ETV Bharat / bharat

Cash for query allegation against Mahua Moitra : আজি পুনৰ লোকসভাৰ নৈতিকতা সমিতিৰ বৈঠক, প্ৰতিবেদন গ্ৰহণৰ সম্ভাৱনা

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 10:03 AM IST

তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগ সন্দৰ্ভত পুনৰ এবাৰ লোকসভাৰ নৈতিকতা সমিতিৰ সদস্যসকল বৈঠকত মিলিত হ'ব । উৎকোচ সম্পৰ্কীয় প্ৰতিবেদন সমিতিয়ে গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

Cash for query allegation against Mahua Moitra
আজি পুনৰ লোকসভাৰ নৈতিকতা সমিতিৰ বৈঠক প্ৰতিবেদন গ্ৰহণৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক,৯ নৱেম্বৰ : তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত ধনৰ বিনিময়ত প্ৰশ্নৰ অভিযোগ আলোচনাৰ বাবে বৃহস্পতিবাৰে পুনৰ সংসদৰ নৈতিকতা সমিতি বৈঠকত মিলিত হ'ব । বৈঠকত সমিতিয়ে অভিযোগৰ খচৰা প্ৰতিবেদন গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । বিজেপি সাংসদ নিশিকান্ত ডুবেই মৈত্ৰৰ বিৰুদ্ধে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত অভিযোগ দাখিল কৰিছিল । তেওঁ মৈত্ৰৰ বিৰুদ্ধে উপহাৰৰ বিনিময়ত ব্যৱসায়ী দৰ্শন হিৰানান্দনিৰ নিৰ্দেশত আদানি গোটক লক্ষ্য কৰি লোৱা বাবে লোকসভাত প্ৰশ্ন সোধাৰ অভিযোগ উত্থাপন কৰিছিল ।

১৫ জনীয়া নৈতিকতা সমিতিখনত বিজেপিৰ ৭ গৰাকী, কংগ্ৰেছৰ ৩ গৰাকী আৰু বিএছপি, শিৱসেনা, ৱাইএছআৰ কংগ্ৰেছ পাৰ্টি, কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া-মাৰ্ক্সবাদী আৰু জনতা দলৰ (ইউনাইটেড) এজনকৈ সদস্য আছে । বৃহস্পতিবাৰৰ বৈঠকত সমিতিখনে মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত গুৰুত্বপূৰ্ণ স্থিতি লোৱাৰ সম্ভাৱনা আছে । তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে যোৱা বৈঠকত সমিতিৰ মুৰব্বী বিনোদ কুমাৰ সোনকাৰৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছিল । অশালীন আৰু ব্যক্তিগত প্ৰশ্ন সোধাৰ অভিযোগত তেওঁ আৰু বিৰোধী সদস্যসকলে বৈঠক আধাতে এৰি ওলাই গৈছিল ।

বিৰোধী সদস্যসকলে ভিন্নমত দিয়াৰ সম্ভাৱনাৰ মাজতে সমিতিখনে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক দিয়া প্ৰতিবেদনত তৃণমূল কংগ্ৰেছৰ সাংসদৰ বিৰুদ্ধে পৰামৰ্শ দিব পাৰে বুলি ইংগিত পোৱা গৈছে । কংগ্ৰেছৰ সূত্ৰৰ মতে সমিতিৰ সদস্য এন উত্তম কুমাৰ ৰেড্ডী আৰু ভি বৈথিলিঙ্গমে ভিন্নমতৰ টোকা দাখিল কৰিব । কংগ্ৰেছৰ তৃতীয় সদস্য হৈছে পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ পত্নী প্ৰনীত কৌৰ ।

বিএছপি সদস্য কুঁৱৰ দানিশ আলীয়েও তেওঁৰ ভিন্নমতৰ টোকা দিয়াৰ সম্ভাৱনা আছে । ২ নৱেম্বৰত সমিতিত উপস্থিত থকা বিৰোধী সদস্যই সভাৰ পৰা ওলাই গৈছিল আৰু অভিযোগ কৰিছিল যে সোনকাৰে মৈত্ৰক তেওঁৰ ভ্ৰমণ, হোটেলত থকা আৰু টেলিফোনিক কথোপকথন সম্পৰ্কে ব্যক্তিগত আৰু অশালীন প্ৰশ্ন সুধিছিল ।

লগতে পঢ়ক :Mahua Moitra slams ethics committee : সংসদৰ নৈতিকতা সমিতিক তীব্ৰ সমালোচনা মহুৱা মৈত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.