৰ সম্ভাৱনা আছে ।

Chinar corps commander
লেফটেনেণ্ট জেনেৰেল ঔজলাক চিনাৰ কৰ্পছৰ কমাণ্ডাৰৰ দায়িত্ব
author img

By

Published : Apr 9, 2022, 12:29 PM IST

Updated : Apr 9, 2022, 5:52 PM IST

নেশ্যনেল ডেস্ক, ৯ এপ্ৰিল : লেফটেনেণ্ট জেনেৰেল অমৰদীপ সিং ঔজলাক শ্ৰীনগৰস্থিত ১৫ চিনাৰ কৰ্পছৰ ৫১ তম জেনেৰেল অফিচাৰ কমাণ্ডিং হিচাপে নিযুক্তি দিয়া হৈছে (Lt Gen Aujla appointed as 15 Chinar Corps commander) । ১৯৮৭ চনৰ ডিচেম্বৰত ভাৰতীয় সেনাত যোগদান কৰা লেফটেনেণ্ট জেনেৰেল ঔজলাই মে’ মাহৰ ভিতৰত ১৫ কৰ্পছৰ কমাণ্ডাৰৰ দায়িত্ব গ্ৰহণৰ সম্ভাৱনা আছে । তেওঁ পূৰ্বে কুপৱাৰাত ২৬৮ আইএনএফ ব্ৰিগেড আৰু ২৮ আইএনএফ ডিভিজনক কমাণ্ড কৰিছিল ।

ইতিমধ্যে লেফটেনেণ্ট জেনেৰেল ঔজলাই এছএম (SM), ভিএছএম (VSM), ৱাইএছএমৰ (YSM) সন্মান লাভ কৰিছে । ইফালে সেনাৰ সূত্ৰ অনুসৰি, লেফটেনেণ্ট জেনেৰেল ঔজলাই কাশ্মীৰ উপত্যকাৰ এটা বিভাগৰ কমাণ্ডাৰৰ দায়িত্বত আছিল ৷ সন্ত্ৰাসবাদ বিৰোধী আৰু অনুপ্ৰৱেশ বিৰোধী অভিযানত যথেষ্ট অভিজ্ঞতা গোটাই থৈছে এইগৰাকী ব্যক্তিয়ে । ইয়াৰ পূৰ্বে চিনাৰ কৰ্পছ কমাণ্ডাৰৰ দায়িত্বত আছিল লেফটেনেণ্ট জেনেৰেল দেৱেন্দ্ৰ প্ৰতাপ পাণ্ডে । অৱশ্যে লেফটেনেণ্ট জেনেৰেল ডিপি পাণ্ডেৰ পৰৱৰ্তী পোষ্টিং এতিয়াও ঘোষণা হোৱা নাই ।

উল্লেখ্য যে, চিনাৰ কৰ্পছ হৈছে কাশ্মীৰ উপত্যকাত আৰু পাকিস্তানৰ সৈতে নিয়ন্ত্ৰণৰেখাত সন্ত্ৰাসবাদ আৰু অনুপ্ৰৱেশ বিৰোধী অভিযানৰ বিৰুদ্ধে যুঁজ দিয়া ভাৰতীয় সেনাৰ মুখ্য গোট । ঔজলা ভাৰতীয় সেনাৰ ৰাজপুতানা ৰাইফলছ ৰেজিমেণ্টৰ অন্তৰ্ভুক্ত আৰু পদাতিক ৰেজিমেণ্টৰ ১৫ তম বেটালিয়নক কমাণ্ড কৰিছিল ।

লগতে পঢ়ক : অন্ধ্ৰপ্ৰদেশৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ ২৪ কেবিনেট মন্ত্ৰীৰ

Last Updated : Apr 9, 2022, 5:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.