ETV Bharat / bharat

ক'ভিড-19 : লোকসভা অধ্যক্ষৰ ভাৰ্ছুৱেল বৈঠকৰ আহ্বান - লোকসভা অধ্যক্ষৰ ভাৰ্ছুৱেল বৈঠকৰ আহ্বান

ক'ভিড-19 সৃষ্ট পৰিৱেশ সন্দৰ্ভত আলোছনা কৰাৰ বাবে ভাৰ্ছুৱেল বৈঠকৰ আহ্বান লোকসভা অধ্যক্ষৰ ৷ জনপ্ৰতিনিধিৰ ভূমিকা আৰু দায়িত্ব সন্দৰ্ভত দেশৰ বিধায়িনী দলৰ প্ৰিজাইডিং বিষয়া আৰু অন্যান্য নেতাসকলৰ সৈতে ভাৰ্ছুৱেল বৈঠকত বহিব লোকসভাৰ অধ্যক্ষ ওম বিৰলা ।

মহামাৰীকলৈ ১৯ এপ্ৰিলত লোকসভা অধ্যক্ষৰ ভাৰ্ছুৱেল বৈঠকৰ আহ্বান

author img

By

Published : Apr 15, 2021, 9:34 PM IST

নেশ্যনেল ডেস্ক, ১৫ এপ্ৰিল: দেশৰ ক'ভিড-19 সৃষ্ট পৰিস্থিতি সন্দৰ্ভত 19 এপ্ৰিলত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এক ভাৰ্ছুৱেল বৈঠকৰ আহ্বান কৰিছে । ক'ভিড-19 সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনপ্ৰতিনিধিৰ ভূমিকা আৰু দায়িত্ব সন্দৰ্ভত দেশৰ বিধায়িনী দলৰ প্ৰিজাইডিং বিষয়া আৰু অন্যান্য নেতাসকলৰ সৈতে বৈঠকত বহিব অধ্যক্ষগৰাকী । কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়েও বিৰোধী দলৰ আন নেতাসকলৰ লগত এই বৈঠকত অংশগ্ৰহণ কৰিব।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, বুধবাৰে ভাৰতত দুই লাখতকৈও অধিক সংক্ৰমণৰ নতুন ঘটনা পোহৰলৈ আহিছে । বিগত ২৪ ঘণ্টাত ২ লাখ ৭৩৯ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে কৰ'ণাত ।

বৰ্তমানলৈ দেশত আক্ৰান্ত হৈছে ১ কোটি ৪০ লাখ ৭৪ হাজাৰ ৫৬৪ গৰাকী লোক ৷ ইয়াৰ ভিতৰত ১৪ লাখ ৭১ হাজাৰ ৮৭৭ গৰাকী বৰ্তমান আক্ৰান্ত ৰোগী আছে । ইফালে কৰ'ণাত আক্ৰান্ত হৈ দেশত ২৪ ঘণ্টাত ১,০৩৮ গৰাকী লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক:চিকিৎসালয়ৰ পৰা অব্যাহতি শাৰদ পাৱাৰক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.