ETV Bharat / bharat

Love Triangle : ত্ৰিকোণ প্ৰেমৰ নিৰ্মম পৰিণতি, বন্ধুৱে হত্যা কৰিলে বন্ধুক

author img

By

Published : Nov 17, 2022, 1:28 PM IST

Updated : Nov 17, 2022, 2:20 PM IST

এগৰাকী মহিলাৰ প্ৰেমবৃত্তত আবদ্ধ হৈ নিজৰ বন্ধুৱেই হত্যা কৰে তেওঁৰ বন্ধুক (love triangle came into murder) । আৰক্ষীয়ে ইতিমধ্যে মৃত আৰু অভিযুক্ত হত্যাকাৰী দুয়োকে চিনাক্ত কৰিছে । আৰক্ষীয়ে চিচি টিভি ফুটেজৰ জৰিয়তে হত্যাকাৰীক চিনাক্ত কৰে ।

murder
murder

নিউজ ডেস্ক, ১৭ নৱেম্বৰ : পঞ্জাবৰ জলন্ধৰত সংঘটিত হৈছে এক ভয়ানক হত্যাকাণ্ড (murder in Jalandhar Punjub) । চহৰখনৰ ৰে'ল ষ্টেচনৰ বাহিৰত এটা চুটকেচত এটা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত উন্মোচিত হৈছে এক ডাঙৰ ঘটনা (dead body found in a suitcase) । ত্ৰিকোণীয়া প্ৰেমৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ।

ত্ৰিকোণ প্ৰেমৰ নিৰ্মম পৰিণতি, বন্ধুৱে হত্যা কৰিলে বন্ধুক

উল্লেখনীয় যে মঙলবাৰে পুৱা এজন অজ্ঞাত ব্যক্তিয়ে ৰঙা ব্ৰিফকেছ লৈ জলন্ধৰ ৰে'ল ষ্টেচনৰ পৰা ওলাই গৈছিল । ওলাই গৈ তেওঁ এটা স্থানত চুটকেচটো থৈ আঁতৰি যায় (dead body found in Jalandhar railway station) । কিন্তু ব্যক্তিজনৰ চাল-চলন আৰু চুটকেচটোৰ ওপৰত তাত থকা লোকসকলৰ সন্দেহ ওপজে । লগে লগে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে । পৰৱৰ্তী সময়ত আৰক্ষী আহি চুটকেচটো খুলি পৰীক্ষা কৰে । তেতিয়াই ওলাই পৰে এজন ব্যক্তিৰ মৃতদেহ ।

চুটকেচটোৰ ভিতৰত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰৰ পিছত আৰক্ষীয়ে অঞ্চলটো আৰু ষ্টেচনত স্থাপন কৰা চিচি টিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰে । আৰক্ষীয়ে চিচি টিভি ফুটেজৰ পৰা হত্যাকাৰীৰ সন্ধান লাভ কৰে (Police get clue of killer from CCTV footage) ।আৰক্ষীয়ে জনোৱা মতে, মৃত ব্যক্তিজন মহম্মদ ছামিম বুলি চিনাক্ত কৰা হৈছে । মৃত ব্যক্তিজনে যি জলন্ধৰৰ গদাইপুৰ অঞ্চলৰ এটা কাৰখানাত কাম কৰিছিল আৰু বিহাৰৰ বাসিন্দা আছিল ।

ছামিমে গদাইপুৰত এটা কোৱাৰ্টাৰত বাস কৰিছিল । আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা মতে, ছামিমক তেওঁৰেই এজন সহকৰ্মী মহম্মদ আশফাকে হত্যা কৰিছিল । বৰ্তমান আৰক্ষীয়ে উক্ত গোচৰটোত হত্যাকাৰীজনক গ্ৰেপ্তাৰ কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি, ছামিম আৰু আশফাক দুয়োৱে গদাইপুৰৰ এটা কাৰখানাত কাম কৰিছিল আৰু ওচৰৰ কোৱাৰ্টাৰত পৃথক কোঠাত বাস কৰিছিল ।

এগৰাকী মহিলাইও উক্ত কোৱাৰ্টাৰটোত বাস কৰে । ছামিম আৰু উক্ত মহিলাগৰাকীয়ে ইজনে সিজনক ভাল পাইছিল । ছামিমে তেওঁৰ বন্ধু আশফাককো এই বিষয়ে জনাইছিল । কিন্তু সমান্তৰালভাৱে আশফাকেও মহিলাগৰাকীৰ সৈতে সম্পৰ্ক ৰাখিব বিচাৰিছিল । ফলত এক ত্ৰিকোণীয়া প্ৰেমৰ সংঘাত আৰম্ভ হৈছিল আৰু তাকে লৈ দুয়ো বন্ধুৰ মাজত তৰ্ক-বিতৰ্কও হৈছিল । এটা সময়ত এই তৰ্কাতৰ্কি কাজিয়ালৈ ৰূপান্তৰিত হয় । তাৰেই পৰিণতিত আশফাকে ছামিমক হত্যা কৰে ।

ছামিমক হত্যাৰ পিছত আশফাকে তেওঁৰ মৃতদেহটো এটা ডাঙৰ চুটকেচত ভৰাই কৰি জলন্ধৰ ৰে'ল ষ্টেচনৰ বাহিৰত থৈ আহিছিল । কিন্তু আশফাকে জনা নাছিল যে তেওঁৰ সমগ্ৰ কাৰ্যকলাপ কেমেৰাত বন্দী হৈছে । বৰ্তমান আশফাক আৰক্ষীৰ জিম্মাত আছে আৰু আৰক্ষীয়ে তেওঁক জেৰা কৰি আছে ।

লগতে পঢ়ক :Guwahati Mob Lynching : গুৱাহাটীত গণ প্ৰহাৰত মৃত্যু যুৱকৰ

Last Updated : Nov 17, 2022, 2:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.